দুলীয়াজান বিধানসভা সমষ্টিত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
দুলীয়াজান সমষ্টিত ১৮,৩২৩ গৰাকী উদ্যমী মহিলাই লাভ কৰিলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ ধন
মই বিচাৰোঁ অসমৰ প্ৰতিগৰাকী মহিলাই যিকোনো এবিধ উৎপাদনমুখী কামত জড়িত হৈ পৰক, বহন কৰক সমাজৰ নেতৃত্ব ঃ মুখ্যমন্ত্ৰী
চাইন অন ডেস্ক:
ৰাজ্যৰ নাৰী সমাজৰ আৰ্থিক সবলীকৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দুলীয়াজান বিধানসভা সমষ্টিৰ ১৮,৩২৩ গৰাকী উদ্যমী মহিলালৈ ১০ হাজাৰ
টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে ৷ ইয়াকে ধৰি আঁচনিখনৰ জৰিয়তে এতিয়ালৈ ৰাজ্যৰ ৯২টা বিধানসভা সমষ্টিৰ ২২,৪৬,৫৫১ গৰাকী মহিলাৰ মাজত উদ্যমিতা পুঁজি বিতৰণ কৰা হ'ল। আজি দুলীয়াজান সমষ্টিত সৰ্বমুঠ ১৮কোটি
৩৭লাখ ৬৫ হাজাৰ টকা উদ্যমী মহিলাসকলক প্ৰদান কৰা হয় ।
এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়, মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আৰু নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা মহিলাকেন্দ্ৰিক পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰৰ এই
তিনিওখন আঁচনিৰ জৰিয়তে অসমৰ ৭০-৮০ লাখ মহিলা উপকৃত হৈছে। ড° শৰ্মাই মন্তব্য কৰে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আত্মসহায়ক গোটৰ সদস্যাসকলক ১০ হাজাৰ টকাকৈ প্ৰদানৰ আঁৰত প্ৰতিগৰাকী মহিলাক লাখপতি বাইদেউ
হিচাপে গঢ়ি তোলাৰ সুদূৰপ্ৰসাৰী পৰিকল্পনা নিহিত হৈ আছে। ভাষণত মুখ্যমন্ত্ৰীয়ে অসমৰ আত্মসহায়ক গোটৰ ৪০লাখ মহিলাৰ ৮
লাখে ইতিমধ্যে লাখপতি বাইদেউৰ শাৰীলৈ উন্নীত হোৱা বুলি উল্লেখ কৰি কয় যে নিজ প্রচেষ্টা আৰু কষ্টৰ বলত আন মহিলাসকলো লাখপতি বাইদেউৰ স্তৰলৈ উন্নীত হ'ব পাৰিব বুলি তেওঁ বিশ্বাস কৰে।
ভাষণত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে ৰাজ্যৰ আত্মসহায়ক গোটৰ ২০ হাজাৰ মহিলাই মহালাখপতি বাইদেউ হিচাপেও স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। এই উদ্যমী মহিলাসকলে বছৰি এতিয়া ১০ লাখ টকাকৈ উপাৰ্জন কৰে। মুখ্যমন্ত্ৰীয়ে কয়—‘এটা পৰিয়ালত
পুৰুষ আৰু মহিলা উভয়ে যদি উপাৰ্জন কৰে তেনেহ'লে পৰিয়ালটোৰ আৰ্থিক অৱস্থা উন্নত হয় । মই বিচাৰোঁ অসমৰ প্ৰতিগৰাকী মহিলাই যিকোনো এবিধ উৎপাদনমুখী কামত জড়িত হৈ পৰক আৰু সমাজখনৰ নেতৃত্ব লৈ কিদৰে পৰিৱৰ্তন আনিব পাৰে তাৰ
নিদৰ্শন অসমৰ নাৰী সমাজে দাঙি ধৰক।' তেওঁ লগতে কয় যে ৰাজ্যত আত্মসহায়ক গোটসমূহ গঠনত চৰকাৰে সহায়ৰ হাত আগবঢ়াইছিল যাতে মহিলা সমাজেও বিভিন্ন উৎপাদনমুখী ক্ষেত্ৰত আত্মনিয়োগ কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈ নিজ পৰিয়ালৰ লগতে
সমাজৰো প্ৰগতিত অৰিহণা আগবঢ়াব পাৰে। তেওঁ কয় যে আত্মসহায়ক গোটসমূহ গঠন হোৱাৰ পূৰ্বে ৰাজ্যৰ মহিলা সমাজে ঘাইকৈ ঘৰুৱা কাম-কাজতে নিজকে নিয়োজিত কৰি ৰাখিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত আত্মসহায়ক গোটত জড়িত হৈ মহিলাসকলে
বেংক ব্যৱস্থা আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত সৈতে পৰিচিত হৈ পৰে। মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে লাভ কৰা ধনৰ সদব্যৱহাৰেৰে আত্মসহায়ক গোটৰ মহিলাসকলে নিজকে লাখপতি বাইদেউৰ স্তৰলৈ উন্নীত কৰিব পাৰিব বুলি মন্তব্য কৰি
মুখ্যমন্ত্ৰীয়ে উদ্যমিতা অভিযানৰ অধীনত প্ৰদান কৰা পুঁজিৰ সদব্যৱহাৰ কৰিবলৈ সভাত উপস্থিত মহিলাসকললৈ আহ্বান জনায়। তেওঁ কয় যে আত্মসহায়ক গোটৰ সদস্যাসকলে এই পুঁজি তিনি প্ৰকাৰে ব্যৱহাৰ কৰিব পাৰে। প্ৰথম কিস্তি হিচাপে লাভ কৰা
১০ হাজাৰ টকাৰ পুঁজি আত্মসহায়ক গোটৰ সদস্যাসকলে তেওঁলোকৰ গোটত জমা কৰি সমূহীয়াভাৱে ব্যৱসায় কৰিব পাৰে বা গোটত জমা হোৱা সমুদায় ১ লাখ টকাৰ পুঁজিৰ পৰা ঋণ লৈও ব্যৱসায় কৰিব পাৰে। দ্বিতীয়তে তেওঁলোকে এই পুঁজিৰে নিজেও
ব্যৱসায় কৰিব পাৰে অথবা তৃতীয় বিকল্প হিচাপে এই পুঁজি স্বামী বা পৰিয়ালৰ ব্যৱসায়তো আগবঢ়াব পাৰে। ড° শৰ্মাই কয় যে আজি আগবঢ়োৱা উদ্যমিতা পুঁজিৰ ব্যৱহাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে ছয় মাহৰ পিছত ঘৰে ঘৰে গৈ মূল্যায়নৰ ব্যৱস্থা কৰিব। এই পুঁজি
ৰ সদব্যৱহাৰ হ'লে পৰৱৰ্তী পৰ্যায়ত ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব । সেই পুঁজিৰো পুনৰ মূল্যায়ন কৰা হ'ব আৰু সদ্ব্যৱহাৰ কৰাসকলক তৃতীয় বৰ্ষত ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব।
দুলীয়াজান সমষ্টিত ইতিমধ্যে ৭৫৫২ গৰাকী উদ্যমী মহিলাই নিজ প্রচেষ্টা আৰু কষ্টৰ বলত লাখপতি হ'ব পাৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ইয়াৰ উদাহৰণ হিচাপে কয় যে ১নং বৰপথাৰ গাঁৱৰ মাকু আত্মসহায়ক গোটৰ সদস্যা বিজুমণি গগৈ বুঢ়াগোহায়ে
উদ্যমিতাৰ পথেৰে আগুৱাই আচাৰ প্ৰস্তুত কৰা প্ৰতিষ্ঠানৰ জৰিয়তে মাহে প্রায় ২৬,৫০০ টকাকৈ বছৰি ৩.২০ লাখ টকাকৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। তেনেদৰে ২নং চহৰীকটা গাঁৱৰ লখিমী আত্মসহায়ক গোটৰ সদস্যা মুহিতী দাসে ঋতুকালীন শাক-পাচলি
উৎপাদনেৰে সম্প্ৰতি মাহে প্রায় ২০,০৪৫ টকাকৈ বছৰি প্ৰায় ২.৪০ লাখ টকাকৈ উপাৰ্জন কৰে। ভাষণত তেওঁ সমষ্টিটোৰ ন-খঙীয়া গাঁৱৰ জুৰি চেতিয়া, ১নং নাহৰণি গাঁৱৰ এলিনা কেকেট্টা, অভয়পুৰীয়া গাঁৱৰ অঞ্জলি তামুলী, কাবেৰী হাজৰিকা,
