মাৰ্ঘেৰিটা মহাবিদ্যালয়ত গ্ৰন্থ মেলা
তৰ্ক প্ৰতিযোগিতা, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ
চাইন অন ডেস্ক:
মাৰ্ঘেৰিটা অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান মাৰ্ঘেৰিটা মহাবিদ্যালয়ত বিগত বৰ্ষৰ দৰে এইবাৰো কালিৰ পৰা আৰম্ভ হৈছে জুবিন গাৰ্গ সোঁৱৰণী গ্ৰন্থ মেলা।মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰ, মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সংস্থাৰ উদ্যোগত আয়োজন কৰা হৈছে এই গ্ৰন্থমেলা। ২১জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা গ্ৰন্থ মেলাৰ বাকৰিত দিলীপ কুমাৰ চুতীয়া সোঁৱৰণী সদৌ অসম ভিত্তিত আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। 
