দিছপুৰ প্ৰেছ ক্লাবত মানস ৰবীনৰ সংবাদ মেল
জুবিন ক্ষেত্ৰ নিৰীক্ষণৰ বাবে ৰাজহুৱা কমিটী
চাইন অন ডেস্ক:
জুবিন গাৰ্গৰ স্মৃতি সংৰক্ষণ আৰু জুবিন ক্ষেত্ৰৰ কাম-কাজ সঠিক নিৰীক্ষণৰ বাবে এখন ৰাজহুৱা কমিটী গঠনৰ পোষকতা কৰিছে শিল্পী মানস ৰবীনে। এই কমিটীখন গঠনৰ বাবে কাইলৈ শিল্পী জুবিনৰ ছমহীয়া মৃত্যুৰ দিনটোত বিয়লি ৬ বজাত জুবিন অনুৰাগীসকলক জুবিন ক্ষেত্রত উপস্থিত হ’বলৈ আমন্ত্ৰণ আৰু অনুৰোধ জনাই মানস ৰবীনে। দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এখন

ৰবীনে জুবিন গাৰ্গৰ আবৰ্তমানত এইবাৰ সাত বিহুলৈ বিহুৰ মঞ্চত নুঠাৰ কথা ঘোষণা কৰে। সংবাদ মেলত মানস ৰবীনে কয়- ‘ঘৰৰ মানুহ এজন নোহোৱা হ’লে পৰিয়ালটোত বহু দিনলৈকে কিছু কাম নকৰে। মই জুবিনদাৰ কাৰণে এসপ্তাহৰ কাৰণে অর্থাৎ সাত বিহুলৈ কোনো অনুষ্ঠান নকৰোঁ। তাৰ পিছত কিবা অনুষ্ঠান হ’লে কৰিম। কিন্তু সাত দিনলৈকে মই মোৰ মেনেজমেন্ট টীমটোক মানা কৰি থৈছোঁ।’ সাত বিহুৰ পিছতহে বিহুৰ অনুষ্ঠান কৰাৰ কথা সদৰী কৰি মানস ৰবীনে কয়- ‘আমাৰ লগত এটা বৃহৎ বাদ্যযন্ত্ৰীৰ টীম আছে। তেওঁলোকৰ পেটৰ ভাতমুঠি মই মাৰিব নোৱাৰোঁ। বাকী শিল্পীসকলে কৰক, জুবিন একেবাৰে ঘৰুৱা কাৰণে মোৰ কৰিব মন নাযাব।’ মানস ৰবীনে আৰু কয় যে বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা আৰু বিহুটোক জীয়াই ৰাখিলেহে জুবিনদাকো জীয়াই ৰখা হ’ব।