মুম্বাইৰ পৰা মানচেষ্টাৰ আৰু আমষ্টাৰডামলৈ ননষ্টপ বিমান সেৱা আৰম্ভ
ইণ্ডিগ’ই জুলাই মাহৰ পৰা আৰম্ভ কৰিছে
চাইন অন ডেস্ক:
ভাৰতৰ আগশাৰীৰ বিমান সংস্থা ইণ্ডিগ’ই মুম্বাইৰ পৰা মানচেষ্টাৰ আৰু আমষ্টাৰডামলৈ ননষ্টপ বিমান সেৱা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় পদাংক সম্প্ৰসাৰণ কৰি ২০২৫ চনৰ জুলাই মাহৰ পৰা ইউৰোপৰ দুখন ডাঙৰ চহৰৰ সৈতে প্ৰত্যক্ষ সংযোগৰ সুবিধা প্ৰদান কৰিছে।
২০২৫ চনৰ ১ জুলাইৰ পৰা মুম্বাই–মানচেষ্টাৰ ননষ্টপ
ইণ্ডিগ’ই মুম্বাই (বি অ’ এম) আৰু মানচেষ্টাৰ (এম এ এন)ৰ মাজত ভাৰতৰ একমাত্ৰ প্ৰত্যক্ষ বিমান ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, যাৰ ফলত যুক্তৰাজ্যলৈ যোৱা যাত্ৰীসকলৰ বাবে ভ্ৰমণৰ বিকল্প বৃদ্ধি পাইছে।
৬ই ০০৩১ নং বিমানে ০৪:১৫ বজাত মুম্বাইৰ পৰা ৰাওনা হ’ব আৰু ০৯:১৫ বজাত মানচেষ্টাৰত উপস্থিত হ’ব।
মানচেষ্টাৰৰ পৰা ১২:০০ বজাত উভতি আহিব ৬ই ০০৩২ নং বিমান, ০১:৩৫ বজাত মুম্বাইত উপস্থিত হ’ব (+১)।
এই সেৱা সপ্তাহত তিনিবাৰকৈ চলিব: মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰ।
উদ্গনিমূলক ভাড়া:
ইকনমি ক্লাছত: ২৪,৪৯৯ টকা*
ইণ্ডিগো ষ্ট্ৰেচ: ৫১,৯৯৯ টকা*
(বিনামূলীয়া গৰম খাদ্য আৰু পানীয় অন্তৰ্ভুক্ত)
মুম্বাই–আমষ্টাৰডাম ননষ্টপ ২ জুলাই, ২০২৫ৰ পৰা
আন এক মাইলৰ খুঁটি যোগ কৰি ইণ্ডিগ’ই ২ জুলাইৰ পৰা মুম্বাই (বি অ’ এম) আৰু আমষ্টাৰডাম (এ এম এছ)ৰ মাজত প্ৰত্যক্ষ সংযোগৰ কথাও ঘোষণা কৰে।
৬ই ০০২১ নং বিমানখনে মুম্বাইৰ পৰা ০৫:২০ বজাত ৰাওনা হ’ব আৰু ১১:০০ বজাত আমষ্টাৰডামত অৱতৰণ কৰিব।
৬ই ০০২২ নং বিমানখনে ১৪:০০ বজাত আমষ্টাৰডামৰ পৰা ৰাওনা হ’ব, ০১:৫৫ বজাত মুম্বাইত উপস্থিত হ’ব (+১)।
এই সেৱা সাপ্তাহিকভাৱে তিনিবাৰকৈ চলিব: সোমবাৰ, বুধবাৰ, আৰু শুকুৰবাৰ (এএমএছ-বিঅ’এম), আৰু বুধবাৰ, শুকুৰবাৰ আৰু দেওবাৰ (বিঅ’এম-এএমএছ)।
উদ্গনিমূলক ভাড়া:
ইকনমিক ক্লাছত: ২৬,৯৯৯ টকা*
ইণ্ডিগোষ্ট্ৰেচ: ৮৪,৯৯৯ টকা*
(বিনামূলীয়া গৰম খাদ্য আৰু পানীয় অন্তৰ্ভুক্ত)

