মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাত উত্তেজনা!
জিএইচএডিচি নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই উত্তেজনা
দক্ষিণ শালমাৰা–মানকাচৰত মোবাইল ইণ্টাৰনেট সেৱা বন্ধৰ নিৰ্দেশ অসম চৰকাৰৰ
চাইন অন ডেস্ক:
মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাত জিএইচএডিচি নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অগ্নিগৰ্ভ পৰিৱেশে অসমৰ সীমান্তৱৰ্তী জিলা দক্ষিণ শালমাৰা -মানকাচৰ জিলাৰ জনশান্তি আৰু আইন-শৃঙ্খলা বিঘ্নিত কৰাৰ সম্ভাৱনা থকাৰ প্ৰেক্ষাপটত অসম চৰকাৰে জিলাখনত মোবাইল ইণ্টাৰনেট আৰু ডাটা সেৱা তৎকালীন ভাবে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা বুলি জানিব পৰা গৈছে। যোৱা কালি ১০ মাৰ্চৰ দিনা অসম চৰকাৰৰ ৰাজনৈতিক (এ) বিভাগে জাৰি কৰা সেই চৰকাৰী জাননীখনত বিগত ৯ মাৰ্চৰ দিনা মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ
