ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত “লোক কল্যাণ দিৱস-২০২৫” উদযাপন
চাইন অন ডেস্ক:
অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ৭৫ সংখ্যক পূণ্যতিথি উপলক্ষ্যে সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাতো কালি ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত “লোককল্যাণ দিৱস” ডিব্ৰুগড় জিলা গ্ৰাম্য উন্নয়ন অভিকৰনৰ জাগৃতি প্ৰেক্ষাগৃহত উদযাপন কৰা হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা, স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন । “লোককল্যাণ দিৱস”ৰ কাৰ্যসূচীৰ আৰম্ভণিতে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলী অৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতৰ আদৰ্শ আৰু চিন্তাধাৰা বৰ্তমানৰ সমাজ জীৱনৰ বাবে প্ৰেৰণাদায়ক বুলি উল্লেখ কৰাৰ লগতে ৰাজ্যখনৰ প্ৰতিগৰাকী ব্যক্তি তথা নৱপ্ৰজন্মৰ বাবে অনুকৰণীয় বুলি মন্তব্য আগবঢ়ায়। তেখেতে অসম চৰকাৰে কৰ্মদক্ষ, নিষ্ঠাবান তথা সৎ বিষয়া- কৰ্মচাৰীসকলক লোকসেৱাৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰাৰ এই পদক্ষেপে অন্যান্য কৰ্মচাৰীসকলকো নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰাত যথেষ্ট উৎসাহিত কৰিব বুলি নিজ ভাষণত উল্লেখ কৰে।
প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীকে নতুনত্বক আদৰি পৰিৱৰ্তীত কৰ্মসংস্কৃতিৰ সৈতে নিজকে খাপ খুৱাই সততা আৰু নিষ্ঠাসহকাৰে ৰাইজৰ সেৱাত ব্ৰতী হবলৈয়ো মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱাই উদ্দেশ্য ব্যাখ্যা তথা আদৰণি ভাষণ আগবঢ়োৱা “লোককল্যাণ দিৱস”ৰ আজিৰ কাৰ্য্যসূচীত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বানিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ কেশৱানন্দ হালৈ।
তেখেতে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱে ভাৰতৰ স্বাধীনতা আন্দোলনত আগবঢ়োৱা অৱদান বিতংকৈ উল্লেখ কৰাৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ৰাজনৈতিক বিচক্ষণতাৰ ওপৰতো আলোকপাত কৰে। তেওঁ প্ৰশাসন যন্ত্ৰৰ লগতে প্ৰতিটো বিভাগ তথা কৰ্মস্থলীত কিদৰে পৰিৱৰ্তনৰ সুচনা হৈছে সেই বিষয়েও আলোকপাত কৰে।
ডিব্ৰুগড় জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বৰাই আঁত ধৰা সভাত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাস, নিৰ্বাচনী বিষয়া প্ৰাঞ্জীল গগৈ, সহকাৰী আয়ুক্ত জুৰি দলে প্ৰমুখ্যে বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া তথা কৰ্মচাৰীসকল আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।