...

মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবৰ শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন

Spread the love

 

মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবৰ শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন

 

১৯৫০ চনত অসম সাহিত্য সভাৰ অধিৱেশন এই ক্লাৱতে হৈছিল

মাৰ্ঘেৰিটা:

১৯২৫ চনতে স্থাপিত মাৰ্ঘেৰিটা নগৰস্থিত ইণ্ডিয়া ক্লাবে শতবৰ্ষ গৰকিলে।দেওবাৰে সন্ধিয়া ৫ বজাৰ পৰা মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবৰ শতবৰ্ষ উদযাপনৰ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে পতাকা উত্তোলন কৰে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মহা প্ৰৱন্ধক কে মেৰেই। আৰম্ভণিতে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্তই । অমৃত বৰঠাকুৰে আঁ‌তধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্ত ৰাহুল দলেই । বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি আনন্দ কুমাৰ শৰ্মা, বিশিষ্ট সাহিত্যক তথা চিকিৎসক ভৃগেশ্বৰ শৰ্মা । উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মহা প্ৰৱন্ধক কে মেৰেই আদৰণি ভাষণ দিয়া অনুষ্ঠানত কেইবা শতাধিক লোক উপস্থিত থাকে। সমবেত সংগীত পৰিবেশনেৰে সাংস্কৃতিক অনুষত আৰম্ভ কৰা অনুষ্ঠানত সত্ৰীয়া নৃত্য, সৃষ্টি মূলক নৃত্য আৰু বিহু নৃত্য আদি পৰিবেশন কৰা হয়। উল্লেখ যে এই ক্লাৱতে ১৯৫০ চনত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল। উক্ত অনুষ্ঠানত

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল। বৃহত্তৰ অঞ্চলটোৰ বহু স্মৃতি জড়িত হৈ থকা ইণ্ডিয়া ক্লাৱে শতবৰ্ষ গৰকা বাতৰিয়ে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক নষ্টালজিক কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *