ডিব্ৰুগড়ত জিলা প্ৰশাসন, নাগৰিক মঞ্চৰ সহযোগত মহাবীৰ লাচিত দিৱস উদযাপন
চাইন অন ডেস্ক:
তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰ, আহোম সভা,ডিব্ৰুগড় সদৰ আৰু ডিব্ৰুগড় নাগৰিক মঞ্চৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত স্থানীয় জয়মতী উদ্যানত মহাবীৰ লাচিত বৰফুকনৰ ৪০৩ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয়। এই উদ্দেশ্যে তাই কেন্দ্ৰত পুৱা পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন কৰি জয়মতী উদ্যানত 
সভাত শশাংক নেওগ,বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তি হৰেশ সন্দিকৈ, হেমকান্ত দিহিঙীয়া, মহেন বুঢ়াগোহাঁই, পদ্মেশ্বৰ মহন, তৰুণ গগৈ, মৃদুল শৰ্মা,লোকেশ্বৰ বৰা, ড০ কমলেশ্বৰ দত্ত প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট বক্তাই গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। মহাবীৰ লাচিত বৰফুকনৰ বীৰত্ব,ত্যাগ, কৰ্তব্যনিষ্ঠা আদিৰ স্বীকৃতি আজি পৰ্যন্ত যথাৰ্থৰূপত হোৱা নাই বুলি সকলোৱে একমত পোষণ কৰে। লাচিত দিৱসটি সকলোৱে মিলি যেনেদৰে উলহ-মালহেৰে উদযাপন কৰিব লাগিছিল,তাৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰা হৈছে। সভাপতিৰ মন্তব্যত ড০ ভাৰতী দত্তই বীৰ লাচিতে তাহানিতে সৈন্যবাহিনীক সংগঠিত কৰা আৰু পৰাক্ৰমী মোগলক শৰাইঘাটৰ ৰণত হৰুৱাৰ বাবে নৌযুদ্ধৰ কৌশল অৱলম্বন কৰিছিল সিয়ে তেওঁৰ অসীম দূৰদৰ্শীতাৰ পৰিচয় দিছিল।দেশপ্ৰেমিক , মহাবীৰ গৰাকীৰ জন্মদিনটিত বন্ধ নিদি বিদ্যালয়,মহাবিদ্যালয় আদিত জন্মদিন উদযাপন কৰা,তেওঁৰ নামত সীমা সুৰক্ষা বাহিনীৰ নাম ৰখা,জাতি, ধৰ্ম,বৰ্ণ,সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে একেলগহৈ দেশপ্ৰেমিক ,মহাবীৰগৰাকীৰ জন্ম জয়ন্তী উদযাপন কৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তেওঁৰ আদৰ্শ , কৰ্মৰাজিৰ প্ৰচাৰ,প্ৰসাৰ আৰু অধিক হ’ব লাগে বুলি একমত পোষণ কৰা হয় ।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মঞ্চৰ সম্পাদক দুৰ্লভ গগৈয়ে। গন্ধেশ্বৰ চমুৱাৰ পৰিচালনাত তাই কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে গীত-মাত পৰিৱেশন কৰে।এটি তাই ভাষাৰ গীত পৰিৱেশন কৰে কনচেং চাংমাই আৰু মনচেং চাংমাই।শলাগৰ শৰাই আগবঢ়াই নৱ গগৈয়ে প্ৰদানকৰাৰপিছত জাতীয় সংগীত পৰিৱেশনেৰে সভা অন্ত পৰে।