শিক্ষামূলক ভ্ৰমণলৈ নি ৰঙাঘৰৰ আলহী লেজাইৰ শিক্ষকসহ লম্পট
শিক্ষক-ছাত্ৰীৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে ভণ্ড শিক্ষকে
শিক্ষামূলক ভ্ৰমণলৈ নি ছাত্ৰীক সুৰাপান কৰোৱাই গোপন অংগত স্পৰ্শ
চলন্ত বাছত ছাত্ৰীক যৌন নিযাৰ্তন শিক্ষকৰ
ভণ্ড শিক্ষক এটুৱাৰ ৰহমান আৰু সতীৰ্থ ৰাজেশ ঠাকুৰক গ্ৰেপ্তাৰ
চাইন অন ডেস্ক:
পুনৰ এক ভয়ংকৰ,জঘন্য কাণ্ডই কপাই গৈছে ডিব্ৰুগড়। শিক্ষক-ছাত্ৰীৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে এগৰাকী ভণ্ড শিক্ষকে।শিক্ষামূলক ভ্ৰমনলৈ নি ছাত্ৰীৰ গোপন অংগত কৰিলে স্পৰ্শ।এগৰাকী বা দুগৰাকীক নহয়,প্ৰায় ২০ গৰাকী ছাত্ৰীক চলন্ত বাছত চলালে যৌন অতিশৰ্য্য।ইয়াকে লৈ ডিব্ৰুগড়ৰ লেজাইত বিৰাজ কৰিছে এক চেপা উত্তেজনা।জানিব পৰা অনুসৰি যোৱা দেওবাৰে শিক্ষামূলক ভ্ৰমণলৈ নি ছাত্ৰীক অসৎ চৰিতাৰ্থ পূৰণৰ চেষ্টা চলোৱাৰ অভিযোগত ৰঙাঘৰৰ আলহী হ'ল লম্পট শিক্ষক। ডিব্ৰুগড়ৰ লেজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে শিক্ষক-ছাত্ৰীৰ পবিত্ৰ![]()
সম্পৰ্কক কালিমা সনা লজ্জানত ঘটনা। ইতিমধ্যে এই ঘটনাত অভিযুক্ত লম্পট শিক্ষকজনৰ লগতে আন এজন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। জানিব পৰামতে, দেওবাৰে শিক্ষামূলক ভ্ৰমণৰ বাবে শিৱসাগৰ তলাতল ঘৰৰ অভিমূখে ৭৯ গৰাকী ছাত্র-ছাত্ৰীক নিছিল আতোৱাৰ ৰহমান নামৰ লম্পট শিক্ষকে। এই কাৰ্যসূচীত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিসহ ১৫ জনকৈ লোক অভিভাৱক হিচাপে আছিল। তাৰে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীয়ো আছিল। কিন্তু লম্পট আতোৱাৰ ৰহমানৰ সৈতে আছিল ৰাজেশ ঠাকুৰ নামৰ এজন ব্যক্তি। য'ত বিদ্যালয়ৰ সৈতে নাছিল কোনো ধৰণৰ সম্পৰ্ক। অভিযোগ অনুসৰি আতোৱাৰে শিক্ষামূলক ভ্ৰমণলৈ নিছিল ভডকা (সুৰা)।ভ্ৰমণ সামৰি ঘৰলৈ ওভতাৰ সময়ত এগৰাকী ছাত্ৰীক পানীৰ বটল বুলি উক্ত ভডকাৰ বটলটো থবলৈ দিছিল।ছাত্ৰী গৰাকীয়ে কিবা এটা খোৱাত,বুকুত লাগি ধৰে আৰু তেতিয়া পানী বুলি সেই ভডকাৰ বটলৰ পৰা পানী বুলি মুখত ঢালে।কিন্তু উৎকট গোন্ধ পোৱাত পেলাই দিয়ে।তেতিয়া চতুৰ আৰু ধুৰন্ধৰ শিক্ষক আতোৱাৰে ছাত্ৰী গৰাকীক বুজনি দিবলৈ গৈ শৰীৰৰ বিভিন্ন গোপন অংগত স্পৰ্শ কৰে বুলিও প্ৰকাশ।অভিযোগ অনুসৰি আন বহু ছাত্ৰীৰ লগত চেলফি উঠাবলৈ লোৱাৰ চলৰে শৰীৰৰ গোপন অংগত হাতেৰে চুই পৈশাচিক তৃপ্তি লভিছিল।আনহাতে অভিযোগ অনুসৰি শিক্ষক আতোৱাৰে শিৱসাগৰৰ তলাতল ঘৰৰ পৰা উভতি অহাৰ সময়তে বাহনত সংঘটিত কৰিছিল এই জঘন্য অপকৰ্ম। ১২ গৰাকী ছাত্ৰীক,পানী বুলি ভডকা পান কৰোৱাই আতোৱাৰে ছাত্ৰীৰ বিভিন্ন অংগত স্পৰ্শ কৰিছিল। ঘটনাৰ দুদিনমানৰ পাছতে পৰিয়ালৰ লোকক ছাত্ৰীকেইগৰাকী অৱগত কৰাত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। বৰবৰুৱা আৰক্ষী থানাৰ ১১০/২০২৫ নম্বৰত গোচৰ পঞ্জীয়ন কৰি ৭৫/(২)ৰ অধীনৰ ভাৰতীয় ন্যায় সংহিতাৰ সংলগ্ন ধাৰা ১০ পক্সো আইন আৰু সংলগ্ন ধাৰা ৭৫/৭৭ জেজে আইনৰ অধীনত আতোৱাৰ আৰু ৰাজেশক গ্ৰেপ্তাৰ কৰে। ধুবুৰীৰ বিলাসীপাৰাত ঘৰ আতোৱাৰে কিছুদিনৰ পূৰ্বে বিদ্যালয়খনত যোগদান কৰি লেজাইৰ এক ভাড়াঘৰত আছিল।এনেধৰণৰ অপকৰ্ম সংঘটিত কৰি শাস্তিমূলক হিচাপে লেজাইলৈ বদলি হৈ আহিছিল আতোৱাৰ ৰহমান। উল্লেখ্য যে ঘটনাত জড়িত আনজন অভিযুক্ত ৰাজেশ ঠাকুৰৰ নাছিল বিদ্যালয় খনৰ লগত কোনো সম্পর্ক।লেজাইৰ নিৱাসী ৰাজেশো কিন্তু গৈছিল এই শিক্ষামূলক ভ্ৰমণলৈ।জানিব পৰা অনুসৰি ৰাজেশৰ সম্বন্ধত এজন দদায়েকহে বিদ্যালয় খনৰ লগত শিক্ষকতাত জড়িত বুলি জানিব পৰা গৈছে।ইফালে ডিব্ৰুগড় বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই কোনোধৰণৰ অনুমতি নোলোৱাকৈ দেওবাৰে পিকনিকলৈ যোৱা বুলি প্ৰকাশ কৰে।আনহাতে কেইবাগৰাকীও মহিলা শিক্ষয়িত্ৰী থকাৰ পাছতো কিয় দুজন শিক্ষকে ছাত্ৰী সকলক লৈ শিক্ষামূলক ভ্ৰমণত গৈছিল তাকে লৈ বহু ৰহস্যৰ সৃষ্টি হৈছে।
সম্পৰ্কক কালিমা সনা লজ্জানত ঘটনা। ইতিমধ্যে এই ঘটনাত অভিযুক্ত লম্পট শিক্ষকজনৰ লগতে আন এজন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। জানিব পৰামতে, দেওবাৰে শিক্ষামূলক ভ্ৰমণৰ বাবে শিৱসাগৰ তলাতল ঘৰৰ অভিমূখে ৭৯ গৰাকী ছাত্র-ছাত্ৰীক নিছিল
আতোৱাৰ ৰহমান নামৰ লম্পট শিক্ষকে। এই কাৰ্যসূচীত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিসহ ১৫ জনকৈ লোক অভিভাৱক হিচাপে আছিল। তাৰে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীয়ো আছিল। কিন্তু লম্পট আতোৱাৰ ৰহমানৰ সৈতে আছিল ৰাজেশ ঠাকুৰ নামৰ এজন ব্যক্তি। য'ত বিদ্যালয়ৰ সৈতে
নাছিল কোনো ধৰণৰ সম্পৰ্ক। অভিযোগ অনুসৰি আতোৱাৰে শিক্ষামূলক ভ্ৰমণলৈ নিছিল ভডকা (সুৰা)।ভ্ৰমণ সামৰি ঘৰলৈ ওভতাৰ সময়ত এগৰাকী ছাত্ৰীক পানীৰ বটল বুলি উক্ত ভডকাৰ বটলটো থবলৈ দিছিল।ছাত্ৰী গৰাকীয়ে কিবা এটা খোৱাত,বুকুত লাগি ধৰে আৰু তেতিয়া পানী বুলি সেই ভডকাৰ
বটলৰ পৰা পানী বুলি মুখত ঢালে।কিন্তু উৎকট গোন্ধ পোৱাত পেলাই দিয়ে।তেতিয়া চতুৰ আৰু ধুৰন্ধৰ শিক্ষক আতোৱাৰে ছাত্ৰী গৰাকীক বুজনি দিবলৈ গৈ শৰীৰৰ বিভিন্ন গোপন অংগত স্পৰ্শ কৰে বুলিও প্ৰকাশ।অভিযোগ অনুসৰি আন বহু ছাত্ৰীৰ লগত চেলফি উঠাবলৈ লোৱাৰ চলৰে শৰীৰৰ
গোপন অংগত হাতেৰে চুই পৈশাচিক তৃপ্তি লভিছিল।আনহাতে অভিযোগ অনুসৰি শিক্ষক আতোৱাৰে শিৱসাগৰৰ তলাতল ঘৰৰ পৰা উভতি অহাৰ সময়তে বাহনত সংঘটিত কৰিছিল এই জঘন্য অপকৰ্ম। ১২ গৰাকী ছাত্ৰীক,পানী বুলি ভডকা পান কৰোৱাই আতোৱাৰে ছাত্ৰীৰ বিভিন্ন অংগত স্পৰ্শ কৰিছিল।
ঘটনাৰ দুদিনমানৰ পাছতে পৰিয়ালৰ লোকক ছাত্ৰীকেইগৰাকী অৱগত কৰাত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। বৰবৰুৱা আৰক্ষী থানাৰ ১১০/২০২৫ নম্বৰত গোচৰ পঞ্জীয়ন কৰি ৭৫/(২)ৰ অধীনৰ ভাৰতীয় ন্যায় সংহিতাৰ সংলগ্ন ধাৰা ১০ পক্সো আইন আৰু
সংলগ্ন ধাৰা ৭৫/৭৭ জেজে আইনৰ অধীনত আতোৱাৰ আৰু ৰাজেশক গ্ৰেপ্তাৰ কৰে। ধুবুৰীৰ বিলাসীপাৰাত ঘৰ আতোৱাৰে কিছুদিনৰ পূৰ্বে বিদ্যালয়খনত যোগদান কৰি লেজাইৰ এক ভাড়াঘৰত আছিল।এনেধৰণৰ অপকৰ্ম সংঘটিত কৰি শাস্তিমূলক হিচাপে লেজাইলৈ বদলি হৈ আহিছিল আতোৱাৰ ৰহমান।
উল্লেখ্য যে ঘটনাত জড়িত আনজন অভিযুক্ত ৰাজেশ ঠাকুৰৰ নাছিল বিদ্যালয় খনৰ লগত কোনো সম্পর্ক।লেজাইৰ নিৱাসী ৰাজেশো কিন্তু গৈছিল এই শিক্ষামূলক ভ্ৰমণলৈ।জানিব পৰা অনুসৰি ৰাজেশৰ সম্বন্ধত এজন দদায়েকহে বিদ্যালয় খনৰ লগত শিক্ষকতাত জড়িত বুলি জানিব পৰা গৈছে।ইফালে
ডিব্ৰুগড় বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই কোনোধৰণৰ অনুমতি নোলোৱাকৈ দেওবাৰে পিকনিকলৈ যোৱা বুলি প্ৰকাশ কৰে।আনহাতে কেইবাগৰাকীও মহিলা শিক্ষয়িত্ৰী থকাৰ পাছতো কিয় দুজন শিক্ষকে ছাত্ৰী সকলক লৈ শিক্ষামূলক ভ্ৰমণত গৈছিল তাকে লৈ বহু ৰহস্যৰ সৃষ্টি হৈছে।