...

ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানু্ঠান কাইজেন একাডেমীৰ ব্যতিক্ৰমী প্ৰয়াস

Spread the love

 

ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানু্ঠান কাইজেন একাডেমীৰ ব্যতিক্ৰমী প্ৰয়াস

আঘোণৰ সুৱাস ল’বলৈ পথাৰত নামিল এজাক ছাত্ৰ-ছাত্ৰী

 

ঢকুৱাখনা:

বিদ্যালয়ৰ সাজেৰে আঘোণীয়া পথাৰত সোণগুটিৰ সান্নিধ্য বিচাৰি পথাৰত নামিল ঢকুৱাখনাৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কাইজেন একাডেমীৰ এক অভিনৱ প্ৰয়াস। ঐতিহ্যৰ সন্ধানত সোণগুটিৰ সান্নিধ্য বিচাৰি আঘোণৰ পথাৰত নামিল ভৱিষ্যত প্ৰজন্ম।এদিনৰ বাবে শ্ৰেণীকোঠা, পাঠ্যপুথিৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক আঁতৰাই জীৱনমুখী শিক্ষা দিয়াৰ লগতে কৃষকৰ জীৱন পৰিক্ৰমা উপলব্ধি কৰোৱাৰ বাবেই শনিবাৰে শিক্ষানুষ্ঠানখনৰ একাংশ ছাত্ৰ-ছাত্ৰীক লৈ যোৱা হল নিকটবৰ্তী এখন পথাৰলৈ।স্বকীয় ঐতিহ্যৰ সুবাস বিচাৰি হাতে হাতে কাঁচি লৈ ভগামূখ গাঁৱৰ সোণোৱালী ধাননি পথাৰত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নেতৃত্বত নামি পৰিল ছাত্র-ছাত্রীসকল। অসমীয়া কৃষিজীৱি সমাজৰ বাবে যুগ যুগ ধৰি আঘোণৰ পথাৰে কঢ়িয়াই লৈ ফুৰা আবেগ তথা স্বকীয় ঐতিহ্যৰ সুৱাস বিচাৰি একাত্ম হোৱাৰ উদ্দেশ্যে স্কুলীয়া ইউনিফর্মতেই ছাত্র-ছাত্রীসকলে হাতত তুলি ল’লে ধেনুভঁৰীয়া কাঁচি আৰু সোণগুটিৰ মুঠি।হালি-জালি হাঁহি থকা পকা ধান দাই পথাৰতে মনৰ আনন্দতে গীত জুৰিলে শিক্ষাৰ্থীসকলে।কৃষি কৰ্মৰ সৈতে জড়িত ধান দোৱা, ডাঙৰি বন্ধাৰ প্ৰত্যক্ষ আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ লগতে তমাল চচা,ডাঙৰী বন্ধা, লেচেৰি বুটলা,নৰা পেঁপা সজাৰ প্ৰশিক্ষন দিয়ে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে।তাৰ মাজতে পথাৰৰ আলিত বহি ললে ৰবাব টেঙাৰ জুতি।যাৰ বাবে আঘোণৰ পথাৰত ছাত্ৰ-ছাত্ৰীসকলে মুকলি মনেৰে সময় অতিবাহিত কৰিবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰে।নৰা পেঁপাও বজালে প্ৰাণভৰি।প্ৰখৰ ৰ’দকো আওকাণ কৰি ভগামুখ পথাৰত নতুন প্ৰজন্মই ল’লে চহা জীৱনৰ সোৱাদ।উল্লেখ্য যে ২০০২ চনত স্থাপন কৰা ব্যক্তিগত খণ্ডৰ শিক্ষনুষ্ঠান কাইজেন একাডেমী,ঢকুৱাখনাই অসমীয়া সমাজৰ নৱ-প্ৰজন্মৰ পৰা বহু দূৰলৈ গতি কৰা কৃষ্টি – সংস্কৃতিৰ আৰু পৰম্পৰা সমূহৰ লগত ছাত্ৰ-ছাত্ৰীক চিনাকি হব পৰাকৈ ভিন্ন কাৰ্যসূচী বছটোৰ ভিন ভিন সময়ত ৰূপায়ন কৰি আহিছে।তাৰ মাজতে শনিবাৰে আছিল আন এক এক প্ৰয়াস।গধূৰ কিতাপৰ বোজাৰ পৰা ওলাই আহিও যে এখন পৃথিৱী আছে,এখন সমাজ আছে,এখন খাটিখোৱা অসমীয়াৰ মন আৰু দোবাহুৰ শক্তি, আছে আই-বোপাইৰ কপালৰ ঘামত গজি উঠা সোণগুটিৰ প্ৰতি হেঁপাহ সেইকথা জানি বুজি যেন ছাত্ৰ-ছাত্ৰীসকল ঘৰমুৱা হ’ল।প্ৰান্তত উলমি থাকিল এটা সমৃদ্ধ ৰঙা বেলিৰ ৰক্তিম আভা।ইফালে সকলোফালে আধুনিক জীৱনশৈলীয়ে আগুৰি ধৰাৰ সময়তে চহা খেতিয়কৰ জীৱনৰ অভিজ্ঞতা দিবলৈ বিদ্যালয়খনে লোৱা এই প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *