মটক জনগোষ্ঠীক জনজাতিকৰণ কৰা দাবী
সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট
চাইন অন ডেস্ক:
মটক জনগোষ্ঠীক জনজাতিকৰণ কৰা দাবীত
সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ ডিব্ৰুগড়ত আজি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন।
দাবী সমূহৰ ভিতৰত আছে ক্ৰমে-
🎯মটক জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিৰ মৰ্য্যদা প্রদান কৰা।
🎯মটক জনগোষ্ঠীক পূর্ণ স্বায়ত্ত শাসন প্রদান কৰা।
🎯ডিব্ৰুগড় জিলাৰ গৰাখহনীয়া সমস্যা বিজ্ঞানসন্মতভাৱে ৰোধ কৰা।
🎯 আলফা সমস্যা শান্তি আলোচনাৰ জৰিয়তে অতিশীঘ্রে স্থায়ী ৰাজনৈতিক সমাধান সুনিশ্চিত কৰা।
🎯 সদ্যঘোষিত ডিব্রুগড় মহানগৰৰ কৃত্রিম বানপানীৰ সমস্যা ৰোধ কৰাৰ লগতে আন্তঃগাঁঠনিৰ উন্নয়ন শীঘ্ৰতৰ কৰা।
🎯ডিব্রুগড় জিলাত অসম চৰকাৰৰ নিকায়, নিগম সমূহত মটক প্রার্থীৰ বাবে আসন সংৰক্ষণ কৰা।
🎯ডিব্ৰুগড় জিলাত ড্রাগছৰ অবাধ প্ৰচলন ৰোধ কৰা।
🎯ডিব্ৰুগড় জিলাৰ দুলীয়াজান অইল ইণ্ডিয়াত মটক অধ্যুষিত যুৱক-যুৱতীক নিযুক্তিকৰণত অগ্রাধিকাৰ দিয়া।
🎯ডিব্ৰুগড় মহানগৰৰ যান-জট ৰোধ কৰাৰ ব্যবস্থা গ্রহণ কৰাৱ
🎯অসম চুক্তি ৰূপায়েনেৰে বিদেশী প্ৰব্ৰজনকাৰী সমস্যা স্থায়ী সমাধান কৰা।
এই দহ দফীয়া দাবীত আজি
সদৌ অসম মটক যুৱ-ছাত্র সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড় চৌকিডিঙ্গী চাৰিআলিত দিনৰ ১১ বজাৰ পৰা তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।
শীঘ্ৰে এই দাবী সমূহ কাৰ্যকৰী নকৰিলে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হুংকাৰ প্ৰদান কৰে।