...

খোৱাং সমষ্টিত শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

Spread the love

খোৱাং সমষ্টিত শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

 

তীব্ৰ প্ৰত্যাহবানৰ সন্মুখীন চক্ৰধৰ গগৈ
পৰিৰ্বতন নে ? অপৰিৰ্বতিত ?

চাইন অন ডেস্ক:

অসম বিধানসভাৰ ৮৯নং নৱগঠিত খোৱাং সমষ্টিত আগন্তুক নিৰ্বাচনৰ বাবে শাসকীয় বি জে পি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈ, বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু নিৰ্দলীয় প্ৰাৰ্থী বিজু দুৱৰাই বৰ্তমান নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। উল্লেখ্য যে নৱগঠিত খোৱাং সমষ্টিটোত বি জে পি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে চক্ৰধৰ গগৈয়ে ইতিমধ্যে সমষ্টিটোৰ সোতৰ খন গাওঁ পঞ্চায়তৰ অন্তৰ্গত বি জে পি খোৱাং, লৰুৱা আৰু বৰবৰুৱাৰ মণ্ডলৰ নেতৃত্বৰ সৈতে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ প্ৰচাৰত নামি পাৰিছে। আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে সমষ্টিটোৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰত নামি পাৰিছে।বিগত ২০১৬চনৰ পৰা বি জে পি মিত্ৰজোঁটৰ চৰকাৰৰ দখলত থকা খোৱাং সমষ্টিটোত বি জে পি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে দলীয় নেতৃ স্থানীয় নেতা সকলৰ সৈতে সমগ্ৰ সমষ্টিটোৰ বুথ সমিতিৰ লগত শক্তিশালী ৰূপত দলীয় মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। ইফালে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে খোৱাং সমষ্টিৰ পৰা বিজু দুৱৰাই যুদ্ধকালীন তৎপৰতাৰে নামি পৰা পৰিলক্ষিত হৈছে আৰু প্ৰকাৰন্তে জন সমৰ্থন আদায় কৰিবলৈ ৰণকৌশল অব্যাহত ৰাখিছে। শাসকীয় বি জে পি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈ , বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু নিৰ্দলীয় প্ৰাৰ্থী বিজু দুৱৰাই যুদ্ধকালীন তৎপৰতাৰে নামি পৰা নিৰ্বাচনী প্ৰচাৰে সমষ্টিটোত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। প্ৰকাৰন্তে নৱগঠিত খোৱাং সমষ্টিত বি জে পি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে ইতিমধ্যে কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰা দেখা গৈছে। আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে সমষ্টিটোৰ বহু কেইখন নিৰ্বাচনী প্ৰচাৰ সভাত অসম জাতীয় পৰিষদৰ খোৱাং সমষ্টিৰ প্ৰাৰ্থী হিচাপে সমষ্টিটোৰ জন সমৰ্থনে সমষ্টিটোৰ পৰা জয়ী হ’ব বুলি প্ৰকাশ কৰিছে।শাসক আৰু বিৰোধীৰ দুই গৰাকী প্ৰাৰ্থীৰ দৰেই সদ্য কংগ্ৰেছ দল ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অবতীৰ্ণ বিজু দুৱৰাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত নামি পাৰিছে। বি জে পি দলে দলীয় সাংগঠনিক শক্তিৰে সমষ্টিটোত দলীয় প্ৰাৰ্থী গৰাকীক জয়ী কৰোৱাৰ মানসেৰে সমগ্ৰ সমষ্টিটোৰ তিনিটা মণ্ডলৰ নেতৃত্ব, পৃষ্ঠাপ্ৰমূখ,বুথ সমিতিয়ে তৎপৰতা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। আনহাতে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ কং(ই),অসম জাতীয় পৰিষদ খোৱাং সমষ্টি সমিতি, জাতীয় যুৱ শক্তি আদিয়ে প্ৰাৰ্থী গৰাকীক জয়ী কৰাৰ উদ্দেশ্যে ঐক্যবদ্ধ হৈ প্ৰচাৰত নামি পাৰিছে। প্ৰকাৰন্তে নৱগঠিত খোৱাং সমষ্টিত শাসক আৰু বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ পৰা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *