মানকাচৰত আৰক্ষীৰ অভিযান
১৫০ বটল নিষিদ্ধ কফ ছিৰাপসহ এজন আটক
সৰবৰাহৰ সৈতে জড়িত ইয়ানুৰ ইছলামক আটক
চাইন অন ডেস্ক:
ৰাজ্যত অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে যোৱাকালি সন্ধিয়া মানকাচৰত আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে। গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ কফ ছিৰাপ জব্দ কৰাৰ লগতে এজন ব্যক্তিক আটক কৰিবলৈ 
কালি সন্ধিয়া হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখে আহি থকা এখন ই-ৰিক্সাত নিষিদ্ধ সামগ্ৰী কঢ়িয়াই অনাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। সেইমৰ্মে মানকাচৰ আৰক্ষীৰ এটা দলে কুছনিমাৰাত খোপনি পুতি তালাচী চলায়। অভিযানকালত এখন ই-ৰিক্সাত থকা এটা কাৰ্টুনৰ পৰা ১৫০ বটল নিষিদ্ধ কফ ছিৰাপ উদ্ধাৰ কৰা হয়।
এই সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ই-ৰিক্সাখনৰ চালক, চৰকাৰপাৰা গাঁৱৰ বাসিন্দা ইয়ানুৰ ইছলামক আৰক্ষীয়ে আটক কৰে। অৱশ্যে অভিযানৰ উমান পাই ই-ৰিক্সাখনত থকা আন দুজন যাত্ৰীয়ে ঘটনাস্থলীৰ পৰা কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে নিষিদ্ধ কফ ছিৰাপখিনিৰ লগতে চোৰাং কাৰ্যত ব্যৱহৃত ই-ৰিক্সাখনো জব্দ কৰিছে। সম্প্ৰতি আৰক্ষীয়ে পলাতক আন দুজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে।
