...

স্বাভাৱিক পৰিৱেশ ঘূৰি আহিছে কোকৰাঝাৰত!

Spread the love

 

স্বাভাৱিক পৰিৱেশ ঘূৰি আহিছে কোকৰাঝাৰত!

 

কোকৰাঝাৰত সেনাৰ ফ্লেগমার্চ
মৃতকৰ পৰিয়ালক ২০ লাখ টকা ক্ষতিপূৰণৰ দাবী এবছুৰ

*গুৱাহাটী:*

কোকৰাঝাৰ জিলান কারীগাঁও এলেকাত উত্তপ্ত হৈ থকা পৰিৱেশ আজি সুস্থিৰ হৈছে। যোৱা ৩৬ ঘণ্টাৰ বিভীষিকাময় পৰিস্থিতিৰ পিছত
জিলাখনত পৰিবেশ শান্ত হৈ পৰিছে যদিও ভিতৰি ভিতৰি এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে। আতংকময় পৰিৱেশৰ পিছত বড়ো আৰু আদিবাসী উভয় সম্প্রদায়ৰ ৬৮০টা পৰিয়ালৰ ২,৯২৯জন লোকে এতিয়া আশ্রয় শিবিৰত অনিশ্চিত ভবিষ্যতৰ কথা ভাবি ভাগ্যক ধিয়াই চকুলো টুকিছে। কোকৰাঝাৰৰ কাৰীগাঁও এলেকাত পাঁচটা আশ্রয় শিবিৰ খোলা হৈছে আৰু ইয়াৰে চাৰিটা শিবিৰত বড়ো সম্প্রদায়ৰ লোকসকলে আশ্রয় গ্রহণ কৰিছে। আনহাতে কাৰীগাঁও হাইস্কুলত আদিবাসী সম্প্রদায়ব ৯৯টা পৰিয়ালৰ শিশু, মহিলা, বৃদ্ধকে ধৰি ৪৬৩গৰাকী লোকে আশ্রয় গ্রহণ কৰিছে। ইপিনে গৌজানপুৰী-আমিনপাৰা এলপি স্কুলৰ খেলপথাৰ, হলদিবাৰী এলপি স্কুল, ৬নং বাঁশবাৰী এলপি স্কুল আৰু আউডাং বজাৰত থকা চাৰিটা বড়ো সম্প্রদায়ৰ শিবিৰত ২৪৬৬গৰাকী লোকে আশ্রয় গ্রহণ কবি আছে। ইয়াৰে গৌজানপুৰী-আমিন পাৰা এলপি স্কুলৰ খেলপথাৰত থকা বড়ো সম্প্রদায়ৰ লোকসকলে মুকলি আকাশৰ তলত আশ্রয় গ্রহণ কবি আছে আৰু শীতৰ পৰা পৰিত্ৰাণ পাবলৈ দখনা টানি লৈছে। উল্লেখ্য যে কালি কাৰীগাঁও এলেকাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছত কালি সেনাই অঞ্চলটোত ফ্রেগমার্চ কৰে। জিলা আযুক্ত পংকজ চক্ৰবৰ্তীয়ে সদৰী কৰা মতে, সেনা বাহিনীৰ এটা কোম্পানী কোকৰাঝাৰত উপস্থিত হৈছে আৰু ৰেপিড একচন ফ’র্চো উপস্থিত হৈছে। যিমানদুৰ সম্ভব অতি সোনকালে আশ্রয় শিবিৰত থকা লোকসকলক নিজ নিজ ঘৰলৈ পঠিওৱা হ’ব বুলিও মন্তব্য কৰিছে জিলা আযুক্ত পংকজ চক্রবর্তীয়ে। আনহাতে অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান (আইন শৃংখলা) অখিলেশ সিং আৰু বিটিচিৰ আৰন্ধী মহাপৰিদৰ্শক বিবেকবাজ সিন্তেই কাৰীগাঁও এলেকাত থকা আশ্রয় শিবিৰসমূহ পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ লোবাৰ লগতে আশ্রয় শিবিৰত থকা লোকসকলৰ অভাৱ-অভিযোগৰ বুজ লয়। আশ্রয় শিবিৰত থকা লোকসকলে অভিযোগ কৰা মতে, প্রশাসনে দুদ্ধার্যমূলক ঘটনাসমূহ চলি থকাৰ সময়ত কোনোধৰণৰ কার্যব্যৱস্থা নোলোৱাৰ বাবেই ঘটনাই অধিক ভয়ংকৰ ৰূপ ল’লে। প্রশাসনৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰি আশ্রয় শিবিৰত থকা একাংশ লোকে অতিশীয়ে ক্ষতিপূৰণ আৰু পুন্যসংস্থাপনৰ দাবী জনাইছে। তদুপৰি জীৱন, সা-সম্পত্তিৰ সুৰক্ষা-নিৰাপত্তা বিচাৰিছে ভুক্তভোগী লোকসকলে। দুয়ো জনগোষ্ঠীৰ ঘৰ-বাৰী জুলি ছাই হোৱাৰ লগতে দুয়ো জনগোষ্ঠীৰ সা-সম্পত্তি, নথি-পত্র জ্বলি ছাই হৈছে বুলি মন্তব্য কৰি আশ্রয় শিবিৰত থকা একাংশ লোকে সম্ভানব এডমিট পর্যন্ত জ্বলি ছাই হোৱাত পৰীক্ষার্থীসকল সমস্যাত পৰিছে বুলি উল্লেখ কৰে। এনে এক পৰিবেশৰ মাজতে কাৰীগীও আশ্রয় শিবিৰত এগৰাকী প্রসূতিয়ে সন্তান জন্ম দিয়ে আৰু প্রসূতি আৰু নৱজাতকক প্রশাসনে চিকিৎসালয়ত ভর্তি কৰে। তদুপৰি আন এগৰাকী আহত লোককো প্রশাসনে চিকিৎসালয়ত ভর্তি কৰে। প্রচণ্ড ঠাণ্ডাৰ পৰিপ্রেক্ষিতত আশ্রয় শিবিৰত থকা শিশু, মহিলা, কণীয়া, বৃদ্ধ লোকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু অন্ন-বস্ত্র-বাসস্থানৰ অভাৱত আশ্রয় শিবিৰত থকা লোকসকলৰ দূর্ভোগৰ সীমা নোহোৱা হৈছে। এনে এক পৰিস্থিতিৰ মাজতে কালি আশ্রয় শিবিৰসমূহ পৰিদর্শন কৰে মন্ত্রী উখাও গৌবা ব্রহ্মা, এবছৰ সভাপতি দ্বীপেন বড়ো, আছা, চাওতাল সস্থাৰ নেতৃবর্গ, ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাজাবীন নেতৃত্বত ইউপিপিএলৰ প্রতিনিধি দল এটাই। তদুপৰি বিভিন্ন দল-সংগঠনৰ নেতৃবর্গও পৰিস্থিতিৰ বুজ ল’বলৈ আৰু শাস্তিৰ বাণী লৈ আশ্রয় শিবিৰসমূহ পৰিদৰ্শন কৰে। ইপিনে আশ্রয় শিবিৰসমূহ পৰিদৰ্শন কৰি মন্ত্রী উর্গাও গৌবা ব্রহ্মই কয় যে সমগ্র ঘটনাটো দুর্ভাগ্যজনক আৰু চৰকাৰ-প্রশাসন শাস্তি ঘূৰাই অনাৰ চেষ্টাত ব্রতী হৈছে। সংঘর্ষ যাতে বিয়পি নাযায় তাব ব্যবস্থা গ্রহণ কৰা হৈছে আৰু বর্তমান অঞ্চলটোত শাস্তি বিৰাজ কৰিছে। কিহৰ বাবে ঘটনাটো সংঘটিত হ’ল তাল তদন্ত চৰকাৰে কৰিব বুলি মন্তব্য কবি উত্থাও গৌৰা ব্রহ্মই কয় যে পুৰণিকালৰে পৰা কাৰীগাঁও অঞ্চলত বড়ো আৰু আদিবাসী সম্প্রদায়ে মিলাপ্রীতিৰে বসবাস কৰি আহিছিল। কালিৰ ঘটনাটো স্থানীয় লোকে বিচৰা নাছিল, কিন্তু বাহিৰৰ পৰা একাংশ লোকে আহি কৰা বুলি অভিযোগ আছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি চৰকাৰে সেই বিষয়তো তদন্ত কৰিব বুলি মন্তব্য কৰিছে উত্থাও গৌবা ব্রহ্মই। বর্তমান শাস্তি ঘূৰাই অনা আৰু পাৰস্পৰিক বুজাবুজি, ভাতৃত্ববোধ বর্তাই ৰখাটো অতীব প্রয়োজনীয় আৰু এই বিষয়ত এবছু, আছা, চাওতাল ছাত্র সস্থা, সাহিত্য সভা আৰু আন জাতীয় সংগঠনসমূহে নিৰৱচ্ছিন্নভাবে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে বুলি মন্তব্য কৰে মন্ত্রী উত্থাও গৌবা ব্রহ্মাই। তদুপৰি আশ্রয় শিবিৰসমূহত পর্যাপ্ত পৰিমাণে ৰেচন যোগান ধৰিবলৈ নির্দেশনা দিয়া হৈছে বুলি সদৰী কৰিছে মন্ত্রী ঊর্থাও গৌৰা ব্রহ্মই। আনহাতে এবছৰ সভাপতি দ্বীপেন বড়োৱে আশ্রয় শিবিৰসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ শান্তিৰ হকে কাম কৰিবলৈ সকলোবে প্রতি আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *