...

কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰীৰ অসুস্থতা

Spread the love

কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰীৰ অসুস্থতা

স্পষ্টীকৰণ ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ

এয়া নহয় কোনো অচিন ৰোগ

ভাইৰেল সংক্ৰমণৰ সন্দেহ স্বাস্থ্য বিভাগৰ

 

চাইন অন ডেস্ক:

কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ মুঠ ২৭ গৰাকী ছাত্ৰীয়ে ১,২ আৰু ৩ ছেপ্টেম্বৰত বমিৰ প্ৰৱণতাৰ সৈতে মূৰৰ বিষ, জ্বৰ, পেটৰ বিষত আক্ৰান্ত হৈ চিকিৎসা আৰু পৰ্যবেক্ষণৰ বাবে চাবুৱাৰ এম জি মডেল হাস্পতালত ভৰ্তি হয় । এই ঘটনাৰ খবৰ পোৱা মাত্ৰকে স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম বা RBSK কাৰ্যসূচীৰ পানীতোলা গোট আৰু বিছমাইল আয়ুষ্মান আৰোগ্য মন্দিৰৰ স্বাস্থ্য কৰ্মীৰ দলে বিদ্যালয় খনৰ ছাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা (SCREENING) সম্পন্ন কৰে । আৱাসিক বিদ্যালয় খনৰ ছাত্ৰীসকলৰ অসুস্থতাৰ সন্দৰ্ভত পানীতোলা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ে এক প্ৰতিবেদন দাখিল কৰে। । উল্লেখযোগ্য যে, স্বাস্থ্য পৰীক্ষাৰ বাবে পানীতোলা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা যোৱা স্বাস্থ্য কৰ্মীৰ দলে বিদ্যালয় খনৰ পৰিৱেশ অস্বাস্থ্যকৰ বুলি প্ৰতিবেদনত প্ৰকাশ কৰে । এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ পৰ্যবেক্ষক তথা চিকিৎসাকাৰী দলটিয়ে পানীতোলা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াক দিয়া প্ৰতিবেদনত কেতবোৰ সম্ভাৱ্য পৰামৰ্শ যেনে- ছাত্ৰীনিবাসত দুখন বিচনাৰ মাজত পৰ্যাপ্ত ঠাইৰ ব্যৱস্থা কৰা,পৰ্যাপ্ত পৰিমাণৰ ক্ৰছ ভেণ্টিলেচন ব্যৱস্থা উপলব্ধ কৰা,ডাইনিং হলত হাত ধোৱাৰ বাবে বেচিনৰ ব্যৱস্থা কৰা, খোৱাপানীৰ বাবে উপযুক্ত পৰিশোধন ব্যৱস্থা স্থাপন কৰা, উপযুক্ত নলা- নৰ্দমাৰ ব্যৱস্থা কৰা, প্ৰাদুৰ্ভাৱ শেষ নোহোৱালৈকে প্ৰতিষ্ঠানটো সাময়িকভাৱে বন্ধ ৰখা তথা চেনিটাইজেচনৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে। আনহাতে, ঘটনাৰ মূল কাৰণ নিৰ্ণয়ৰ উদ্দেশ্যে আৱাসিক বিদ্যালয় খনৰ পানী ৰ নমুনা সংগ্ৰহ কৰে স্বাস্থ্য বিভাগৰ দলে ।তদুপৰি ডিব্ৰুগড়ৰ পৰা খাদ্য সুৰক্ষা বিষয়াৰ দলো ঘটনাৰ বুজ ল’বলৈ আৱাসিক বিদ্যালয় খনত উপস্থিত হৈ খাদ্যৰ নমুনা সংগ্ৰহ কৰে । একেদৰে , প্ৰতিৰোধী ব্যৱস্থা হিচাপে ফগিং কৰা হয় আৱাসিক বিদ্যালয় খনৰ চৌহদত। তদুপৰি মেলেৰিয়া SLIDE ও লোৱা হয় আৱাসিক ছাত্ৰী সকলৰ ।উল্লেখযোগ্য যে, পানীতোলা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ তৰফৰ পৰা এই ঘটনা সন্দৰ্ভত প্ৰকাশিত প্ৰতিবেদনত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অৱস্থা উন্নত কৰি ছাত্ৰীসকলৰ স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোকপাত কৰা হৈছে। পৰামৰ্শসমূহ কাৰ্যকৰী কৰিলে ভৱিষ্যতে এনেধৰণৰ ঘটনাসমূহ লাঘৱ কৰাত সহায়ক হ’ব আৰু ছাত্ৰীসকলৰ বাবে এক সুস্থ পৰিৱেশৰ সৃষ্টি হ’ব বুলি ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগ আশাবাদী । প্ৰণিধানযোগ্য যে, স্বাস্থ্য বিভাগে সংগ্ৰহ কৰা পানী আৰু খাদ্যৰ নমুনাৰ
পৰীক্ষাৰ ফলাফল লাভ কৰিলে ঘটনাৰ সঠিক কাৰণ পোহৰলৈ আহিব যদিও কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ এই ঘটনা বিভিন্ন মহলত “অচিন ৰোগ” বুলি চৰ্চা হোৱাৰ বিপৰীতে স্বাস্থ্য বিভাগে পোৱা সমল সমূহত এই লক্ষণ সমূহ ভাইৰেল সংক্ৰমণৰ লক্ষণৰ সৈতে মিল থকাৰ পৰিপ্ৰেক্ষিতত এয়া এক ভাইৰেল সংক্ৰমণৰ ঘটনা বুলি স্বাস্থ্য বিভাগে সন্দেহ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *