অনাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন-২০২৬ ৰ সৈতে সংগতি ৰাখি আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মাইক্ৰ’ অবজাৰ্ভাৰ (Micro Observers) সকলৰ বাবে এক সভা তথা প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হয়। সাধাৰণ পৰ্যবেক্ষকদ্বয় ক্ৰমে টি.এন. ভেঙ্কটেশ, আই.এ.এচ. আৰু চিপহাং আৰ্থাৰ ৱৰ্চুইয়ো, আই.এ.এচ.-ৰ সভাপতিত্বত এই সভাখন অনুষ্ঠিত হয়।
সভাত ভোটগ্ৰহণৰ দিনা মাইক্ৰ’ অবজাৰ্ভাৰসকলৰ ভূমিকা আৰু দায়িত্বৰ লগতে ভাৰতীয় নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। এই প্ৰশিক্ষণকালত মাইক্ৰ’ অবজাৰ্ভাৰসকলৰ কৰ্তব্য, ভোটগ্ৰহণৰ দিনাৰ প্ৰতিবেদন দাখিলৰ ব্যৱস্থা, নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা অটুট ৰখা আৰু এক মুক্ত, নিকা তথা শান্তিপূৰ্ণ নিৰ্বাচন নিশ্চিত কৰাৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। সাধাৰণ পৰ্যবেক্ষকদ্বয়ে ভোটগ্ৰহণ প্ৰক্ৰিয়াত সতৰ্কতা অৱলম্বন, নিৰপেক্ষতা আৰু যিকোনো অনিয়মৰ ক্ষেত্ৰত সময়মতে প্ৰতিবেদন দাখিল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
উক্ত সভাত জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিপু কুমাৰ ডেকা, মাইক্ৰ’ অবজাৰ্ভাৰসকলৰ লগতে অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.