ঠিকনা সলনি হল লাহৰীঘাটৰ লাহৰী চৰ পিকনিক স্পটৰ। লাহৰীঘাট সমজিলা প্ৰশাসনৰ অগোচৰে ব্যক্তিগত লাভালাভৰ বাবে সলনি কৰে লাহৰী চৰ পিকনিক স্পট। ইয়াকে লৈ লাহৰীঘাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে যোৱা বছৰ ১৪ অক্টোবৰ তথা মৰিগাঁও জিলা দিৱসৰ দিনা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰ, মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰী আৰু লাহৰীঘাট সম-জিলাৰ আয়ুক্তৰ লগতে সমজিলা আৰক্ষী অধীক্ষকৰ উপস্হিতিত কাঠনিৰ উত্তৰ দিশত পিকনিক স্পট হিচাপে লাহৰী চৰ শুভ উদ্বোধন কৰিছিল। প্ৰশাসনে পিকনিক স্পট উদ্ধোধন কৰাৰ পিছত বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটে। কিন্তু স্হানীয় প্ৰশাসনে পিকনিক স্পটটোত পৰ্যটক অহা যোৱাৰ বাবে কোনো ধৰণৰ নিৰ্দেশনা জাৰি নকৰাত পৰ্যটক সকল স্হানীয় একাংশ দূষ্ট চক্ৰৰ কবলত হাৰাশান্তি খাবলগা হয়। পিকনিক স্পটত যাব লগা হোৱাত নাৱৰীয়া সকলে অধিক হাৰত ধন লয় বুলি পূৰ্বৰে পৰা অভিযোগ উত্থাপন হৈ আহিছে। দুদিন পূৰ্বে এক দৃষ্টচক্ৰই পৰ্যটকৰ পৰা অকৃত্বশীল ভাৱে ধন বিচৰাত কাজিয়াৰ সূত্ৰপাত হয়। অতি আচৰিত ঘটনা যে মৰিগাঁও জিলা দিৱসৰ দিনা যিটো চাপৰিক লাহৰী চাপৰি হিচাপে চিহ্নিত কৰি লাহৰী চৰ পিকনিক স্পট বুলি উদ্ধোধন কৰিছিল, তাৰ পৰিৱৰ্তে একাংশৰ ব্যক্তিগত লাভালাভৰ বাবে বেলেগ এটা বেলেগ এটা চাপৰিত নিশাৰ ভিতৰতেই লাহৰী চৰ পিকনিক স্পট বুলি প্ৰতিষ্ঠা কৰে। লাহৰীঘাট সমজিলাৰ সহকাৰী আয়ুক্ত প্ৰমোদ শৰ্মা আৰু এটি সাংবাদিকৰ দল তাত উপস্থিত হোৱাত এই ভয়ংকৰ ঘটনা পোহৰলৈ আহে। পিকনিক স্পট সলনি কৰাত স্হানীয় প্ৰশাসন অৱগত নহয় বুলি সহকাৰী আয়ুক্ত প্ৰমোদ শৰ্মা সাংবাদিকক জানিব দিয়ে। এতিয়া প্ৰশ্ন হল কাৰ নিৰ্দেশত আৰু কোনে নিশাৰ ভিতৰত স্হানীয় প্ৰশাসনক অন্ধকাৰত ৰাখি পিকনিক স্পটৰ স্হান সলনি কৰিলে এয়া এক কোটিটকীয়া প্ৰশ্নত পৰিণত হৈছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.