...

মাৰ্ঘেৰিটাত অনুষ্ঠিত আদিবাসী মহাসভা ২০২৬

Spread the love

 

মাৰ্ঘেৰিটাত অনুষ্ঠিত আদিবাসী মহাসভা ২০২৬

 

ৰাজ্যখনৰ ৪০ টা বিধান সভা সমষ্টি আদিবাসী ভোটৰ ওপৰত নিৰ্ভৰশীল:মুখ্যমন্ত্ৰী সোৰেন

 

চাইন অন ডেস্ক:

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সম জিলা অন্তৰৰ্গত বৰগোলাইত চাৰিদিনিয়াকৈ অনুষ্ঠিত হৈ থকা সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা)ৰ তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, আৰু সমূহ জিলাবাসী ৰাইজৰ সহযোগত উদযাপিত হোৱা ২১ সংখ্যক আদিবাসী মহাসভা ২০২৬ ৰ কালি সামৰণি পৰে । মাৰ্ঘেৰিটা সমজিলাৰ বৰগোলাইস্থিত দিহিং ক্রীড়া প্রকল্পৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা আদিবাসী মহাসভাৰ সামৰণিৰ দিনটোৰ মুখ্য অতিথি আছিল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন । “ আদিবাসী অধিকাৰ, আদিবাসীৰ গৌৰৱ, এয়াই ন্যায়ৰ সময়, জনজাতি মৰ্য্যদাৰ সময় ” শীৰ্ষক বিষয়টোক মূলমন্ত্ৰ ৰূপে লৈ ৰূপায়িত কৰা বৰগোলাইৰ ২১ সংখ্যক আদিবাসী মহাসভাৰ মুখ্য অতিথি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজক সম্বোধন কৰোতে আদিবাসী সমাজৰ জল, জঙ্গল আৰু ভূমিৰ সুৰক্ষাৰ প্ৰতি তেওঁ যে প্ৰতিক্ষণ প্ৰতিশ্ৰুতিবদ্ধ সেয়া তেওঁৰ ভাষণ প্ৰসঙ্গত প্ৰতিফলিত হৈ উঠিছিল । মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি তেওঁৰ ভাষণ আৰম্ভ কৰে । গোটেই দেশৰ চাহ উদ্যোগ আদিবাসী সকলৰ ওপৰতে নিৰ্ভৰশীল যদিও আদিবাসী সকলেই বি জে পি শাসিত ৰাজ্য আৰু দেশখনত সকলোতকৈ নিষ্পেষিত আৰু শোষিত জাতি বুলি উল্লেখ কৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী গৰাকীয়ে । তাৰোপৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত ই ডি, চি বি আই, নিৰ্বাচন আয়ুক্ত সকলোকে জেপত লৈ ভোট চুৰিৰে গণতন্ত্ৰক হত্যা কৰি বি জে পিয়ে দেশত শাসন কৰি অহা বুলি ৰাজহুৱাকৈ ব্যক্ত কৰে । চানক্যৰ উক্তিৰে যি দেশৰ ৰজা বেপাৰী সেই দেশৰ প্ৰজা ভিক্ষাৰী বুলিও চৰকাৰক কটাক্ষ্য কৰে । বি জে পিয়ে আদিবাসী সকলৰ সম উন্নয়ন হোৱাতো কামনা নকৰে বুলিও এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে । ৰাজ্যখনৰ এক তৃতীয়াংশ ভোটাৰেই আদিবাসী । গতিকে আদিবাসী সকলৰ সমস্যা সমাধান কৰিবলৈ হলে আমি ৰাজনৈতিক ভাবে একগোট হ’ব লাগিব । ৰাজ্যখনৰ ৪০ টা বিধান সভা সমষ্টি আমাৰ ভোটৰ ওপৰত নিৰ্ভৰশীল । আমি ৰাজনৈতিক ভাবে একগোট হলে আগন্তুক ২০২৬ ৰ অসমৰ বিধান সভা নিৰ্বাচনৰ সমগ্ৰ দৃশ্যপট সলনি কৰি দিব পাৰো । আমি চৰকাৰ বদলাব পাৰিলেই ঝাৰখণ্ডৰ দৰেই কোনো মডগেজ নোলোৱাকৈ আদিবাসী লোকৰ উন্নয়নৰ হেতু প্ৰত্যেককে পোন্ধৰ লাখকৈ টকা, প্ৰতি মাহে মহিলা সকলক দিয়াৰ দৰে ২৫০০ কৈ টকা অসমতো দিবলৈ সক্ষম হম বুলিও ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত ব্যক্ত কৰে । ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা অনুষ্ঠানটোত, ঝাৰখণ্ড চৰকাৰৰ জনজাতীয় পৰিক্ৰমা দপ্তৰৰ কেবিনেট মন্ত্ৰী চামড়া লিণ্ডা, সাংসদ বিজয় কুমাৰ হাজদা, বিধায়ক টাজোদ্দিন ৰাজা, ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা, আদিবাসী সকলৰ ৰাজনৈতিক দল জয় ভাৰত পাৰ্টীৰ সভাপতি তিৱাৰী গড়, আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগৰ সহধৰ্মিণী প্ৰীতিৰেখা বাৰ্লা নাগকে প্ৰমুখ্যে কৰি বহু গন্য মান্য লোকে একেখন মঞ্চতে আসন গ্ৰহণ কৰে । আদিবাসী সকলক হেয় জ্ঞান কৰি তেওঁলোকৰ প্ৰাপ্য, ন্যায় নিদিলে ঝাৰখণ্ডত কৰাৰ দৰেই অসমতো বি জে পিক উৎখাত কৰিবলৈ আদিবাসী ৰাইজৰ প্ৰতি আহ্বান জনায় ঝাৰখণ্ডৰ বিধায়ক টাজোদ্দিন ৰাজাই । ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন যাতে ২১ সংখ্যক আদিবাসী মহাসভা ২০২৬ ৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰে তাৰ বাবে শাসকীয় চৰকাৰে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাইছল বুলিও ঝাৰখণ্ডৰ সাংসদ বিজয় কুমাৰ হাজদাই অনুষ্ঠানটোত প্ৰদান কৰা তেওঁৰ ভাষণ প্ৰসঙ্গত ৰাজহুৱাকৈ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰে । দেশৰ অন্যান্য প্ৰান্তত চাহ বনুৱাই দৈনিক মজুৰি চাৰিশৰ পৰা পাঁচশ টকাকৈ লাভ কৰে । অসমতহে মাত্ৰ ২৫০ টকা পায় । ভাৰত দেশ প্ৰথম আদিবাসীৰ । তথাপিও এনে বৈষম্য কিয় ¦ ইয়াৰ পৰাই বুজা যায় অসমৰ বি জে পি চৰকাৰে আদিবাসী সকলক কিমান ভাল পায় বুলিও অনুষ্ঠানটোত ৰাজহুৱা মন্তব্য প্ৰকাশ কৰে ঝাৰখণ্ড চৰকাৰৰ জনজাতীয় পৰিক্ৰমা দপ্তৰৰ কেবিনেট মন্ত্ৰী চামড়া লিণ্ডাই । মুঠতে সকলো কেইগৰাকী বক্তাই, আদিবাসীক ন্যায় দিব নিবিছৰা বি জে পিক উৎখাত কৰিবলৈ আদিবাসী সকল ৰাজনৈতিক ভাবে একগোট হোৱাৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছিল মাৰ্ঘেৰিটা সমজিলাৰ বৰগোলাইস্থিত দিহিং ক্রীড়া প্রকল্পৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা আদিবাসী মহাসভাত ।

Leave a Reply

Your email address will not be published. Required fields are marked *