...

জকাইত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ

Spread the love

জকাইত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ

 

ৰাইজৰ আৰ্শীবাদ শিৰত লৈ নৱগঠিত খোৱাং সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছোঁ:লুৰিণ

চাইন অন ডেস্ক:

ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত জকাই অঞ্চলৰ কেবাখনো গাঁৱত কালি বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে নিৰ্বাচনী 
প্ৰচাৰ সভাত অংশগ্ৰহন কৰে। উল্লেখযোগ্য যে অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া মনোনীত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে
 সমগ্ৰ খোৱাং সমষ্টিৰ অন্যতম প্ৰধান অঞ্চল জকাইত দলীয় শীৰ্ষ স্থানীয় নেতৃত্বৰ উপৰিও বিৰোধী ঐক্য মঞ্চৰ প্ৰধান সহযোগী কং(ই), আৰু ৰাইজৰ দ'লৰ নেতৃত্ব
 উপস্থিত থাকে।কালি খোৱাং সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে জকাই কোঁৱৰ গাওঁ, জকাই হাহঁচৰা, জকাই চামগুৰি, ১নং আৰু ২নং মহমাৰী ,
 টেমটোৰ লগতে কেবাখনো গাঁৱত নিৰ্বাচনী প্ৰচাৰ কৰে। নিজৰ ভাষণত খোৱাং সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে সমগ্ৰ খোৱাং সমষ্টিৰ-জনসাধাৰণৰ পৰা 
যথেষ্ট সমৰ্থন আৰু সঁহাৰি পাবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে। আনহাতে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অসমৰ কৃষ্টি -সংস্কৃতি, জাতীয় জীৱন, অৰ্থনৈতিক, সাংস্কৃতিক,
 ৰাজনৈতিক, সামাজিক সুৰক্ষিত কৰাৰ মানসেৰে, ভ্ৰষ্টাচাৰ, অনাচাৰ, অবিচাৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে খোৱাং বাসী ৰাইজে পৰিত্ৰাণ বিচাৰিলে, সেয়ে ৰাইজৰ আকুল
 আহ্বানৰ প্ৰতি ৰাইজৰ আৰ্শীবাদ শিৰত লৈ নৱগঠিত খোৱাং সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছোঁ বুলি প্ৰকাশ কৰে আৰু খোৱাং সমষ্টিৰ জনসাধাৰণৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত 
সেৱা কৰাৰ প্ৰয়াসেৰে বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ভোটদানৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত ৰাইজৰ প্ৰতি আহ্বান জনায়। বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী 
গৰাকীৰ সৈতে নিৰ্বাচনী প্ৰচাৰ সভাত অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সভাপতি শোভাকৰণ কোহাঞি, ডিব্ৰুগড় জিলা চাহ শক্তিৰ হৈ শম্ভু তাঁতী জিলা সাধাৰণ সম্পাদক
 ভাস্কৰ সন্দিকৈ, উপ-সভাপতি গৌৰী শংকৰ দাস, ডিব্ৰুগড় জিলা কং(ই) সমিতিৰ উপ-সভাপতি দেৱৰঞ্জন গগৈ, জ্যেষ্ঠ কং(ই) নেতা চিত্ত বৰগোহাঁই, ৰাইজৰ দলৰ 
ডিব্ৰুগড় জিলা সভাপতি হিতেশ গগৈ আৰু জকাই আঞ্চলিক অসম জাতীয় পৰিষদৰ সভাপতি প্ৰহলাদ কলিতাই সহযোগিতা আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *