ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘সম্প্ৰীতি অসম’ৰ বহুভাষিক কবিতা সন্মিলন সম্পন্ন
ছিন্নমূল অসমীয়াক কবিতাই সম্প্ৰীতিৰে বান্ধিব পাৰিব লাগিবঃসাহিত্যচাৰ্য ড° ভীমকান্ত বৰুৱা
চাইন অন ডেস্ক:
সৎভাৱ, সংহতি, সম্প্ৰীতি আৰু মানৱতাবাদহে এসময়ত কবি আৰু কবিতাৰ উদ্দেশ্য আছিল৷ সাত ভনীৰে অসমীয়াৰ সম্প্ৰীতি আৰু একতা আছিল সি আজি ছিঙি-ভাঙি নাইকিয়া হ’ল৷ ছিন্নমূল হ’ল মানুহ৷ কবিতাৰ জৰিয়তে সেই সম্প্ৰীতি পুনঃ বান্ধিবলৈ কবিসকলে চেষ্টা কৰিলেহে কবিতা চৰ্চাৰ উদ্দেশ্য সাৰ্থক হ’ব৷ – অসমৰ অগ্ৰণী সামাজিক-সাহিত্য অনুষ্ঠান ’সম্প্ৰীতি অসম’ৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাহিত্য বিভাগৰ সহযোগত যোৱা ৮ ফ্ৰেব্ৰুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিলি প্ৰেক্ষাগৃহত অনুষ্ঠিত বহুভাষিক কবিতা সন্মিলন উদ্বোধন কৰি এইদৰে বক্তব্য ৰাখে সাহিত্যচাৰ্য ড° ভীমকান্ত বৰুৱাই৷ সম্প্ৰীতি অসমৰ সভাপতি ইন্দ্ৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই সন্মিলন মুকলি হয় অনুষ্ঠানৰ পদেন সদস্য ড° পবিত্ৰ পেগুৰ মিছিং কবিতা পাঠেৰে৷ ’সমাজ, মানুহ সকলো সুন্দৰ হওক’- এই বাণীৰে অনুষ্ঠিত বহুভাষিক কবিতাৰ সন্মিলনত আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰে আৰু কবিতা পাঠৰ অনুষ্ঠান সঞ্চালনা কৰে’সম্প্ৰীতি অসম’ৰ মুখ্য সম্পাদক ড° মৌচুমী ৰেখা খাউণ্ডে৷ উদ্দেশ্য ব্যাখ্যাৰ প্ৰসংগত ড০ খাউণ্ডে কয়- সাহিত্যৰ
আটাইতকৈ জটিল অথচ ক্ৰিয়াশীল বিধা হ’ল – কবিতা। কবিতাই সমাজ সলনি কৰিব পাৰে,সেয়ে কবিসকলৰ সমাজৰ প্ৰতি দায়বদ্ধ হৈ কবিতা ৰচনা কৰা উচিত। এই অনুষ্ঠানত সহযোগ আগবঢ়ায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাহিত্য আৰু পৰিবেশ্য কলা বিভাগৰ সম্পাদক সৃষ্টি গগৈয়ে৷ অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে লেখক তথা কবি, শিৱসাগৰৰ জাঁজী হেমনাথ শৰ্মা কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° প্ৰাঞ্জল প্ৰতিম বড়া আৰু নাহৰকটীয়া কলেজৰ সহকাৰী অধ্যাপক ড° পৰেশ খনিকৰে৷ অনুষ্ঠানৰ দ্বিতীয় পৰ্বত অনুষ্ঠিত হোৱা বহুভাষিক কবিতা সন্মিলনৰ আৰম্ভণিতে ড° পৰেশ খনিকৰে কবিতা আৰু সমাজৰ সম্পৰ্ক শীৰ্ষক বক্তৃতা প্ৰদান কৰে ৷ আনহাতে, কবিতা পাঠৰ অনুষ্ঠানত পৰ্য্যবেক্ষক হিচাপে উপস্থিত থাকি ড° প্ৰাঞ্জল প্ৰতিম বড়াই অসমীয়া, ইংৰাজী আৰু বিভিন্ন জাতি-জনগোষ্ঠীয় ভাষাৰ কবিতাৰ আলোচনা কৰাৰ লগতে কবিতাৰ সন্মিলনত পাঠ কৰা ৩২গৰাকী কবিৰ কবিতাৰ সম্পৰ্কত ব্যাখ্যা আগবঢ়ায়৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ অধ্যাপিকা ড° প্ৰতিমা বড়ো, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° চুলতানা হাজৰিকা, শিৱসাগৰৰ বিশিষ্ট কবি অশ্ৰুমণি দত্ত ঘোষৰ লগতে বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ নিহাৰ নাৰ্জাৰী, পূৰ্ণ ব্ৰক্ষ্ম, লংৱানা বসুমতাৰী, কবিতা বসুমতাৰী, বিশ্ববিদ্যালয়ৰ ছাত্ৰী সৃষ্টি গগৈ, সীমাশ্ৰী চাংমাই, সন্ধ্যা ছেত্ৰী, অংগনা মহন্ত,
দিপান্বিতা শৰ্মা, পৰিস্মিতা কলিতা, শিক্ষয়িত্ৰী ৰশ্মিৰেখা খাউণ্ড, অজন্তা দাস, ৰাজশ্ৰী সেনাপতি গগৈৰ লগতে বিশিষ্ট কবি নিতু গোস্বামী, জুলি দত্ত, মামণি শৰ্মা, নিবেদিতা চুতীয়া, আনন্দ কলিতা, দীপিকা বৰা, টিপাই কুমাৰ ফুকন, পদ্মা খনিকৰ, ইভা গন্ধিয়া ফুকন, ৰুমি ফুকন বুঢ়াগোহাঁই, ৰীণা দত্ত ভৰালী, কনকচম্পা বুঢ়াগোহাঁই, কৃতাঞ্জলি মেধি শৰ্মা, তুলুমণি বৰুৱাকে আদি কৰি অৰ্ধ শতাধিক কবিয়ে বিভিন্ন ভাষাত কবিতা পাঠ কৰাৰ লগতে মঞ্জু গগৈয়ে গীত পৰিবেশন কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট কবি, নাট্যকাৰ ৰফিকুল হুছেইনৰ আকস্মিক মৃত্যুত মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ সভাপতি ইন্দ্ৰ গগৈয়ে আদৰণী ভাষণ প্ৰদান কৰি সম্প্ৰীতি অসমৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে কয় আৰু সভাপতি মন্তব্যত সকলোৰে সহযোগিতাৰ বাবে শলাগ জ্ঞাপন কৰি সভা ভঙ্গ ঘোষণা কৰে।