অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ জৰুৰী বৈঠক
চাইন অন ডেস্ক:
সদৌ অসম কৈৱর্ত যুৱ-ছাত্র সম্মিলন আৰু অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত গুৰুত্বপূর্ণ জৰুৰী বৈঠক। ডিব্ৰুগড় ডি.আৰ.ডি.এ সভাকক্ষত সদৌ অসম কৈবর্ত যুৱ-ছাত্র সম্মিলনৰ সভাপতি জয়ন্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্মিলনৰ সাধাৰণ সম্পাদক গৌৰিশংকৰ দাসে। উদ্দেশ্য ব্যাখ্যাত গৌৰীশংকৰ দাসে শাসনাধিষ্ট ড° হিমন্ত বিশ্ব শর্মা চৰকাৰখনে অনুসূচিত জাতি মূল সমস্যাসমূহৰ কথা আওকান কৰি অ-সাংবিধানিক ভাবে কেওট সম্প্রদায়ক অনুসূচিত জাতিত অন্তর্ভুক্ত কৰিবলৈ লোৱা জাতিধ্বংশী সিদ্ধান্তৰ তীব্র ভাৱে বিৰোধিতা কৰে। অনাগত দিনটো বিৰোধিতা কৰি যাব বুলি জানিবলৈ দিয়ে। তেওঁ কয়,স্বাধীনতাৰ ৭৯ টা বছৰ অতিক্ৰম কৰাৰ পাছতো আটাইতকৈ সাংবিধানিক সুবিধাৰ পৰা বঞ্চিত হৈছে কৈবর্ত সকল।
উদাহৰণ স্বৰুপে অসমৰ প্রায় সৰু-বৰ ৪০টা জাতি-জনগোষ্ঠীক উন্নয়ন পৰিষদ বা স্বায়ত্ত শাসন দি তেওঁলোকক আগবঢ়ায় নিয়াৰ বাবে চৰকাৰখনে পদক্ষেপ গ্রহণ কৰিছে। কিন্তু বর্তমান চৰকাৰখনে কৈবর্ত যুৱ-ছাত্ৰ সম্মিলনৰ দীর্ঘদিনীয়া দাবী কৈবর্ত জনগোষ্ঠীক স্বায়ত্ত শাসন বা উন্নয়ন পৰিষদ দিয়াৰ কথা এবাৰো উচ্চাৰণ নকৰিলে বৰঞ্চ মানুহখিনিক সদায় ভোটবেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰাহে দেখা গ’ল। স্বাধীনতা ৭৯ টা বছৰ অতিক্ৰম কৰাৰ পাছতো সমগ্ৰ অসমৰ গৰিষ্ঠ সংখ্যক কৈৱর্তলোকে ভূমি পট্টা নোপোৱাতো অতি দুর্ভাগ্যজনক। আজি শ’শ’ বিঘা মাটি সন্দেহজনক লোকৰ হাতত কিন্তু অসমৰ আটাইতকৈ প্রাচীন জনগোষ্ঠী কৈবর্ত সকলে ভূমি অধিকাৰ পাবলৈ সক্ষম ন’ইল? চৰকাৰখনে অতি শীঘ্রে এইসকল লোকক ভূমি পট্রা দিবলৈ দাবী জনাইছো। এটা জাতি উন্নতিৰ শীর্ষত আহিবলৈ হলে শিক্ষাই হৈছে মূলমন্ত্র। সেইবাবে চৰকাৰখনে উচ্চ শিক্ষা গ্রহণৰ বাবে অসমৰ কৈৱর্ত জনগোষ্ঠী লোকসকলৰ বাবে ৫%, শৈক্ষিক কোটা দিয়াৰ বাবে সভাই দাবী জনায়।
অসমৰ প্রতিটো বিধান সভা সমষ্টিত কৈবর্ত ভৱন আৰু সতী ৰাধিকা সাংস্কৃতিক কেন্দ্র নিমার্ণ কৰা, কৈবর্ত জনগোষ্ঠীৰ এখন বুৰঞ্জী প্ৰস্তুত কৰাৰ বাবে অসম চৰকাৰৰ পৰা এক কোটি টকা ৰাজ সাহার্য প্রদানৰ দাবী, কৈৱর্ত জনগোষ্ঠীৰ লোকসকল মৎস্য ব্যবসায়ৰ ওপৰতে নিৰ্ভৰশীল অসমৰ প্ৰতিখন জিলাত থকা মীন ম’হল আৰু মাছৰ বজাৰ সমূহ কৈবর্ত জনগোষ্ঠীৰ লোকসকলৰ বাবে সংৰক্ষিত কৰা। কৈৱৰ্ত সকলৰ যিবোৰ কীৰ্তিচিহ্ন আজিও সংৰক্ষণৰ অভাৱত হেৰাই যাব ধৰিছে সেইবোৰ চৰকাৰখনে সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰা। কৈৱৰ্ত জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল সমূহত শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপনৰ সুবিধার্থে চৰকাৰী উদ্যোগ গঢ়ি তোলাৰ বাবে কার্যকৰী ব্যৱস্থা কৰিবলৈ দাবী জনাই।
অসম বিধান সভাত অসমীয়া ভাষী কৈৱৰ্ত জনগোষ্ঠীৰ জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি বিধান সভাৰ আসন কৈৱর্ত জনগোষ্ঠীৰ বাবে কার্যকৰী কৰা আৰু লোক
সভাৰ এখন আসন অসমীয়া ভাষী কৈৱর্ত লোকসলৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকাত সংৰক্ষিত কৰাৰ লগতে স্বাধীনতাৰ ৭৯ টা বছৰৰ পাছতো অনুসূচিত জাতিৰ পৰা এজনো ৰাজ্য সভাৰ সাংসদ দিয়া ন’হল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক দাবী কৰে। তাৰোপৰি সমষ্টি পূর্ণনিধাৰণত প্রকৃততে সাংবিধানিকভারে অনুসূচিত জাতিৰ বাবে বিধান সভাৰ আসন সংৰক্ষিত হ’ব লাগিছিল ১২টা সমষ্টি। কিন্তু তাৰ পৰিৱৰ্তে দিয়া দেখা গল এটাহে সমষ্টি। উল্লেখনীয় যে প্রকৃত খিলঞ্জীয়া ভূমিপুত্রক বঞ্চিত কৰি তিনিটাকৈ সমষ্টি বর্তমান চৰকাৰখনে কর্তন কৰাহে দেখা গ’ল। এইয়া অসাংবিধানিক, গতিকে চৰকাৰখনৰ এইধৰণৰ অসাংবিধানিক কাৰ্যবোৰ বন্ধ কৰিবলৈ আজিৰ সভাই সিদ্ধান্ত গ্রহণ কৰি চৰকাৰখনক দাবী জনায় লগতে দাবী পূৰণৰ বাবে অহা ইংৰাজী ২৭ আগষ্টৰ পৰা উজনি অসমৰ প্রতিখন জিলাই জিলাই ধাৰাবাহিকভারে এক গণতান্ত্রিক কাৰ্যসূচী কৰিব বুলি সভাই সিদ্ধান্ত গ্রহণ কৰে। কৈৱৰ্ত যুৱ-ছাত্র সম্মিলন আৰু অসম অনুসূচিত জাতি যুৱ-ছাত্র সন্থাৰ দুয়োটা সংগঠনৰ বিভিন্ন জিলাৰ প্ৰতিনিধি লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰো কেইবাখনো ছাত্ৰ নেতাই অংশগ্ৰহণ কৰে।