...

ডিব্ৰুগড়ত ‘মেলডি ৱেব মিউজিক একাডেমি’ৰ মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠান

Spread the love

ডিব্ৰুগড়ত ‘মেলডি ৱেব মিউজিক একাডেমি’ৰ মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠান

*চাইন অন ডেস্ক:*

ডিব্ৰুগড় মহানগৰৰ কছাৰীবাৰীস্থিত অন্যতম সংগীত শিক্ষাৰ অনুষ্ঠান ‘মেলডী ৱেব মিউজিক একাডেমি’য়ে সোমবাৰে সন্ধিয়া ডিব্ৰুগড়বাসীক উপহাৰ দিলে এক মনোজ্ঞ সংগীত অনুষ্ঠানৰ৷ তদুপৰি সংগীতৰ স’তে জড়িত বহুকেইগৰাকীক জনালে সম্বৰ্ধনা৷ ২০০০ বৰ্ষতে শাস্ত্ৰীয় সংগীতৰ বিশাৰদপ্ৰাপ্ত কণ্ঠশিল্পী নিজৰা ডেকাৰ পৰিচালনাত স্থানীয় লক্ষ্মীনাথ বেজবৰুৱা ভৱন প্ৰেক্ষাগৃহত আয়োজিত উক্ত অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত শিল্পী ভূপেন হাজৰিকা, জু্‌বিন গাৰ্গ, ছৈয়দ চাদুল্লা, বাঁহীবাদক দীপক শৰ্মা, কণ্ঠশিল্পী, সাংস্কৃতিক কৰ্মী বিপুল ফুকনৰ প্ৰতিচ্চবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সংগীতজ্ঞ প্ৰশান্ত বৰদলৈ, বিশিষ্ট কণ্ঠশিল্পী ৰাজেন গোহাঁই, সুৰেশ হাতীমুৰীয়া আৰু জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই৷ ইয়াৰ পিছতে ৰাজেন গোহাঁয়ে অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰি শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ প্ৰশান্ত বৰদলৈয়েও শুভেচ্ছামূলক বক্তব্য আগবঢ়োৱা মনোজ্ঞ অনুষ্ঠানটিত উল্লিখিত অতিথিবৃন্দৰ উপৰিও সংগীত কণ্ঠশিল্পী শান্তনা বৰুৱা, চৈয়দা জুৰি ৰহমান, জুপিতৰা বৰঠাকুৰ, ভূৱন গগৈ, দুলেন দত্ত, লোকশিল্পী উপেন দাস, বাদ্যশিল্পী তথা সাংস্কৃতিক কৰ্মী দেৱজিৎ গগৈ, বকুল দাস, শান্তনু বৰঠাকুৰ, স্বাক্ষৰ শৰ্মা, ইন্দ্ৰজিৎ কোঁৱৰ, প্ৰাঞ্জল শইকীয়া, নৃত্যশিল্পী ৰুবী গগৈ সন্দিকৈৰ লগতে জেউতি মৰল সংঘৰ সভাপতি মনোজ বৰুৱা আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, শুভাকাংক্ষী প্ৰণালী ফুকন, অজুৰ্ন শ্বাহ, আশা শ্বাহক গামোচা আৰু চেলেঙেৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ লগতে শিল্পীগৰাকীৰ পিতৃ-মাতৃ ক্ৰমে ভোলানাথ ডেকা আৰু পদুমী ডেকাকো সম্বৰ্ধনা জ্ঞাপন কৰে সংগীত শিক্ষাৰ অনুষ্ঠানটিয়ে৷ ইয়াৰ পিছতে শিক্ষাৰ্থীসকলে দলীয়ভাৱে গীতাৰ শ্লোক, ভূপেন হাজৰিকা, জুবিন গাৰ্গ, চৈয়দ ছাদুল্লাৰ কেইবাটাও নিৰ্বাচিত গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷ আনহাতে নৱপ্ৰজন্মৰ শিল্পী অন্বেষা ফুকন, নিবিড় বৰপাত্ৰ গোহাঁই, অৰ্পনাঅন্বেষা দাস, মানসী পাইক, মীনাক্ষি শৰ্মা, মহৰ্ষি কাশ্যপৰ প্ৰত্যেকে দুটিকৈ ভিন্ন শিল্পীৰ জনপ্ৰিয় গীত পৰিৱেশন কৰি সন্ধিয়াটি জীপাল কৰি তোলে৷ ইয়াৰ লগতে শিশুশিল্পী কৃষ্টিনা কাশ্যপৰ জুবিনৰ গীতৰ লগতে নৃত্যশিল্পী ৰুবী গগৈ সন্দিকৈৰ পৰিচালিত টাই গীতৰ আধাৰত দলীয় নৃত্য আৰু শতাব্দী লাহনৰ নৃত্যানুষ্ঠানে সকলোৰে মন মোহিবলৈ সক্ষম হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *