...

মহাকাশচাৰী শুভাংশু শুক্লাৰ সাক্ষাৎ প্রধানমন্ত্রী মোডীক

Spread the love

 

 

মহাকাশচাৰী শুভাংশু শুক্লাৰ সাক্ষাৎ প্রধানমন্ত্রী মোডীক

 

নতুন দিল্লী:

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই পৰহি নিজ দেশৰ মাটিত ভৰি থোৱাৰ পিচতে কালি মহাকাশচাৰীগৰাকীক লৈ সংসদত বিশেষ আলোচনা হয়। উল্লেখযোগ্য যে ভোট চুৰিৰ অভিযোগত সংসদত বিৰোধীয়ে পৰিবেশ উত্তাল কৰি তোলাৰ সময়তে লোকসভাত দুপৰীয়া ২ বজাত ভাৰতীয় বায়ুসেনাৰ গ্রুপ কেপ্টেইন শুভাংশু শুক্লাৰ মহাকাশ যাত্ৰাৰ সফল অভিযানৰ ওপৰত বিশদ আলোচনা হয়।

ইপিনে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই দিল্লীৰ ৭ লোককল্যাণ মার্গত থকা প্রধানমন্ত্রীক চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি আলোচনাত ভাগ লয়। প্রধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত সাক্ষাতৰ কালত মহাকাশচাৰী শুক্লাই আন্তর্জাতিক মহাকাশ ষ্টেচনলৈ নিজাকৈ নিয়া ৰাষ্ট্ৰীয় পতাকাখন প্রধানমন্ত্রীক উপহাৰ হিচাপে আগবঢ়ায়।

এই উপহাৰ লাভ কৰি প্ৰধানমন্ত্ৰী মোডী আৱেগিক হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে কাৰিকৰী সাফল্যৰ বাবেই নহয়, ধৰাৰ সিপাৰৰ সপোন দেখাৰ বাবে এটা প্ৰজন্মক অনুপ্ৰেৰণা যোগোৱাৰ বাবে মহাকাশচাৰী শুক্লাৰ প্ৰশংসা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *