নগাঁৱৰ কামপুৰ-যমুনামুখৰ চাংজুৰাইত বন্যহস্তীৰ মৃত্যুস্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
নগাঁও,
আজি ৰেৱতী মোহন ফাউণ্ডেচনৰ উদ্যোগত নগাঁও জিলাৰ কামপুৰ-যমুনামুখৰ চাংজুৰাইত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত হাতীকেইটাৰ আত্মাৰ চিৰশান্তি কামনা কৰি মাংগলিক কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰা হয়। মন্ত্ৰ বিধানেৰে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰেৱতী মোহন ফাউণ্ডেচনৰ হৈ যুৱ নেতা-সমাজকৰ্মী বিভূতি ভূষণ বৰঠাকুৰৰ লগতে বহু সংখ্যক প্ৰকৃতিপ্ৰেমী লোক উপস্থিত থাকে। উল্লেখ্য যে যোৱা ২০ ডিচেম্বৰৰ পুৱতি নিশা কামপুৰ-যমুনামুখৰ মাজৰ চাংজুৰাইত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত কৰুণ মৃত্যুক সাবটি লৈছিল ৮টাকৈ বন্যহস্তীয়ে। স্মৰ্তব্য যে ২০১৬ চনতো চাংজুৰাইৰ পৰা ৩ কিল’মিটাৰ নিলগত পোৱালি হাতীসহ ৫টাকৈ হাতীয়ে ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক সাবটি লৈছিল ।