ডিব্ৰুগড়ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল
ভৱিষ্যতৰ দিনত অসম আৰু অসমীয়ালৈ নামি আহিব দুৰ্দশা
চাইন অন ডেস্ক:
‘ভবিষ্যতৰ দিনত অসম আৰু অসমীয়ালৈ ভয়ংকৰ দুৰ্দশা নামি আহিব।কিয়নো, বৰ্তমানৰ ৰাজ্য চৰকাৰে কেৱল ঋণৰ ওপৰতেই নিৰ্ভৰশীল হৈ পৰিছে। এশ-দুশ নহয়, বহু হাজাৰ লাখ কোটি টকা ঋণ লৈ ৰাজ্য চলাই আহিছে। যাৰ ফলত আমাৰ ৰাজ্যৰ জনতাৰ ওপৰত ইয়াৰ প্ৰভাৱ বাৰুকৈয়েই পৰিব।’ এই মন্তব্য প্ৰকাশ কৰিছে অসম বিধান সভাৰ বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়াই। আজি ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেল সম্বোধন কৰি দেবব্ৰত শইকীয়াই পুনৰাই কয় যে, পূৰ্বৰ চৰকাৰে কোটি কোটি টকাৰ ধাৰ লগাই থৈ যোৱাৰ বাবে এতিয়া মুখ্যমন্ত্ৰীয়ে কোনো নতুন আঁচনি দিব নোৱাৰা বা ঠিকাদাৰক ধন পৰিশোধ কৰিব নোৱাৰা বুলিও যি অভিযোগ উত্থাপন কৰিছে সেয়াও গোকাট মিছা বুলিও শইকীয়াই সদৰী কৰে। বিগত ৫৪ চনত ডিব্ৰুগড়লৈ প্ৰধানমন্ত্ৰী অহাৰ পাছত ডিব্ৰুগড়ৰ নগৰ সুৰক্ষা বান্ধটো নিৰ্মাণ কৰিছিল, যাৰ ফলত ডিব্ৰুগড় বানৰ কৱলৰ পৰা ৰক্ষা পৰিছিল। কিন্তু সম্প্ৰতি ডিব্ৰুগড়ৰ মাইজানত হৈ থকা প্ৰবল গৰাখহনীয়াই মহানগৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। চৰকাৰক এই বিষয়টোৰ সন্দৰ্ভত যথাযথ ভাবে বিহিত ব্যবস্থাও গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। ডিব্ৰুগড় মহানগৰৰ কৃত্ৰিম বান ৰোধ কৰিবৰ বাবেই যিদৰে পৰিকল্পনাসহ নলা-নৰ্দমা নিৰ্মাণ কৰিব লাগিছিল, সেয়াও কাৰ্যত নোহোৱাৰ অভিযোগ কৰি স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী গৰাকীকো মহানগৰৰবাসীক উপযুক্ত সুবিধা প্ৰদান নকৰাৰ বাবে চোকা সমালোচনা কৰে।ইফালে ডিব্ৰুগড়ক দ্বিতীয়খন ৰাজধানী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড়বাসীৰ কোনোধৰণৰ মতামত গ্ৰহণ নকৰি বলপূৰ্বক ভাবেই ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী নিৰ্মাণ কৰাত গুৰুত্ব প্ৰদান কৰিছে। যাৰ ফলত ডিব্ৰুগড়ৰ পুৰনি বাসিন্দা সকলে যমৰ-যাতনাত ভূগিব লাগিব বুলি শইকীয়াই তাৎপৰ্যপূণ মন্তব্য কৰে।
সেয়ে ৰাজনৈতিক চমক দিয়াৰ পূৰ্বে ডিব্ৰুগড়ক বিজ্ঞানসন্মত তথা প্ৰণালীবদ্ধভাবে নিৰ্মাণ কৰাৰ দাবী জনাই বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়াই। আনহাতে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ২৬ হাজাৰ কৰ্মচাৰীয়ে গণতান্ত্ৰিকভাবে আন্দোলন কৰি থকাৰ পিছত মুখ্যমন্ত্ৰীয়ে ভয়-ভাবুকি প্ৰদান কৰাটো গৰিহণাৰ যোগ্য বুলি শইকীয়াই মত প্ৰকাশ কৰে।
