প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি
মনোহাৰী বাগিচাৰ ৩০ গৰাকী শ্ৰমিক অযোধ্যা-বাৰাণসী দৰ্শনৰ বাবে যাত্ৰা
চাইন অন ডেস্ক:
কথা দিয়ামতেই কথা ৰাখিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অযোধ্যাৰ ৰাম মন্দিৰ আৰু বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰিবলৈ ৰাওনা হ’ল ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ ৩০ গৰাকী মহিলা শ্ৰমিক। ‘মিছন চাহ শ্ৰমিক ভাৰত দৰ্শন’ আঁচনিৰ অধীনত প্ৰয়াত জাবৰমল লোহিয়া চেৰিটেবল ট্ৰাষ্ট আৰু অশোক সিংহাল ফাউণ্ডেশ্যনৰ সৌজন্যত কালি পুৱাই অবধ আসাম এক্সপ্ৰেছৰ জৰিয়তে অযোধ্যালৈ ৰাওনা হয় শ্ৰমিকৰ দলটো। ১ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে মনোহাৰী বাগিচাৰ ১৯ গৰাকী মহিলা শ্ৰমিকৰ সৈতে বাৰ্তালাপ কৰি অযোধ্যা আৰু বাৰাণসীলৈ যোৱাৰ আগ্ৰহৰ কথা সুধিছিল। প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণক্ৰমে কালি মনোহাৰী বাগিচাৰ মহিলা শ্ৰমিকসকলে ৰাম মন্দিৰ আৰু কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰিবলৈ কালি যাত্ৰা আৰম্ভ কৰিছে।


