গোৰেশ্বৰ সমষ্টিত মানস শৰণীয়াৰ টিকট চূড়ান্ত
গোৰেশ্বৰৰ প্ৰথমগৰাকী বিধায়ক হোৱাৰ দিশে মানস শৰণীয়া
ডিজিটেল ডেস্কঃ
সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই নৱগঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ’ব মানস শৰণীয়া৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মানস শৰণীয়া নৱগঠিত গোৰেশ্বৰ সমষ্টিত বিজেপি দলৰ প্ৰথমগৰাকী প্ৰাৰ্থী হ’বলৈ আগবাঢ়িছে৷ যিহেতু বিজেপিয়ে গোৰেশ্বৰ সমষ্টিত জয়ী হোৱাৰ দাবী কৰিছে আছে তেনে পৰিপ্ৰেক্ষিতত নৱগঠিত গোৰেশ্বৰ সমষ্টিত প্ৰথমগৰাকী বিধায়ক হোৱাৰ দিশে আগবাঢ়িছে মানস শৰণীয়া৷ ইতিমধ্যে কেইবাগৰাকী প্ৰভাৱশালী নেতা গোৰেশ্বৰ সমষ্টিত প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল যদিও তেওঁলোকে প্ৰচাৰৰ অন্ত পেলাইছে৷ ইতিধ্যে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তামুলপুৰ বিধানসভা সমষ্টিত প্ৰচাৰ আৰম্ভ কৰাৰ লগতে ৰাতুল শৰ্মাই ৰঙিয়া বিধানসভা সমষ্টিত প্ৰচাৰ চলাই গৈছে৷ ৰাতুল শৰ্মা আৰু বিশ্বজিৎ দৈমাৰীয়ে প্ৰথমাৱস্থাত গোৰেশ্বৰ সমষ্টিত প্ৰচাৰ চলাইছিল৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে গোৰেশ্বৰ সমষ্টিৰ গাতে লাগে থাকি ৰঙিয়া বিধানসভা সমষ্টি আৰু তামুলপুৰ বিধানসভা সমষ্টিত প্ৰচাৰ আৰম্ভ কৰিছে৷ বৰ্তমান কেৱল মানস শৰণীয়াই তীব্ৰ প্ৰচাৰ অভিযান চলাই গৈছে৷ সেই দিশৰ পৰা চালে এটা কথা স্পষ্ট হৈ পৰিছে যে গোৰেশ্বৰ বিধানসভাত বিজেপিৰ প্ৰাৰ্থী হ’ব মানস শৰণীয়া৷ গোৰেশ্বৰ সমষ্টিৰ চৰ্চিত নেতা মানস শৰণীয়াই দীৰ্ঘদিন ধৰি মানুহৰ মাজত সোমাই প্ৰচাৰ কৰি থকা পৰিলক্ষিত হৈছে৷ গোৰেশ্বৰৰ স্থানীয় নেতা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া গোৰেশ্বৰৰ সন্তান৷ শৰণীয়াৰ গোৰেশ্বৰৰ জনমানসত ভাৱমূৰ্তি ভাল৷ বৰ্তমান তেওঁ বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ হিচাপে সুকলমে দায়িত্ব পালন কৰি আছে৷ সেই দিশৰ পৰা তেওঁ বিজেপিৰ শক্তিশালী প্ৰাৰ্থী হিচাপে ব্যাপক প্ৰচাৰ চলাই বিজেপিৰ ভেটি শক্তিশালী কৰিছে। বিজেপিৰ নিৰ্ভৰযোগ্য সূত্ৰই দাবী কৰা মতে, শৰণীয়াৰ জনপ্ৰিয়তা আৰু সাংগঠনিক গ্ৰহণযোগ্যতাৰ বাবে দলৰ নেতৃত্বই প্ৰাধান্য দিছে। নিকা আৰু স্বচ্ছ ভাৱমূৰ্তিয়ে শৰণীয়াৰ টিকট লাভত যথেষ্ট সহায় কৰিছে৷