Skip to content ডিব্ৰুগড়ত চাঞ্চল্য ! হত্যা নে দুৰ্ঘটনাত মৃত্যু ?
এগৰাকী মহিলাৰ সন্দেহজনক মৃত্যুক লৈ ব্যাপক চাঞ্চল্য
চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ লক্ষীনগৰত আজি বিয়লি সংঘটিত হয় এক
ভয়ংকৰ অঘটন।এগৰাকী মহিলাৰ সন্দেহজনক মৃত্যুক লৈ হৈছে ব্যাপক চাঞ্চল্যৰ।
স্থানীয় একাংশ লোকৰ অভিমত অনুসৰি ঘৰৰ
জামুক পাৰিবলৈ গৈ মৃত্যুক সাৱটিলে ৰীণা দাস নামৰ এগৰাকী বৃদ্ধা মহিলাই।ডিব্ৰুগড় মিলন নগৰ আৰক্ষীচকীৰ অন্তগৰ্ত ২ নং লক্ষীনগৰ নিবাসী কাজল দাসৰ পত্নী ৰীণা দাসে ( ৬০ )নিজৰ ঘৰৰ ছাদৰ কাষত লাগি থকা জামুক চিঙিবলৈ গৈ ছাদৰ ওপৰ পৰা বাগৰি তললৈ পৰি যায়।যাৰ ফলত চাৰিসীমাৰ পকীৱালৰ উলাই থকা লোহাৰ ৰ’ডত ডিঙিটো সোমাই যায়।ফলত মৃত্যু হয় মহিলা গৰাকীৰ।
জানিব পৰা অনুসৰি ঘটনাৰ সময়ত পুত্ৰ-বোৱাৰী আৰু স্বামী কাজল দাস ঘৰত নাছিল। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।উথাপিত অভিযোগ অনুসৰি কিছু বছৰ ধৰি পৰিয়ালৰ লগত মৃত মহিলা গৰাকীৰ কিছু পাৰিবাৰিক সংঘাত আছিল।
ইফালে এটা পক্ষই পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ অনাৰ বিপৰীতে একাংশ স্থানীয়লোকৰ মতে ভৰি পিছলি মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।আনহাতে উক্ত মহিলা গৰাকী কেইবাবছৰ ধৰি স্বামী, পুত্ৰ -বোৱাৰী সৈতে বসবাস কৰা নাছিল।অকলশৰীয়াকৈ লক্ষ্মী নগৰৰ বাসগৃহটোত বাস কৰিছিল মহিলা গৰাকী।
আনহাতে আজি দিনৰ ভাগত সন্দেহ কৰা মতে ঘৰৰ ওপৰৰ ছাদৰ পৰা জামুক চিঙিবলৈ চেষ্টা কৰা সময়ত অসৱধান বশত পৰি যায়।যাৰ বাবে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈ থিতাতে মৃত্যু হয়। ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰা ব্যৱস্থা কৰা লগতে তদন্ত আৰম্ভ কৰিছে।