...

কমাৰগাঁৱত ৰাজপথত দাউ দাউকৈ জ্বলিল এখন চলন্ত বাহন

Spread the love

 

কমাৰগাঁৱত ৰাজপথত দাউ দাউকৈ জ্বলিল এখন চলন্ত বাহন

 

কথমপি প্ৰাণ ৰক্ষা চালক-কৰ্মচাৰী

মহুৰামুখ:

কমাৰগাঁও – মহুৰামুখ সংযোগী
মোহিনী ৰাজকুমাৰী পথত বৃহস্পতিবাৰে
এখন চলন্ত বাহন দাউ দাউকৈ জ্বলি উঠে। এ এছ ০৫ এ চি ৬৮৯৬ টাটা এ‌চি গাড়ীখন কমাৰগাঁও অভিমুখে আহি থকা অৱস্থাত হঠাৎ যান্ত্ৰিক বিজুতি হৈ জ্বলি উঠে৷ চালক আৰু কৰ্মচাৰী দুজনে ততালিকে বাহন খনৰ পৰা নামি জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়৷ ইপিনে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও তেতিয়ালৈ গাড়ীখনৰ সন্মুখ ভাগ জ্বলি সম্পূৰ্ণ বিধ্বস্ত হয়। কমাৰগাঁও আৰক্ষীয়েও ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ বুজ লয় আৰু গাড়ীখন নিজৰ জিম্মাত লয়৷জানিব পৰা মতে গাড়ীখন মহুৰামুখৰ অংকুৰ ভূঞাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *