পেহেলগামত নিহত শুভম দ্বিবেদীৰ পৰিয়ালক সাক্ষাৎ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
মন্ত্ৰী দাসে শুভম দ্বিবেদীৰ পৰিয়ালক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত ড° বিশ্ব শৰ্মা আৰু ৰাজ্যবাসীৰ হৈ ৫ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰে
লক্ষ্ণৌঃ
কাশ্মীৰৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা শুভম দ্বিবেদীৰ পৰিয়ালক আজি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সাক্ষাৎ কৰে। এ এন আইৰ সৈতে হোৱা কথা-বতৰাত দাসে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যবাসীৰ হৈ শোক প্ৰকাশ কৰে। ৰঞ্জিত দাসে কয়, “অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আমাক ৰাজ্যবাসীৰ হৈ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালক লগ কৰিবলৈ কৈছিল।মৃতকৰ পৰিয়ালৰ সদস্যক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ মোক পঠিয়াইছে।মই পৰিয়ালটোক আশ্বাস দিছো যে অসমৰ জনসাধাৰণ আৰু ৰাজ্য চৰকাৰে তেওঁলোকৰ সৈতে সদায় থিয় দিব ।”
শুভম দ্বিবেদীৰ বিধবা পত্নী ঐশ্ন্য দ্বিবেদীয়ে অসম চৰকাৰৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
“তেওঁলোক আমাৰ ইয়ালৈ আহিছিল, শুভমক শ্ৰদ্ধাঞ্জলি জনাই আমাৰ পৰিয়ালক সহায় আৰু সহানুভূতি আগবঢ়াবলৈ । তেওঁলোকে আমাৰ সৈতে অতি সুন্দৰকৈ কথা পাতিছিল।তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছো”— ঐশ্ন্য দ্বিবেদীয়ে কয়।
শুভমে ২০২৫ চনৰ ১২ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হয়। তেওঁ নৱ-বিবাহিত পত্নীৰ লগত ফুৰিবলৈ গৈ ২২ এপ্ৰিলত পেহেলগামৰ বৈছাৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত কৰা আক্ৰমণত নিহত হয় । পেহেলগামৰ এই ভয়াবহ সন্ত্ৰাসবাদী আক্ৰণমত শুভমকে ধৰি ২৫ জন ভাৰতীয় নাগৰিক আৰু এজন নেপালী নাগৰিক নিহত হয় । আনহাতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ।
২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত এই আক্ৰমণ উপত্যকাটোত সংঘটিত হোৱা অন্যতম ভয়াহহ আক্ৰমণ । তাৰ পিছতে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে যোৱা ৭ মে’ত অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰে আৰু পাকিস্তানে দখল কৰা কাশ্মীৰ (POJK)ৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি আঘাত হানে । ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পৰৱৰ্তী সময়ত পাকিস্তানৰ আগ্ৰাসনৰ প্ৰতি ফলপ্ৰসূ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াৰ বিমান ঘাটিসমূহত আঘাত হানে।পাকিস্তানৰ ডি জি এম অ’ই ভাৰতীয় সমকক্ষক কৰা আহ্বানৰ পিছতে দুয়োখন দেশে সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ বাবে বুজাবুজিত উপনীত হয়।