হিংসাজৰ্জৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত নিৰাপত্তাহীনতাত সংখ্যালঘূ
বাংলাদেশত পুনৰ হিন্দু যুৱকক নৃশংস হত্যা
মৈমনসিঙৰ পাশবিক কাণ্ডৰ পুনৰাবৃত্তিঃপ্রাণ হেৰুৱালে ২৯ বছৰীয়া অমৃত মণ্ডলে
চাইন অন ডেস্ক:

বুধবাৰে নিশাৰ সেই ঘটনাটোৰ পিছতে ছেলিম শেখ নামৰ অমৃতৰ এজন সহযোগীকো ধৰি উত্তেজিত জনতাই আৰক্ষীৰ হাতত গতাই দিয়ে। যুৱকজনৰ পৰা দুটা আগ্নেয়াস্ত্র পোৱা গৈছে বুলিও দাবী কৰে আৰক্ষীয়ে। স্থানীয় থানাৰ অ’চি শেইখ মইনুল ইছলামে কয় যে নিহত অমৃতৰ নামত হত্যাৰ অভিযোগসহ কেইবাটাও গোচৰ আছে। নিহত যুৱকজনৰ সহযোগী ছেলিমৰ পৰা এটা পিষ্টল আৰু এটা গানো উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে দাবী কৰে। আৰক্ষীয়ে প্রকাশ কৰা মতে, দলবদ্ধ হিংসাৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ পূর্বে অমৃত মণ্ডলে ধন দাবী কৰা বুলি স্থানীয় বাসিন্দাসকলে দাবী কৰে। আৰক্ষীৰ মতে, অমৃত মণ্ডল আছিল ‘সম্রাট বাহিনী’ নামৰ এটা স্থানীয় গোটৰ নেতা আৰু তেনেদৰেই তেওঁৰ নাম আৰক্ষীৰ নথিত লিপিবদ্ধ আছে। যুৱকজন আছিল হোছাইডাংগা গাঁৱৰ বাসিন্দা অক্ষয় মণ্ডলৰ পুত্র। আৰক্ষী সূত্রই প্রকাশ কৰা মতে, মণ্ডল আৰু তেওঁৰ সহযোগীসকলে ছাহিদুল ইছলাম নামৰ এজন স্থানীয় বাসিন্দাৰ ঘৰলৈ গৈ সেইদিনা নিশা ধন দাবী কৰিছিল আৰু পৰিয়ালটোৰ লোকসকলে চোৰ চোৰ বুলি চিঞৰ-বাখৰ কৰাত তৎক্ষণাত ওচৰ-চুবুৰীয়াই ঘেৰি ধৰি যুৱকজনক কৰায়ত্ত কৰি মাৰপিট কৰে। ৰাইজৰ মাৰপিটত মণ্ডল ঘটনাস্থলীতে নিহত হয় আৰু তেওঁৰ লগৰীয়াসকলে পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু এই ঘটনাত জড়িত লোকসকলক চিনাক্ত কৰাৰ অভিযান আৰম্ভ কৰিছে। ঘটনাটোৱে অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে আৰু ভৱিষ্যতে হ’ব পৰা অস্থিৰতা বোধ কৰাৰ বাবে অতিৰিক্ত আৰক্ষী বাহিনী অঞ্চলটোত মোতায়েন কৰা হৈছে। জ্যেষ্ঠ আবক্ষী অধীক্ষক মহম্মদ হেলালুদ্দিনে নিশ্চিত কৰিছে যে মণ্ডলৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজবাৰী সদৰ হাস্পতাললৈ প্রেৰণ কৰা হৈছে। তেওঁ লগতে কয়, ‘এইটো এটা দুঃখজনক জীৱননাশৰ ঘটনা, কিন্তু তদন্ততহে ওলাই পৰিব অপৰাধমূলক কার্যকলাপটোৰ ধৰণ-কৰণ। উল্লেখ্য যে যোৱা ১৮ ডিচেম্বৰত দীপু চন্দ্র দাস নামৰ এজন যুৱকক ইছলাম সন্দর্ভত অপমানসূচক মন্তব্য কৰাৰ অভিযোগ তুলি মৈমনসিং জিলাৰ ভালুকাত এদল উন্মত্ত জনতাই মৰিয়াই মৰিয়াই হত্যা কৰি পিছত মৃতদেহটো জ্বলাই দিয়াৰ দৰে অমানবীয় ঘটনা ঘটাৰ পিছত বাংলাদেশত এনেদৰে আন এজন হিন্দু যুৱকক দলবদ্ধভাৱে আক্রমণ কৰি হত্যা কৰা হ’ল।