অচিনাক্ত হিংস্ৰ জন্তুৰ আক্ৰমণত পশুধনসহ গুৰুতৰভাৱে আহত ২ জন
চাইন অন ডেস্ক:
কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং টুপামাৰীত আজি দিনৰ ভাগত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে, পথাৰত খেতিৰ কাম কৰি থকা অৱস্থাত হঠাৎ পিছফালৰ পৰা এটা হিংস্ৰ জন্তুই অকস্মাৎ প্ৰথমে ঘৰচীয়া গৰু ছাগলী ঘাঁহ খাই থকা অৱস্থাত আক্ৰমণ কৰে। পৰৱৰ্তী সময়ত ১০ গাঁৱখনৰ এগৰাকী মহিলা আৰু আজমল হক নামৰ লোকজনে নিজ গৃহৰ পাছফালে খেতিত কাম কৰি থকা অৱস্থাত হিংস্ৰ জন্তুটোৱে
পিছ ফালৰ পৰা আক্ৰমণ কৰে আৰু সকলোৱে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ দুয়োকে সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও ইয়াৰে আজমল হক নামৰ লোক জনৰ অৱস্থা সংকট জনক হোৱাত প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ লগতে সকলৰে মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে ৷ স্থানীয় একাংশ লোকে জানিব দিয়া মতে অচিনাক্ত হিংশ্ৰ জন্তুটো শিয়ালৰ নিচিনা হায়না বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ইয়াৰ পূৰ্বেও নগৰবেৰাৰ ভখুৰাদিয়া গাওঁত দুই মাহ পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল। শীঘ্ৰে জন্তুটোক আটক কৰি স্থানান্তৰ কৰিবলৈ বন বিভাগৰ লোকক দাবী জনাইছে অঞ্চলবাসী ৰাইজে ৷