...

পাকিস্তানত নাই মাছুদ আজহাৰ ?

Spread the love

পাকিস্তানত নাই মাছুদ আজহাৰ ?

বৈদেশিক মন্ত্রী বিলাবল ভূট্টোৰ মিথ্যাচাৰ !

 

ইছলামাবাদ

ৰাষ্ট্ৰসংঘৰ ঘোষিত ভাৰতৰ ম’ষ্ট ৱান্টেড সন্ত্রাসবাদী জইছ-ই-মহম্মদ পাকিস্তানত নাই বুলি চাঞ্চল্যকৰ মন্তব্য আগবঢ়াইছে দেশখনৰ বৈদেশিক মন্ত্রী বিলাৱল ভূট্টোই।
ভাৰতে সন্ত্রাসবাদী মাছুদ আজহাৰ পাকিস্তান চৰকাৰৰ সমৰ্থনতেই দেশখনত মুকলিমূৰীয়াকৈ ঘূৰি ফুৰা বুলি দাবী কৰা সন্দৰ্ভত বিলাৱল ভুট্টোই কয় যে ইছলামাবাদে নাজানে সন্ত্রাসবাদী সংগঠন জইছৰ মুৰব্বী মাছুদ আজাহাৰ ক’ত আছে ?
যদি ভাৰতে পাকিস্তানৰ ভূমিত থকা বুলি সঠিক তথ্য যোগান ধৰিব পাৰে তেতিয়াহ’লে মাছুদ আজহাৰক গ্ৰেপ্তাৰ কৰিব পাৰিলে দেশখন আটাইতকৈ সুখী হ’লহেঁতেন।
উল্লেখ্য যে ২০০১ চনৰ ভাৰতৰ সংসদ ভৱন আক্রমণ, ২০০৮ চনৰ মুম্বাই আক্রমণ, ২০১৬ চনৰ পাঠানকোঠৰ আক্ৰমণ, ২০১৯ চনত পুলৱামা অত্মঘাতী আক্রমণকে ধৰি বহুকেইটা সন্ত্রাসবাদী আক্রমণত জড়িত জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ। আন্তর্জাতিক সন্ত্রাসবাদী হিচাপে ঘোষিত মাছুদ আজহাৰক ১৯৯৯ চনত ভাৰতীয় এয়াৰলাইন্সৰ বিমান আইচি-৮১৪ অপহৰণ কৰি নি কাৰাগাৰৰ পৰা মুকলি কৰি নিছিল সন্ত্রাসবাদী সংগঠনটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *