‘মুম্বাই সে আয়া মেৰা দোষ্ট, দোষ্টকৌ চালাম কৰৌ…’
ডিব্ৰুগড়ত প্ৰশান্ত ফুকনে গীতেৰে আদৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিচক
চাইন অন ডেস্ক:
অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিচক গীতেৰে আদৰিলে ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকনে। ‘মুম্বাই সে আয়া মেৰা দোষ্ট, দোষ্টকৌ চালাম কৰৌ…’ শীৰ্ষক গীতেৰে ভাষণ আৰম্ভ কৰা প্ৰশান্ত ফুকনে দেৱেন্দ্ৰ ফাড়নাবিচৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰে। ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিচে পূৰ্বৰ অভিলেখ ভংগ কৰি অসমত পুনৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ ক্ষমতালৈ আহিব বুলি দাবী কৰে। ডিব্ৰুগড় সদৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ফাড়নাবিচে কয় যে, বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ দিনত অসম
বিকাশৰ দিশে গতি কৰিছে। পূৰ্বৰ অশান্ত অসমত এতিয়া কেৱল শান্তিৰ পৰিৱেশ। অসমীয়াতে ভাষণ আৰম্ভ কৰা দেৱেন্দ্ৰ ফাড়নাবিচে মহাৰাষ্ট্ৰ আৰু অসমৰ মানুহৰ মাজত থকা মাতৃপ্ৰেমৰ নিদৰ্শনৰ কথা উল্লেখ কৰি কয় যে, মাৰাথীসকলে মাতৃক ‘আই’ বুলি সম্বোধন কৰে আৰু অসমীয়াসকলেও ‘আই’ বুলি মাতে মাতৃক। গতিকে মাৰাথী আৰু অসমীয়াৰ মাতৃপ্ৰেম যথেষ্ট মিল আছে। ডিব্ৰুগড় পল্টনবজাৰস্থিত ডিব্ৰুজানত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ফাড়নাবিচে আৰু কয়, এইবাৰ ডিব্ৰুগড়ত প্ৰশান্ত ফুকনে ১ লাখ ভোটৰ ব্যৱধানত বিজয়ী হৈ পুনৰ বিধায়ক হ’ব। এই অভিলেখ কোনোৱেও ভংগ কৰিব নোৱাৰিব। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
শাসনলৈ অহাৰ পাছতে অসমক ‘এ’ ফৰ আপেলৰ মৰ্যাদা দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৫ বাৰ অসমলৈ আহিছে। কিন্তু কংগ্ৰেছ দলৰ যিমান প্ৰধানমন্ত্ৰী হৈছিল, সিমান কংগ্ৰেছী প্ৰধানমন্ত্ৰীসকলেও অসমলৈ অহা নাছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰাৰ উপৰি ডিব্ৰুগড়ত সচিৱালয়, বিধানসভাৰ ভৱন নিৰ্মাণ কৰি বিকাশৰ নতুন গতি প্ৰদান কৰিলে বুলি মন্তব্য কৰে ফাড়নাবিচে। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ
দিনত অসমত ছেমিকণ্ডাক্টৰ, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, নিবনুৱা যুৱক-যুৱতীক সংস্থাপন আদি সম্ভৱ হৈ উঠিল। একেটা প্ৰসংগত ফাড়নাবিচে লগতে কয়, চাহ শ্ৰমিকৰ কল্যাণৰ বাবে কেৱল নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মাই কাম কৰিছে। দুশ বছৰীয়া গোলামী জীৱনৰ পৰা মুক্ত কৰি হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকক ভূমিৰ পট্টা দিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে, অসমত বহুকেইটা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা মহাৰাষ্ট্ৰৰ দেৱেন্দ্ৰ ফাড়নাবিচে আজি ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।