...

প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক অৱতৰণৰ বাবে মৰাণৰ ই এল এফ (ELF) সাজু

Spread the love

প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক অৱতৰণৰ বাবে মৰাণৰ ই এল এফ (ELF) সাজু

 

মুখ্যমন্ত্ৰীৰ চৰজমিন পৰিদৰ্শন

 

চাইন অন ডেস্ক:

অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক ভ্ৰমণৰ পূৰ্বে বৃহস্পতিবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ মৰাণত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ সুবিধা (Emergency Landing Facility – ELF) কেন্দ্ৰৰ চুড়ান্ত পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ বিমানখনে পোনপটীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এক ঐতিহাসিক অৱতৰণ কৰিব।

প্ৰধানমন্ত্ৰীৰ এই যুগান্তকাৰী ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰীগৰাকী উচ্চপদস্থ বিষয়াসকলৰ সৈতে সন্ধিয়া ৬.২০ বজাত ই এল এফ (ELF) স্থানত উপস্থিত হয়। উত্তৰ-পূব ভাৰতৰ কোনো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মিত বিমান ঘাটিত অৱতৰণ কৰা মোদী হ’ব দেশৰ প্ৰথমজন কাৰ্যৰত প্ৰধানমন্ত্ৰী। ভ্ৰমণকালত মোদীয়ে এই কৌশলগত সুবিধাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু ভাৰতীয় বায়ু সেনাৰ ৩০ মিনিটৰ এক আকাশী প্ৰদৰ্শন প্ৰত্যক্ষ কৰিব।
মূল কাৰ্যসূচীৰ সুচাৰু পৰিচালনা নিশ্চিত কৰিবলৈ বৃহস্পতিবাৰে একেৰাহে দ্বিতীয় দিনাও যুঁজাৰু বিমান আৰু অন্যান্য বিমানেৰে আখৰা (Dress Rehearsal) সম্পন্ন কৰা হয়। বুধবাৰে সুখয়-৩০ (Sukhoi-30), ৰাফেল (Rafale), থলুৱা তেজস (Tejas) যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ (Hercules) ট্ৰেন্সপৰ্টাৰ আৰু এণ্টনভ এ এন-৩২ (Antonov AN-32) বিমানে বিশেষভাৱে নিৰ্মিত ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ঘাইপথৰ ৰানৱেত অৱতৰণ আৰু উৰণৰ চমকপ্ৰদ কৌশল প্ৰদৰ্শন কৰিছিল।
বৃহস্পতিবাৰৰ আখৰাও প্ৰত্যক্ষ কৰিবলৈ স্থানীয় লোকৰ প্ৰৱল ভিৰ পৰিলক্ষিত হয়। বিশেষকৈ ছাত্ৰ-ছাত্ৰী, শিশু আৰু আবাল-বৃদ্ধ-বনিতা এন এইচ-১২৭ (NH-127) ৰ কাষত থকা ই এল এফৰ বিভিন্ন স্থানত উপস্থিত হৈ এই ঐতিহাসিক আকাশী কছৰৎ উপভোগ কৰে। এটাৰ পিছত এটাকৈ বিমানে ৰানৱে স্পৰ্শ কৰি পুনৰ আকাশলৈ উৰা মৰাৰ দৃশ্য দেখি উপস্থিত জনতাই আনন্দত উল্লাস প্ৰকাশ কৰে।
ভাৰতীয় বায়ু সেনাৰ বাবে এই জৰুৰীকালীন অৱতৰণ সুবিধা (ELF) এক গুৰুত্বপূৰ্ণ কৌশলগত মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। জৰুৰীকালীন অৱস্থা বা যুদ্ধৰ সময়ত যদি পৰম্পৰাগত বিমানঘাটিসমূহ ব্যৱহাৰৰ অনুপযোগী হয়, তেন্তে ই সামৰিক বিমানৰ বাবে এক বিকল্প ৰানৱে প্ৰদান কৰিব। এই সুবিধাই উত্তৰ-পূবৰ দৰে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলত দেশৰ সুৰক্ষা আন্তঃগাঁথনিক অধিক শক্তিশালী কৰিব।
১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ বিমানখনে মৰাণৰ ই এল এফত পোনপটীয়াকৈ অৱতৰণ কৰি এক নতুন ইতিহাস ৰচনা কৰিব। অৱতৰণৰ পিছতে মোদীয়ে কেন্দ্ৰটো উদ্বোধন কৰাৰ লগতে এক বিমান প্ৰদৰ্শন (Air show) পৰ্যবেক্ষণ কৰিব।
আখৰা আৰু মূল কাৰ্যসূচীৰ বাবে কৰ্তৃপক্ষই এন এইচ-১২৭ (NH-127) ৰ যান-বাহনসমূহ মৰাণ নগৰৰ মাজেৰে পুৰণি এন এইচ-৩৭ (NH-37) লৈ ডাইভাৰ্ট কৰিছে। যোৱা ৬ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা এই নিৰ্দেশনা ১৪ ফেব্ৰুৱাৰীলৈকে বাহাল থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *