ডিব্ৰুগড়ত বিধানসভা সমষ্টি ভিত্তিক মেগা স্বাস্থ্য শিবিৰ
১৮ ছেপ্টেম্বৰত চাবুৱাৰ ডি ডি আৰ কলেজত শুভাৰম্ভণি হ’ব
ডিব্ৰুগড়ত সৰ্বমুঠ ৬ খন মেগা স্বাস্থ্য শিবিৰ
চাইন অন ডেস্ক:
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাধাৰা তথা নেতৃত্বত আৰু মাননীয় স্বাস্থ্যমন্ত্রী অশোক সিংঘাল ডাঙৰীয়াৰ নির্দেশনাত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ছেপ্টেম্বৰ মাহৰ পৰা সমগ্ৰ ৰাজ্যজুৰি বিধানসভা সমষ্টি ভিত্তিক মেগা স্বাস্থ্য শিবিৰ আৰম্ভ কৰিবলৈ সাজু হৈছে৷ তাৰে অংশ হিচাপে ডিব্ৰুগড় জিলাত অহা ১৮ ছেপ্টেম্বৰত চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত ডি ডি আৰ মহাবিদ্যালয়ত প্ৰথমটো মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব । এই মেগা স্বাস্থ্য শিবিৰ সমূহত ১৮ বছৰৰ তলৰ শিশু আৰু কিশোৰ – কিশোৰীক বিস্তৃত স্বাস্থ্যসেৱা প্ৰদান কৰণৰ লগতে ৫০টা জটিল ৰোগ/অৱস্থা চিনাক্ত কৰণ,ৰোগ/অৱস্থা অনুযায়ী ৰেফাৰেলৰ লগতে পৰবর্তী পর্যায়ত যথোপযুক্ত চিকিৎসা প্রদান আৰু ৰোগ অনুসৰি পৰ্য্যায়ক্ৰমে উন্নত তথা বিনামূলীয়া পুনৰীক্ষণ আৰু চিকিৎসাৰ ব্যবস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব । এই
মেগা হেল্থ কেম্পে স্বাস্থ্য সেৱাৰ এক শৃংখল আগবঢ়াব য’ত ৫০+ পূৰ্ব চিনাক্তকৃত স্বাস্থ্যজনিত অৱস্থা (জন্মগত হৃদৰোগ, স্নায়ুজনিত বিকাৰ, ওঁঠ আৰু তালু ফটা, স্বাস্থ, ৰক্ত বিকাৰ আদি) , যকৃত, বৃক্ক, বংশগত ৰোগ , হাওঁফাওঁ ইত্যাদি ৰোগৰ নিৰ্ণায়ক পৰীক্ষা আৰু চিকিৎসাৰ প্ৰট’কল অনুসৰি ৰোগীৰ চিকিৎসা ব্যৱস্থাপনা কৰা হ’ব । প্ৰতিটো স্বাস্থ্য শিবিৰতে ১৫ টা অ’পিডি য’ত শিশু চিকিৎসক,হৃদৰোগ বিশেষজ্ঞ,চকুৰ চিকিৎসক,অৰ্থপেডিক্স বা হাড়ৰ বিশেষজ্ঞ, চৰ্মৰোগ বিশেষজ্ঞ, ই এন টি বিশেষজ্ঞ,জেনেৰেল চাৰ্জন,স্নায়ুচাৰ্জন, স্ত্ৰী আৰু প্ৰসূতি বিশেষজ্ঞ , ৩ জন সাধাৰণ, ১ জন ডেন্টাল, আৰু ১ জন আয়ুস চিকিৎসক উপলব্ধ কৰা হ’ব । একেদৰে,ৰোগ নিৰ্ধাৰণৰ বাবে হিম’গ্লবিন পৰীক্ষা, কেপিলাৰী ব্লাড গ্লুক’জ, চিকেল চেল স্ক্ৰীনিং, HBsAg, Hep B, আৰু HCV পৰীক্ষা,
চিবিচি, তেজৰ গ্ৰুপিং, ছিৰাম ইলেক্ট্ৰলাইট, ৰেনাল ফাংচন টেষ্ট, লিভাৰৰ ফাংচন টেষ্ট, লিপিড প্ৰফাইল, আৰু ইচিজিকে ধৰি বিভিন্ন পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব এই মেগা স্বাস্থ্য শিবিৰত । ইয়াৰ উপৰিও এই মেগা স্বাস্থ্য শিবিৰত ফাৰ্মাচী সেৱা ,মোবাইল মেডিকেল ইউনিট (এমএমইউ) সেৱা, স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু শিক্ষা আৰু কাউন্সেলিং, আয়ুষ্মান ভাৰত কাৰ্ডৰ ই কে ৱাই চি, আভা আই ডি ৰ লগতে বেংক একাউণ্ট খোলাৰ সুবিধাও উপলব্ধ হ’ব । এই মেগা স্বাস্থ্য শিবিৰৰ আন এক উল্লেখনীয় বৈশিষ্ট্য হ’ল যে চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰেলৰ প্ৰয়োজন হোৱা ৰোগীসকলক পথ প্ৰদৰ্শনৰ বাবে এটা নিৰ্দিষ্ট ৰেফাৰেল ইউনিটো মেগা স্বাস্থ্য শিবিৰত স্থাপন কৰা হ’ব। চিকিৎসা বিষয়া থকা এটা বিশেষ দলে পূৰ্বতে চিনাক্ত কৰা অৱস্থাৰ ভিত্তিত ৰেফাৰেলৰ বাবে চিকিৎসা প্ৰতিষ্ঠান ( চিকিৎসা মহাবিদ্যালয়) তথা ৰেফাৰেল কেম্পৰ তাৰিখ নিৰ্ধাৰণ কৰি দিয়া হ’ব এই মেগা স্বাস্থ্য শিবিৰত । প্ৰণিধানযোগ্য যে, শুশ্ৰূষা সেতু তিনিটা পৰ্যায়ত বিভক্ত। প্ৰথম পৰ্যায়ত ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত প্রতিটো বিধান সভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰৰ জৰিয়তে ৰোগ নিৰ্ণায়ক পৰীক্ষাৰ দ্বাৰা স্বাস্থ্যজনিত সমস্যাসমূহ চিনাক্তকৰণ আৰু প্ৰয়োজন সাপেক্ষ চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰেল , দ্বিতীয় পৰ্যায়ত নবেম্বৰ মাহত চিকিৎসা মহাবিদ্যালয়ত বিশেষ শিবিৰ অনুষ্ঠিত কৰি সেই সকল ল’ৰা – ছোৱালীৰ ৰোগ নিশ্চিতকৰণ আৰু তৃতীয় পৰ্যায়ত ডিচেম্বৰৰ পৰা প্রয়োজন অনুসৰি উন্নত চিকিৎসা আৰু আন প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণকৰা হ’ব । উল্লেখযোগ্য যোগ্য যে, ডিব্ৰুগড় জিলাত ৯ অক্টোবৰত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত মাইজান চাহ বাগিচা চিকিৎসালয়ত, ১০ অক্টোবৰত দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত কঠালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ,১৫ অক্টোবৰত নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত লেঙেৰীজানৰ স্পৰ্টছ এচ’চিয়েশ্যনৰ খেলপথাৰত, ১৬ অক্টোবৰত খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত কুটুহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু ২৫ অক্টোবৰত টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত ভামুন চাহ বাগিচা প্ৰেক্ষাগৃহত এই মেগা স্বাস্থ্য শিবিৰৰ সম্ভাৱ্য তাৰিখ লোৱা হৈছে । ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে প্ৰতিজন পিতৃ- মাতৃ, অভিভাৱক, পৰিয়ালৰ সদস্য আক শিক্ষক-শিক্ষয়িত্রীসকলক
প্রতিগৰাকী শিশু, কিশোৰ-কিশোৰীক এই বৃহৎ স্বাস্থ্য শিবিৰলৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাই নিজৰ সক্ৰিয় অংশগ্ৰহণেৰে এই শিবিৰ সমূহ সাফল্য মণ্ডিত কৰিবলৈ আহ্বান জনাইছে।