...

নগাঁৱৰ বিধানসভা সমষ্টিৰ বুথ লেভেল এজেণ্টৰ খেলিমেলি!

Spread the love

নগাঁৱৰ বিধানসভা সমষ্টিৰ বুথ লেভেল এজেণ্টৰ খেলিমেলি!

উদ্বেগজনক পৰিস্থিতিৰ উদ্ভৱ!

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,

নগাঁও জিলাৰ কেইবাটাও বিধানসভা সমষ্টিত বুথ লেভেল এজেণ্ট (BLA) সন্দৰ্ভত গুৰুত্বপূৰ্ণ আৰু উদ্বেগজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে। এটা বিশেষ ৰাজনৈতিক দলৰ আৰ্শীবাদপুষ্ট বুলি অভিযোগ উত্থাপন হোৱা বহু কেইজন BLA খচৰা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে পাইকাৰী হাৰত ভিত্তিহীন আপত্তি দাখিল কৰি শুনানিৰ সময়ত নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে,নিৰ্বাচন আয়োগে অলপতে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাৰ পিছত ফৰ্ম-৭ৰ জৰিয়তে ভোটাৰৰ মৃত্যু বা স্থান পৰিবৰ্তনৰ অজুহাতত নাম কৰ্তনৰ আবেদন দাখিল কৰাৰ অনুমতি আছিল। কিন্তু এই বিধানৰ অপব্যৱহাৰ কৰি নগাঁও জিলাত একাংশ BLAয়ে ভিত্তিহীন আৰু মিছা অভিযোগ দাখিল কৰাৰ অভিযোগ উত্থাপিত হৈছে।জানিব পৰা মতে,নগাঁও জিলাৰ ৫৯ নং বঢ়মপুৰ বিধানসভা সমষ্টিৰ ১০৩,১৬৯ আৰু ১৭০ নং ভোটকেন্দ্ৰৰ অন্তৰ্গত মুঠ ১৬১ জন ভোটাৰৰ বিৰুদ্ধে নাথ উপাধিৰ এজন বুথ লেভেল এজেণ্টে ফৰ্ম-৭ যোগে আপত্তি দাখিল কৰিছিল। কিন্তু যোৱা ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা শুনানিত উক্ত ১৬১ জন ভোটাৰ জীৱিত, সঠিক ঠিকনাত বাস কৰা আৰু কোনো স্থান পৰিবৰ্তন নোহোৱা বুলি তথ্য-প্ৰমাণ পোৱা যায়। এই ভিত্তিত জিলা নিৰ্বাচনী পঞ্জীয়ন বিষয়ায়ে উক্ত ভোটাৰসকলৰ নাম কৰ্তন নহয় বুলি স্পষ্ট কৰি প্ৰেছ বিজ্ঞপ্তি জাৰি কৰে।
ইফালে,নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিতো তদ্ৰূপ ঘটনা সংঘটিত হৈছে। সমষ্টিটোৰ ২৩৪ নং ভোটকেন্দ্ৰৰ অন্তৰ্গত ৰয় উপাধিৰ এজন বুথ লেভেল এজেণ্টে ভিত্তিহীন আপত্তি দাখিল কৰি শুনানিৰ সময়ত নিজে অন্তৰ্ধ্যান হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ ফলত আইনী শুনানিত নিয়োজিত বিষয়া-কৰ্মচাৰীসকল গভীৰ বিমোৰত পৰিছে।সনিৰ্বাচক পঞ্জীয়ন নিয়ম ১৯৬০ অনুসৰি,ূ৩ধাৰা ১৯ মতে স্বীকৃত ৰাজনৈতিক দলৰ বুথ লেভেল এজেণ্টসকলে ভোটাৰৰ মৃত্যু বা স্থান পৰিবৰ্তনৰ ক্ষেত্ৰত ফৰ্ম-৭ যোগে আপত্তি দাখিল কৰিব পাৰে। তাৰ পিছত প্ৰতিনিধিত্ব আইন ১৯৫০ ৰ ধাৰা ২২ আৰু পঞ্জীয়ন নিয়ম ১৯৬০ ৰ ধাৰা ২০ আৰু ২১ অনুসৰি নিৰ্বাচনী পঞ্জীয়ন বিষয়াই নিৰ্ধাৰিত আইনী প্ৰক্ৰিয়া অনুসৰণ কৰাটো বাধ্যতামূলক। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে আপত্তিদাতা আৰু যাৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছে উভয় পক্ষক ফৰ্ম নং ১৩ আৰু ১৪ যোগে শুনানিৰ জাননী প্ৰেৰণ কৰা হয়।
কিন্তু পৰিতাপৰ বিষয় যে,জাননী লাভ কৰি ভোটাৰসকল শুনানিত উপস্থিত থাকিলেও বহু কেইজন আপত্তিদাতা BLA শুনানিত অনুপস্থিত থাকে। এই অৱস্থাই নিৰ্বাচনী প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰি তুলিছে। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অতিৰিক্ত আয়ুক্তৰ জড়িয়তে সমগ্ৰ বিষয়টো তদন্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে। এতিয়া জিলাখনত প্ৰশ্ন উত্থাপন হৈছে—এটা বিশেষ ৰাজনৈতিক দলৰ আৰ্শীবাদপুষ্ট বুলি অভিযোগ উঠা এইসকল বুথ লেভেল এজেণ্টৰ বিৰুদ্ধে জিলা নিৰ্বাচনী পঞ্জীয়ন বিষয়াই কঠোৰ আৰু দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব নে নাই, সেয়া সময়েই ক’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *