...

নগাঁৱৰ হুজ কৈৱৰ্ত গাঁৱত আৰক্ষীৰ অভিযান

Spread the love

 

 

নগাঁৱৰ হুজ কৈৱৰ্ত গাঁৱত আৰক্ষীৰ অভিযান

 

আৰক্ষীৰ জালত কিডনী ব্যৱসায়ৰ লগত তিনি অপৰাধী

 

নগাঁও:-

নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত হুজ কৈৱৰ্ত গাঁৱত দৰিদ্ৰতা আৰু মাদক দ্ৰব্যৰ কৰাল গ্ৰাসত পৰি একাংশই কিডনী বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পাছতেই নগাঁও কিডনী ব্যৱসায়ৰ লগত জড়িত চক্ৰটোৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষী। কালি নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশত নগাঁও আৰক্ষীয়ে গাঁওখনত অভিযান চলায়। আৰক্ষীয়ে কিডনী ব্যৱসায়ৰ লগত জড়িত গাঁওখনৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ আৰক্ষী থানালৈ লৈ আনে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক তিনিজন হৈছে–ধৰণী দাস ওৰফে বগামুলা,মহেন্দ্ৰ দাস আৰু দ্বীপ দাস । সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে জেৰা অব্যাহত ৰাখিছে । এই বিষয়ে ধৃত লোক কেইজনে বিশেষ কথা সদৰি কৰা নাই যদিও বাইহাটা চাৰিআলিৰ হাজৰিকা আৰু গুৱাহাটীৰ দাউলাগাপু উপাধিৰ দুজন মানুহৰ নাম উল্লেখ কৰিছে। উল্লেখ যে,এটা দালাল চক্ৰৰ জৰিয়তে গাঁওখনৰ পৰা কিডনী সৰবৰাহ হৈ আছে। স্থানীয় সূত্ৰৰ মতে মাদকদ্ৰব্য সেৱন কৰি আৰ্থিকভাবে কোঙা হোৱা গাঁওখনৰ লোকসকলে নিজৰ মূল্যবান কিডনী বিক্ৰী কৰিবলৈ বাধ্য হৈছে। এটা কিডনী ব্যৱসায়িক চক্ৰই কমিচনৰ টোপ দি গাঁৱৰে একাংশ দালালৰ জৰিয়তে এই লোক সকলক কলিকতালৈ নি তিনি বা পাঁচ লাখ টকাত কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰায়। কোনোজনে কিডনী বিক্ৰী কৰি লাভ কৰা ধন খৰচ কৰি শেষ কৰাৰ পিছত নিজৰ পত্নীৰ কিডনী বিক্ৰী কৰিবলৈ কুণ্ঠাবোধ নকৰে বুলি চৰ্চা হৈছে। গাঁওখনৰ মহিলাসকলে ইয়াৰ বিৰুদ্ধে মাত মাতিলেই এই ব্যৱসায়ৰ লগত জড়িত একাংশ লোকে বিভিন্ন অশ্লীল গালি-গালাজ পৰাত কিছুদিন মহিলা সকল নিশ্চুপ হৈ আছিল। মহিলাসকলে বিভিন্ন সময়ত নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষীক অভিযোগ দি আহিছিল যদিও তেওঁলোকে বিশেষ গুৰুত্ব দিয়া নাছিল। শেহতীয়াকৈ গাঁওখনৰ মহিলা গাঁওৰক্ষী বাহিনীয়ে মাদক দ্ৰব্যৰ বিৰূদ্ধে আয়োজন কৰা সজাগতা সভাত কিডনী বিক্ৰী কৰাৰ বিষয়টো পোহৰলৈ আহে। এই বিষয়টো প্ৰচাৰ হোৱাৰ পিছত নগাঁও আৰক্ষী তৎপৰ হৈ কিডনি চক্ৰৰ বিৰুদ্ধে অভিযান চলায়‌। উল্লেখ্য যে,২০২১ চনতো আৰক্ষীয়ে কিডনী ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে অভিযান চলাই কেবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল। গাঁওখনৰ গাঁও প্ৰধান দীপু দাসে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে কেইবাবছৰ ধৰি ইয়াত এই কাৰ্য চলি আছে। দান কৰাৰ চলেৰে ইয়াৰ একাংশ লোকে দালালৰ জৰিয়তে কিডনী বিক্ৰী কৰি আহিছে। আমি বাধা দিলেও তেওঁলোকে নামানে। তেওঁ লগতে কয় যে গাঁওখনৰ এটা পাঁচজনীয়া পৰিয়ালৰ তিনিজনেই কিডনী বিক্ৰী কৰিছে। এখন পংগু সমাজ গঢ় লৈ উঠিছে। আমাৰ গাঁওখন সুস্থ সবল গাঁও হিচাপে গঢ়ি তুলিব বিচাৰোঁ বুলি উল্লেখ কৰি তেওঁ এইক্ষেত্ৰত প্ৰশাসন আৰু আৰক্ষীৰ সহযোগিতা বিচাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *