...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক দিৱস উদ্‌যাপন

Spread the love

 

 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক দিৱস উদ্‌যাপন

 

 

কিতাপ কেৱল পঢ়িলেই নহ’ব, ইয়াক বিশ্লেষণ কৰি জীৱনৰ উত্তৰণৰ কাৰণে চেষ্টা কৰিব লাগিব:উপাচাৰ্য ড০ জিতেন হাজৰিকা

চাইন অন ডেস্ক:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত হোৱা গ্ৰন্থাগাৰিক দিৱসত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই পুৱা ১০ বজাত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। ইয়াৰ পিছৰ কাৰ্যসূচী হিচাপে এচিএলএ আৰু Dibrugarh Library Association-এ সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰৰ মুৰব্বী গ্ৰন্থাগাৰিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান অধ্যয়ন কেন্দ্ৰ’ৰ মুৰব্বী ড° উৎপল দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে ড° এছ আৰ ৰঙ্গনাথনৰ জীৱনীৰ আলোকপাত কৰি বক্তব্য ৰাখে।

ক’ৰণাৰ সময়ত কেনেদৰে ইলেক্ট্ৰনিক সামগ্ৰীসমূহে সজাগতা প্ৰসাৰ কৰাৰ লগতে সেৱা আগবঢ়াইছিল আৰু এচিএলএ কেনেদৰে শৈক্ষিক ক্ষেত্ৰত পঢ়ন অভ্যাসৰ ওপৰত গুৰুত্ব দি এই বিষয়ে উল্লেখ কৰি অসম মহাবিদ্যালয় গ্ৰন্থাগাৰ সন্থাৰ সাধাৰণ সম্পাদক ড° বিৰেন্দ্ৰে পালে বক্তব্য ৰাখে। তেওঁ এচিএলএৰ জন্ম, ১৫৩খন ৱেবইনাৰছ্‌, SWAYAM PLUS প’ৰ্টেল, VIRTUAL LAB আৰু NDLIৰ বিষয় বিস্তৃত বিৱৰণেৰ এক বহুমূলীয়া বক্তব্য ৰাখে। তাৰ পাছতে যাদৱজ্যোতি শইকীয়া আৰু দিপিকা কলিতাৰ ৰচিত গ্ৰন্থ “Preservation of library Material: Principal & Practices” খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা, অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিক ড° উৎপল দাসে উন্মোচন কৰে।

গ্ৰন্থখন উন্মোচন কৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে গ্ৰন্থখনৰ বিষয়ে চমুকৈ কৈ গ্ৰন্থাগাৰৰ পিতৃস্বৰূপ ড° এছ আৰ ৰঙ্গনাথনৰ বিষয়ে আলোকপাত কৰে। তেওঁ গ্ৰাম্য পুঁথিভঁৰালৰ বিপৰিতে গ্ৰামীণ পুঁথিভঁৰাল হিচাপে লিখোঁতে, কওঁতে ব্যৱহাৰ কৰিবলৈ উল্লেখ কৰি বৰ্তমান সন্তানক পঢ়োৱাতো ভৱিষ্যতৰ বাবে কৰা এটা বিনিয়োগ বুলি কৈ এশৰ ভিতৰত সন্তানে এশ নম্বৰ পালে অভিভাৱকসকলে নিজকে সফল অভিভাৱক বুলি ভাবে। বৰ্তমান মানুহে বাতৰি কাকতত প্ৰকাশিত প্ৰবন্ধৰ লগতে গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি জ্ঞানৰ গভীৰতা বঢ়াব লাগিব বুলি কৈ সন্তানক এক সুন্দৰ শৈক্ষিক পৰিৱেশ দিয়াত ব্যৰ্থ হোৱাৰ কথা উল্লেখ কৰাৰ লগতে তেওঁলোকে সন্তানক চাকৰিমুখী কৰিব বিচাৰে বুলি ব্যক্ত কৰি এক ৰসাল বক্তব্য ৰাখে। তেওঁ কয় – শিক্ষা কেৱল জীয়াই থকাৰ বাবে নহয় কিন্তু ই জীৱনটোক আগুৱাই নিব পাৰে।

ইয়াৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, প্ৰাধ্যাপক ড° জিতেন হাজৰিকাই বক্তব্য ৰাখি কয় যে কিতাপ কেৱল পঢ়িলেই নহ’ব। ইয়াক বিশ্লেষণ কৰি জীৱনৰ উত্তৰণৰ কাৰণে আমি চেষ্টা কৰিব লাগিব বুলি উল্লেখ কৰি অতি সোনকালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটি শিশু গ্ৰন্থাগাৰ মুকলি কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কলেজ উন্নয়ন বিভাগৰ সঞ্চালক ড° ৰূপম শইকীয়াই তেওঁৰ বক্তব্যত লেখকসকলে গ্ৰন্থাগাৰিকৰ সহায়ত লেখনিৰ মানদণ্ড উন্নত কৰিব পাৰিব বুলি ব্যক্ত কৰে। আজিৰ সভাত সুৰজমল কানৈ কলেজৰ অধ্যক্ষ তথা ডিব্ৰুগড় গ্ৰন্থাগাৰ সন্থাৰ সঞ্চালক ড° শশীকান্ত শইকীয়াই ভাষণ প্ৰসংগত সমাজৰ উন্নতিৰ ক্ষেত্ৰত গ্ৰন্থৰ অৱদানৰ কথা উল্লেখ কৰি আজিৰ প্ৰেক্ষাপটত ৰাইজৰ কিতাপ কিনি পঢ়াৰ প্ৰৱণতা কমিছে বুলি ব্যক্ত কৰে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈ ১.৩০ বজাত সামৰণি পৰা উক্ত সভাৰ প্ৰথম অধিৱেশনত বিশিষ্ট ব্যক্তি হিচাপে শিৱসাগৰ কলেজ বৰ্তমান শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন গ্ৰন্থাগাৰিক দেৱ হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন অধ্যাপক ড° গোপালচন্দ্ৰ হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰাক্তন অধ্যাপক ড° পৰমানন্দ মহন্ত, তিনিচুকীয়া কমাৰ্চ কলেজৰ গ্ৰন্থাগাৰিক ড° সদানন্দ নাথ, লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰৰ প্ৰাক্তন সহকাৰী গ্ৰন্থাগাৰিক প্ৰকাশ গগৈৰ লগতে অন্যান্য ব্যক্তিসকলে ভাষণ প্ৰসংগত নিজা নিজা মত প্ৰকাশ কৰে।

আবেলি ২.৩০ৰ পৰা আৰম্ভ হোৱা ২য় অভিৱেশনত গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ প্ৰক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত তথ্য বিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী ড° উৎপল দাস আৰু অধ্যাপক-অধ্যাপিকা তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এলুমনাই এছ’ছিয়েশ্যনৰ এড-হ’ক্‌ কমিটী গঠন কৰি সভাপতি ড° মধুমিতা সন্দিকৈ, সাধাৰণ সম্পাদক শেখৰজ্যোতি নেওগ, সহকাৰী সাধাৰণ সম্পাদক হিচাপে অনুৰাগ বৰপাত্ৰগোহাঁইক নিৰ্বাচিত কৰা হয়। উক্ত অধিৱেশনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মত-বিনিময় অনুষ্ঠানৰ পাছতে দ্বিতীয় অধিৱেনৰ সামৰণি পৰে। গণ্য-মান্য ব্যক্তিৰ লগতে উক্ত অনুষ্ঠানত শতাধিক ছাত্ৰ-ছাত্ৰী তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *