...

ডিব্ৰুগড় জিলা দবা সন্থাৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

Spread the love

ডিব্ৰুগড় জিলা দবা সন্থাৰ সোণালী জয়ন্তীৰ  সামৰণি অনুষ্ঠান

 

ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত

চাইন অন ডেস্ক:

১৯৭৩ চনতে জন্মগ্রহণ কৰা ‘ডিব্ৰুগড় জিলা দবা সন্থা’ই স্বকীয় মর্যাদা অক্ষুণ্ণ ৰাখি দবাৰ প্ৰচাৰ-প্ৰসাৰ আৰু উত্তৰণৰ বাবে ভিন্ন কাৰ্যপন্থা হাতত লৈ দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে গৌৰৱোজ্জ্বল ৫০টা বছৰ অতিক্ৰম কৰিলে। এই জয়যাত্ৰাক অধিক সোণসেৰীয়া কৰি তুলিবলৈ আৰু ডিব্ৰুগড় জিলা দবা সন্থাৰ স্বর্ণময় ইতিহাস সমুজ্জল ৰূপত দাঙি ধৰাৰ মানসেৰে ২০২৪-২৫ বৰ্ষটোত বিভিন্ন সময়ত দবা খেলৰ প্ৰতিযোগিতা আয়োজন কৰি অহাৰ উপৰিও দবাৰ প্ৰচাৰ, প্ৰসাৰ আৰু উঠি অহা প্ৰজন্মৰ বাবে অনেক কাৰ্যসূচী সফলতাৰে ৰূপায়ন কৰে ২০২৪-২০২৫ চলিত মাহত। আনহাতে
সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অহা ২৫ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰ, ২০২৫ তাৰিখলৈ (৬ দিনীয়াকৈ) ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ত ‘অনুষ্ঠিত হৱ। এই বিষয়ে লাহোৱাল মহাবিদ্যালয়ত কাৰ্যসূচী সম্পৰ্কে সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি, বিশিষ্ট চিকিৎসক ডাঃ ইণ্টিকাবুৰ ৰহমান, সম্পাদক,জয়ন্ত গগৈ,ডিব্ৰুগড় জিলা দবা সন্থাৰ সভাপতি, মনোজ কুমাৰ গোঁহাইয়ে কাৰ্যসূচী বিষয়ে জনোৱা অনুসৰি ২৫ ডিচেম্বৰ, ২০২৫ বৃহস্পতিবাৰে পুৱা ৮-৩০ বজাত : বৃক্ষ ৰোপণ, পুৱা ৯-০০ বজাত : ৫০ খন পতাকা উত্তোলন, পুৱা ৯-১৫ বজাত : পুৱাৰ আহাৰ
পুৱা ৯-৪৫ বজাত : কুইজ প্রতিযোগিতা।প্রতিযোগীসকলে লিখিত পৰীক্ষাৰ বাবে পুৱা ৯-০০ বজাত উপস্থিত হ’ব লাগিব।
দিনৰ ১২০০ বজাত : মুকলি সভা। মুকলি সভাতে ডিব্রুগড় জিলাৰ দবা খেলৰ সংগঠক,দবা খেলৰ সৈতে জড়িত বিশিষ্ট ব্যক্তি সকলক সম্বর্ধনা জনাব।
আবেলি ৩-০০ বজাৰ পৰা সুধীৰ নাথ সোঁৱৰণি আন্তঃৰাষ্ট্ৰীয় ৰেটিং দবা প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ খেল আৰম্ভ হ’ব। আনহাতে
২৬ ৰ পৰা ২৯ ডিচেম্বৰত সুধীৰ নাথ সোঁৱৰণি আন্তঃৰাষ্ট্ৰীয় ৰেটিং দবা প্রতিযোগিতাৰ বাকী থকা ৰাউণ্ডৰ খেলসমূহ পুৱা ৯-৩০ বজাৰ পৰা আৰু আবেলি ৩-০০ বজাৰ পৰা অনুষ্ঠিত হ’ব। ৩০ ডিচেম্বৰ, ২০২৫ মঙ্গলবাৰে
পুৱা ৯-০০ বজাত : ১০ম ৰাউণ্ডৰ খেল অনুষ্ঠিত হ’ব আৰু আবেলি ৩-০০ বজাত : বঁটা বিতৰণী সভা আৰু স্মৃতিগ্রন্থ উন্মোচন কৰিব। কুইজ প্রতিযোগিতাৰ পুৰস্কাৰসমূহ- ১ম শ্রেষ্ঠ দল- নগদ ৫,০০০/-টকা আৰু ট্ৰফী,২য় শ্রেষ্ঠ দল- নগদ ৪,০০০/-টকা + ট্ৰফী আৰু ৩য় শ্রেষ্ঠ দলক নগদ ৩,০০০/- টকা আৰু ট্ৰফী। প্রতিযোগিতাৰ নিয়মাৱলী সমূহ, কুইজ প্রতিযোগিতাখনি ডিব্ৰুগড় জিলাৰ ছাত্র-ছাত্রীসকলৰ মাজত অনুষ্ঠিত হ’ব আৰু ডিব্ৰুগড় জিলা দবা সংস্থাৰ অন্তৰ্গত প্রতিখন আঞ্চলিক দবা সন্থাৰ পৰা চাৰিটাকৈ দলে অংশগ্রহণ কৰিব পাৰিব। লিখিত পৰীক্ষাৰ মাধ্যমেৰে ৬টা দল চূড়ান্ত প্রতিযোগিতাৰ বাবে নির্বাচিত হ’ব আৰু প্ৰতিটো দলত অধিকতম তিনিজনকৈ প্রতিযোগীয়ে অংশগ্রহণ কৰিব পাৰিব। কুইজ মাষ্টাৰৰ সিদ্ধান্তই চূড়ান্ত বুলি বিবেচিত হ’ব। সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব ডিব্ৰুগড়ৰ হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ত।

Leave a Reply

Your email address will not be published. Required fields are marked *