...

নাবালিকা অপহৰণ আৰু কুকাণ্ড

Spread the love

নাবালিকা অপহৰণ আৰু কুকাণ্ড

গোলকগঞ্জ আৰক্ষীৰ জালত আবেদুৰ

*ধুবুৰী:*

ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত এটা অঞ্চলৰ এগৰাকী নাবালিকাক অপহৰণ কৰি কুকাণ্ড কৰাৰ অভিযোগত এজন যুৱক গ্ৰেপ্তাৰ হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, নাবালিকা গৰাকীৰ পৰিয়ালে গোলকগঞ্জ থানাত দাখিল কৰা অভিযোগৰ ভিত্তিত ৩১২/২৫ নম্বৰৰ ভৰতীয় ন্যয় সংহিতাৰ অধীনত U/S 87/12(2)/64/3(5) BNS R/W Sec 6 of POCSO act এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছিল। সেই তদন্তৰ ভিত্তিত যোৱাকালি গোলকগঞ্জ আৰক্ষীয়ে লম্পট আবেদুৰ ৰহমান নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ। উল্লেখ্য যে, আবেদুৰৰ সহযোগী ৰূপে থকা আন এজন যুৱক বৰ্তমানেও পলাতক।

Leave a Reply

Your email address will not be published. Required fields are marked *