মীৰা চুতীয়া, লুহিতী দাস, ৰেবতি চুতীয়া, কৰবী হাজৰিকা, নবনীতা গোহাই, ৰীণা হাজৰিকা, শিখা ডেকা শইকীয়া আৰু সুমিত্ৰা চুতীয়া, ২ নং বকুলনি গাঁৱৰ জুনু লামা, তেলপানি আৰ/ভি গাঁৱৰ স্বপ্না দাস, অভয়পুৰীয়া গাঁৱৰ হেমা ফুকন, তামুলীখাট গাঁৱৰ
কৃষ্ণা গগৈ, নিজ টেঙাখাট গাঁৱৰ লক্ষী চমুৱা, তামুলীখাট গাঁৱৰ অঞ্জু গগৈ, পুষ্পা চেতিয়া, মণিকা ফুকনৰ নাম উল্লেখ কৰি কয় যে এই উদ্যমী মহিলাসকলে সম্প্রতি ২.৫৮লাখ টকাৰ পৰা ৯.১৭লাখ টকা প্ৰতিবছৰে উপাৰ্জন কৰে।
দুলীয়াজান সমষ্টিত ৩০,৫০১ গৰাকী হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰি আছে বুলি উল্লেখ কৰি সমষ্টিটোত নতুনকৈ দুই হাজাৰ মহিলাক অৰুণোদয় আঁচনিৰ দ্বাৰা সামৰি লোৱা হ'ব বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰে । তেওঁ লগতে কয় যে অহা ২০ ফেব্ৰুৱাৰীত
অৰুণোদয় আঁচনিৰ জৰিয়তে ৪০ লাখ মহিলাই ৮ হাজাৰ টকাকৈ লাভ কৰিব। বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত উদ্যমিতা অভিযান, অৰুণোদয়, নিযুত মইনা, বিনামূলীয়া চাউল আদি প্ৰদানৰ কথা ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বর্তমানে মাত্র ১০০ টকাতে প্ৰদান
কৰি অহা ১ কিলোগ্ৰামকৈ দাইল, চেনী আৰু নিমখ বিনামূলীয়া কৰাৰ লগতে ১ লিটাৰকৈ মিঠাতেল আগন্তুক সময়ত বিনামূলীয়াকৈ প্ৰদানৰ আশ্বাস প্ৰদান কৰে । তেওঁ লগতে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু পদক্ষেপৰ জৰিয়তে
মহিলা সমাজৰ উপৰি ৰাজ্যখনৰ বিভিন্ন স্তৰৰ জনসাধাৰণ উপকৃত হ’বলৈ সক্ষম হৈছে। প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে যে দুলীয়াজান সমষ্টিত ১,৬৯৭ গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰাৰ লগতে এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে ১৪,৮৪৮
গৰাকী শ্ৰমিক উপকৃত হৈছে। তেনেদৰে সমষ্টিটোত ৪৮,৫৪৯ খন ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ উপৰি ১০০ টকাতে এক কিলোগ্রামকৈ দাইল, চেনী আৰু নিমখ প্ৰদান কৰি অহা হৈছে।
ভাষণত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে দুলীয়াজান সমষ্টিত বিগত সময়ছোৱাত বিভিন্ন আন্তঃগাঁথনিমূলক কাম-কাজ ৰূপায়ণেৰে বিকাশৰ দিশত আগবাঢ়ি গৈছে। সমষ্টিটোৰ বাট-পথ নিৰ্মাণৰ বাবেই ৰাজ্য চৰকাৰে প্ৰায় ৬৪৬ কোটি টকা আবণ্টন দিছে বুলি উল্লেখ কৰি
তেওঁ কয় যে দুলীয়াজান সমষ্টিত ২০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১২৫ টা পথ প্রকল্প ৰূপায়ণ কৰা হৈছে। কঠালগুৰিৰ পৰা দিচাং কিনাৰ বঙালীলৈ মৰাণ-নাহৰকটীয়া পথৰ উন্নীতকৰণৰ কাম বৰ্তমানে চলি আছে। তেনেদৰে লাহোৱাল নতুন আলি-টিংৰাই তিনিআলি-তিৱাৰীগুলা
চাবুৱা-লাহোৱাল পথৰ উন্নীতকৰণৰ কাম বর্তমানে চলি আছে আৰু টিংৰাই তিনিআলি এল বি টি পথ আৰু জয়পুৰ আলি পথ হৈ দেওহাল তিনিআলিৰ পৰা মাধপুৰ তিনিআলিলৈ পথৰ উন্নীতকৰণৰ কাম আৰম্ভ হৈছে। মাধপুৰ টিপলিং পথত প্রায় ৭২ কোটি টকা ব্যয়
সাপেক্ষে নির্মীয়মান ৰে'লৱে উৰণ সেতুখন অহা ফেব্ৰুৱাৰী মাহত উদ্বোধন কৰিব পৰা যাব বুলিও তেওঁ কয়। নাহৰকটীয়া-দুলীয়াজান পথত প্ৰায় ৫১ কোটি টকা ব্যয়ৰে নির্মীয়মান আন এখন ৰে'লৱে উৰণ সেতুৰ কাম প্ৰায় ৫১ শতাংশ সম্পূৰ্ণ হৈছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।
সভাত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে এসময়ত বোমা বিস্ফোৰণ, আন্দোলনৰ দৰে নেতিবাচক ঘটনাসমূহেই অসমৰ পৰিচয় হৈ পৰিছিল কিন্তু বৰ্তমানৰ চৰকাৰৰ বিগত প্রায় পাঁচ বছৰীয়া কাৰ্যকালত মেধাভিত্তিক চাকৰি, ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং, উদ্যোগীকৰণ
আদিৰেহে অসম পৰিচিত হৈ পৰিছে। তেওঁ কয়—‘আজি অসমে বিকাশ, শিক্ষা আৰু সংস্কৃতিৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। বিহু, ঝুমইৰ, বাগুৰুমবা নৃত্যৰ
বিশাল আৰু দৃষ্টিনন্দন পৰিৱেশন, চৰকাৰী চাকৰিত ডেৰ লাখৰো অধিক যুৱক-যুৱতীক নিযুক্তি, ৩২ লাখ মহিলালৈ উদ্যমিতাৰ পুঁজি, ৪০ লাখ পৰিয়াললৈ অৰুণোদয় আঁচনি প্ৰদান আদিৰ দৰে পদক্ষেপৰ কথা কোনেও কল্পনা কৰিব পৰা নাছিল ।
আজি দুলীয়াজান সমষ্টিত আয়োজিত এই অনুষ্ঠানত বিধায়ক তেছ গোৱালা, বিধায়ক তৰংগ গগৈকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, জিলা
আয়ুক্তকে ধৰি জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল আৰু হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে।
মুখ্যমন্ত্ৰীয়ে আজি সন্ধিয়া দুলীয়াজানৰ নেহৰু ময়দান ক্রীড়া প্ৰকল্পত মুখ্যমন্ত্ৰীৰ চাহ জনজাতি আৰু আদিবাসী ফুটবল প্রতিযোগিতা, ২০২৫-২৬ ৰ ১৭বছৰ অনুৰ ল'ৰাৰ চূড়ান্ত খেলখন উপভোগ কৰে। ৰাজ্যিক পৰ্যায়ৰ এই চূড়ান্ত খেলখনত অৱতীৰ্ণ হোৱা তিনিচুকীয়া
আৰু কাছাৰ জিলাৰ দল দুটাৰ খেলুৱৈসকলৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উৎসাহিত কৰে।
এই উপলক্ষ্যত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা সাংসদ ৰামেশ্বৰ তেলী, স্থানীয় বিধায়ক তেছ গোৱালা, ভাস্কৰ শৰ্মা, পোণাকন বৰুৱা, প্ৰাক্তন
কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰকে ধৰি বহুসংখ্যক গণ্য- মান্য ব্যক্তি আৰু বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে।