...

অসম গেচ কোম্পানী আৰু ভাৰত চৰকাৰৰ চেণ্টাৰ ফ’ৰ ডেভেল’পমেন্ট অৱ এডভাঞ্চ কম্পিউটিং (C-DAC) ৰ মাজত বুজাবুজিৰ চুক্তি

Spread the love

অসম গেচ কোম্পানী আৰু ভাৰত চৰকাৰৰ চেণ্টাৰ ফ’ৰ ডেভেল’পমেন্ট অৱ এডভাঞ্চ কম্পিউটিং (C-DAC) ৰ মাজত বুজাবুজিৰ চুক্তি

 

দুলীয়াজান:

বিভিন্ন দিশৰ প্ৰযুক্তিগত উন্নয়ন তথা ন-উদ্ভাৱনৰ দিশে অগ্ৰসৰ হোৱাৰ উদ্দেশ্যে অসম গেচ কোম্পানী লিমিটেড আৰু ভাৰত চৰকাৰৰ ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্ৰণালয়ৰ অধীনস্থ চেণ্টাৰ ফ’ৰ ডেভেল’পমেন্ট অৱ এডভাঞ্চ কম্পিউটিং (C-DAC) ৰ মাজত আজি আনুষ্ঠানিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়।
এই উপলক্ষে শুকুৰবাৰে অসম গেচ কোম্পানীৰ সভাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানত দুয়োটা প্রতিষ্ঠানৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে অসম গেচ কোম্পানীৰ পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰী আৰু C-DAC – ৰ উত্তৰ পূবৰ সঞ্চালক জিতেশ চৌধুৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে অসম গেচ কোম্পানীৰ অধ্যক্ষ তথা শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতীয়া, উপাধ্যক্ষ ইন্দ্ৰ গগৈ, সঞ্চালক (স্বতন্ত্ৰ) ধীৰেন সন্দিকৈ, মুখ্য মহাপ্ৰৱন্ধক ৰুবুল বৰুৱা ।
স্বাক্ষৰিত হোৱা এই বুজাবুজি চুক্তিৰ মূল উদ্দেশ্য হ’ল C-DAC য়ে উদ্ভাৱন কৰা অত্যাধুনিক কাৰিকৰী প্ৰযুক্তি ব্যৱহাৰ কৰি অসম গেচ কোম্পানীৰ বিভিন্ন দিশৰ কাৰ্যপদ্ধতি, সুৰক্ষা তথা গ্রাহক সেৱা উন্নত তথা শক্তিশালী কৰা। দুয়োটা প্রতিষ্ঠানৰ মাজত স্বাক্ষৰিত হোৱা এই চুক্তিৰ জৰিয়তে গুৰুত্বপূৰ্ণ আঠোটা দিশ সামৰি লোৱা লগতে C-DAC য়ে অসম গেচ কোম্পানীৰ বিভিন্ন ক্ষেত্ৰত তথা পাইপলাইনৰ কার্যক্ষমতা নিৰীক্ষণ, স্বয়ংক্রিয় মিটাৰ ৰিডিং তথা ডিজিটেল গ্রাহক সেৱা ইত্যাদি দিশত বিভিন্ন অত্যাধুনিক প্রযুক্তি তথা ডিভাইছ প্ৰস্তুত কৰিব যাৰ জৰিয়তে অসম গেচ কোম্পানীৰ কাৰিকৰী কাৰ্যকৰী দক্ষতা বৃদ্ধি হ’ব আৰু সামগ্ৰিক কাম কাজ সমূহ ক্ষিপ্ৰতাৰে কৰিবলৈ সক্ষম হ’ব।
ইয়াৰোপৰি জৰুৰীকালীন পৰিস্থিতিত তৎপৰতাৰে কাম কৰিব পৰাকৈ অসম গেচ কোম্পানীত ভইচ ৰেকৰ্ড কৰিব পৰা জৰুৰীকালীন সহাঁৰি প্ৰযুক্তিৰ উদ্ভাৱন তথা প্রয়োগ, কোম্পানীৰ বিভিন্ন গেছ পৰিবহন ব্যৱস্থা আদিত গেছ নির্গমন, জুই জ্বলা ধোঁৱা ওলোৱা আদি ভয়ানক পৰিস্থিতিৰ সৈতে মুকাবিলা কৰিবলৈ সঠিক সময় মতে ধৰা পেলোৱা আৰু সংকট সমূহ অগ্নি নির্বাপক বিভাগলৈ প্ৰেৰণ কৰিবলৈ এড্‌জ (Edge Technology) প্ৰযুক্তিৰ বিকাশ তথা প্রয়োগ, নতুনকৈ গেছ সংযোগ, বিলৰ বিষয়ে অনুসন্ধান আৰু বিল পৰিশোধ গ্রাহকে সহজে নিজে কৰিব পৰাকৈ “কিয়স্ক” (Kiosks system) প্ৰযুক্তিৰ বিকাশ তথা প্রয়োগ, অসম গেচ কোম্পানীৰ তেল আৰু চি এন জি গেছৰ খুচুৰা বিপণন কেন্দ্র সমূহত নিজে তেল-গেছ ভৰাব পৰা ব্যৱস্থাৰ বাবে অত্যাধুনিক প্রযুক্তিৰ উদ্ভাৱন তথা প্রয়োগ ইত্যাদি গুৰুত্বপূৰ্ণ বিষয়সমূহ চুক্তিখনত সামৰি লোৱা হৈছে। অসম গেচ কোম্পানীৰ এই পদক্ষেপে ঘৰুৱা, ব্যৱসায়িক আৰু উদ্যোগিক উপভোক্তা সকলকো যথেষ্ট উপকৃত কৰিব বুলি আশান্বিত।
(কৃষ্ণা গগৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *