...

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান মূৰব্বী লোহিত চন্দ্ৰ ডেকাৰ অৱসৰ

Spread the love

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান মূৰব্বী লোহিত চন্দ্ৰ ডেকাৰ অৱসৰ

ডিব্ৰুগড় কেন্দ্ৰক দি গ’ল এক নতুন মাত্ৰা

চাইন অন ডেস্ক:

কৰ্মময় জীৱনৰ অধিকাংশ সময় আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত কটাই, বহু গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰযোজনা কৰি কেন্দ্ৰটোক দেশৰ ভিতৰত আগশাৰীৰ আৰু চৰ্চিত কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ মূৰব্বী লোহিত চন্দ্ৰ ডেকাই পৰিপূৰ্ণ দায়িত্ব পালন কৰি আজি ৩১ মাৰ্চত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। সুদীৰ্ঘ ৩৬ বছৰ ৯ মাহ আকাশবাণী কেন্দ্ৰত বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি অহা লোহিত চন্দ্ৰ ডেকাৰ জন্ম ১৯৬৬ চনৰ ৯ ফেব্ৰুৱাৰীত। তেওঁ ১৯৮৯ চনৰ ৩ জুলাইত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত চাকৰিত যোগদান কৰে। পৰৱৰ্তী সময়ত তেওঁ ১৯৯৬ চনত আকাশবাণীৰ বাতৰি বিভাগত ছয় বছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰে। তাৰ পিছত পুনৰ অনুষ্ঠান বিভাগলৈ ঘূৰি আহি বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে। ২০০৮ চনৰ পৰা ২০১০ চনলৈ তেওঁ ‘আকাশবাণী টাৱাং কেন্দ্ৰ’ত কাৰ্যনিৰ্বাহ কৰে। সুদীৰ্ঘদিন আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত কাৰ্যনিৰ্বাহ কৰি থকা কালছোৱাত তেওঁ বহু গুৰুত্বপূৰ্ণ অনুষ্ঠান, তথ্যালেখ্য আদি প্ৰযোজনা কৰিছিল। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল ১৯৯১ চনত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (তেতিয়া অভয়াৰণ্য)ক লৈ তথ্যচিত্ৰ,১৯৯৪-৯৫ চনত মীন শিক্ষাৰ অনাতাঁৰ পাঠ্যক্ৰম ‘বালিচন্দা’-ৰ প্ৰযোজনা সহযোগিতা, ১৯৯৯ চনত প্ৰথম ‘লাইভ ফোন-ইন’ কাৰ্যসূচীৰ প্ৰযোজনা,১৯৯৫ -৯৬ চনত ৰূপজ্যোতি দুৱৰাৰ সৈতে ‘এইড্‌ছ’ সম্পৰ্কীয় অনাতাঁৰ পাঠ্যক্ৰম প্ৰযোজনা,১৯৯৭ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত উদ্যোগ,১৯৯৯ চনত লোকসভা নিৰ্বাচন সম্পৰ্কীয় লাইভ অনাতাঁৰ বিশ্লেষণ, ২০০২ চনৰ পৰা দায়িত্ব গ্ৰহণ কৰি ‘আজিৰ দিনটো’ অনুষ্ঠানত নতুনত্ব আনে। এই আজিৰ দিনটো অনুষ্ঠানটি সেই সময়ত তথ্য আৰু সম্পাদনা কৰিছিল ভূষণ জ্যোতি সন্দিকৈ, এম হাছিম আলী , পেইম থি গোহাঁই, মুজাহিদ জাফ্ৰী, ৰূপালী সোনোৱাল , অৰ্পণা বৰা, গীতিমল্লিকা গগৈ, অৰ্চনা বৰা, অশ্বিনী কুমাৰ দত্ত আদিয়ে। এই অনুষ্ঠানৰ জৰিয়তে অসমৰ সৰ্বস্তৰৰ মানুহৰ সাক্ষাৎ গ্ৰহণৰ লগতে সেই দিনত ঘটি যোৱা তথ্য আৰু বাতৰি কাকতৰ শিৰোনাম আছিল এক উল্লেখযোগ্য অংশ।’আজিৰ অতিথি’, ‘প্ৰযোজকৰ চিন্তা’, ‘বাটে-ঘাটে’ আদি কাৰ্যসূচী সংযোজন কৰি ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰে। ইয়াৰ উপৰি ২০০৪ চনত ‘শ্ৰীমন্ত শংকৰদেৱ’ শীৰ্ষক বছৰজোৰা অনুষ্ঠানৰ পৰিকল্পনা আৰু ব্যাখ্যা, ২০১২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰথম উত্তৰ-পূবাঞ্চল লোকসংগীত মহোৎসৱ আয়োজন,
শদিয়াৰ ভূপেন হাজৰিকা আৰু মামনী ৰয়চম গোস্বামী স্মাৰক অনুষ্ঠান, লখিমপুৰত লোকসংগীত মাধুৰী অনুষ্ঠান আয়োজন, ২০১৩ চনত জয়পুৰত ‘ধৰিত্ৰী উৎসৱ’ আয়োজন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘ফিউজন সংগীত’ অনুষ্ঠান আয়োজনতো আদিতো তেওঁ মুখ্য ভূমিকা পালন কৰিছিল।বহু বছৰ ধৰি তেওঁ কেন্দ্ৰটোৰ অনুষ্ঠান মুৰব্বী হিচাপে দায়িত্ব পালন কৰাৰ লগতে বিগত প্ৰায় চাৰি বছৰ দূৰদৰ্শন কেন্দ্ৰ, ডিব্ৰুগড়ৰ অনুষ্ঠান মূৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল। লোহিত চন্দ্ৰ ডেকাৰ পৰিকল্পনাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ৩৫ টা খণ্ডৰ ‘ওপজা মাটিৰ সুৰ—এক যাত্ৰা’ শীৰ্ষক অসমৰ লোকসংগীতৰ উপাদানসমৃদ্ধ এক অভিনৱ অনুষ্ঠান পৰিকল্পনা আৰু প্ৰচাৰ হৈছিল।শেহতীয়াকৈ বনসম্পদ উন্নয়ন আৰু কৃষি অৰ্থনীতিৰ বিকাশৰ বাবে ২০২৪ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই প্ৰচাৰ কৰা ‘মেগা’ ধাৰাবাহিক ’সুষমা বসুন্ধৰা’ৰ মূল পৰিকল্পনাকাৰ হিচাপে লোহিত চন্দ্ৰ ডেকাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অনুষ্ঠানটো যোৱা ডেৰ বছৰত মুঠ ৭১টা খণ্ড সম্প্ৰচাৰিত হৈছে আৰু এতিয়াও প্ৰচাৰ হৈ আছে।এগৰাকী চিত্ৰশিল্পী হিচাপেও খ্যাতি থকা লোহিতচন্দ্ৰ ডেকাই বিভিন্ন বিশিষ্ট লেখকৰ বহু সংখ্যক গ্ৰন্থৰ বেটুপাত অংকন কৰিছে। ‘টাৱাঙত ছশ দিন’ আৰু ‘টেংগা ডায়েৰী’ তেওঁৰ ৰচিত দুখন উল্লেখযোগ্য গ্ৰন্থ। ডেকাৰ বিদায়ী অনুষ্ঠানত কেন্দ্ৰটোৰ সহকাৰী সঞ্চালক ইন্দিৰা মৰাং,অনুষ্ঠান কাৰ্য্যবাহী পৰশা কোঁৱৰ, অৰুণ মৰাং, চাপাম দৰেন্দ্ৰ সিং, সম্প্ৰসাৰণ কাৰ্যবাহী জিন্টু চেতিয়াৰ লগতে নিয়মীয়া কৰ্মচাৰীৰ লগতে কেজুৱেল কৰ্মচাৰীসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *