...

লাহৰীঘাটত কংগ্ৰেছত ব্যাপক খহনীয়া

Spread the love

লাহৰীঘাটত কংগ্ৰেছত ব্যাপক খহনীয়া

 

কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সহ সহস্ৰাধিকৰ কংগ্ৰেছ ত্যাগ

চাইন অন ডেস্ক:

৫৩ নং লাহৰীঘাট সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সহ সহস্ৰাধিক কৰ্মীয়ে দলত্যাগ কৰে। লাহৰীঘাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা ৰাজ্যিক সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ডাঃ ফৰিদুল হুছেইনে যোৱা নিশা পদত্যাগ কৰে । ডাঃ হুছেইনৰ লগতে মৰিগাঁও জিলা কংগ্ৰেছৰ উপসভাপতি আজিজুৰ ৰহমান(বিল্লা), লাহৰীঘাট ব্লক কংগ্ৰেছৰ সম্পাদক আতাউৰ ৰহমানৰ, মৰিগাঁও জিলা কংগ্ৰেছৰ সেৱা দলৰ সাধাৰণ সম্পাদক ইক্ৰামুল হুছেইনে কংগ্ৰেছ দলৰ সকলো বিষয়বাৱৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে। ইয়াৰ লগতে ডাঃ ফৰিদুল হুছেইনৰ শ শ সমৰ্থকে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। লাহৰীঘাটৰ পৰা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰিত্ৰাণ বিচাৰি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। পদত্যাগ কৰাৰ পিছত কংগ্ৰেছ কৰ্মী সকলে কংগ্ৰেছ প্ৰাৰ্থী ডাঃ আছিফ মহম্মদ নাজাৰ আৰু গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি দিয়ে পৰিবেশ উত্তাল কৰি তোলে ।আনহাতে দলত্যাগ কৰা কংগ্ৰেছ কৰ্মী সকলে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ছিদ্দিক আহমেদক সমৰ্থন কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।শ শ কংগ্ৰেছীৰ দলত্যাগে নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী ডাঃ আছিফ মহম্মদ নাজাৰ শলঠেকত পৰাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *