...

ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই আনিলে জ্যোতিস্মান সন্দিকৈয়ে

Spread the love

ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই আনিলে জ্যোতিস্মান সন্দিকৈয়ে

১৪ বছৰ অনুৰ্ধৰ সৰ্বভাৰতীয় ক্ৰিকেট টুৰ্নামেণ্টৰ বাবে নিৰ্বাচিত জ্যোতিস্মান

চাইন অন ডেস্ক:

ঢকুৱাখনা সমজিলাৰ অৰ্ন্তগত চৈগুৰি গাওঁৰ মিলন সন্দিকৈ আৰু স্বপ্না সন্দিকৈৰ জ্যেষ্ঠ পুত্ৰ জ্যোতিস্মান সন্দিকৈয়ে ১৪ বছৰ অনুৰ্ধৰ সৰ্বভাৰতীয় ক্ৰিকেট টুৰ্ণামেণ্টৰ বাবে নিৰ্বাচিত হৈ সমগ্ৰ ঢকুৱাখনা লগতে ৰাজ্যবাসীলৈকো গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ সন্তোষ প্ৰকাশ কৰিছে পৰিয়াল বৰ্গ, আত্মীয় স্বজনৰ লগতে চৈগুৰি অঞ্চলবাসীয়েও ৷ সৰুৰে পৰাই ক্ৰিকেট খেলৰ প্ৰতি প্ৰৱল ধাউতি থকা জ্যোতিস্মানে ৯ বছৰ মান বয়সৰ পৰাই ঘৰৰ সন্মখৰ এখন বিদ্যালয়ৰ খেলপথাৰত লগৰীয়াৰ লগত ক্ৰিকেট খেলি দেখুওৱা পাৰদৰ্শিতাৰ বাবেই গাওঁৰ যুৱ খেলুৱৈ সকলে ঢকুৱাখনা, ঘিলামৰা, মাছখোৱা, সোণাৰি চাপৰি, মাজুলী, ধেমাজি আদিত অনুস্থিত বিভিন্ন ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা জ্যোতিস্মানক পৰিয়ালে ঢকুৱাখনা ক্ৰিকেট একাডেমিত প্ৰশিক্ষণৰ সুবিধা কৰি দিয়ে যদিও ৪ মাহ প্ৰশিক্ষণ লৈয়েই জ্যোতিস্মানে সৰ্বভাৰতীয় ক্ৰিকেট টুৰ্নামেণ্টত স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ মোবাইল ফোন আৰু টি ভিত ক্ৰিকেট খেল চাই ক্ৰিকেট খেলৰ প্ৰতি প্ৰৱল আগ্ৰহী হৈ পৰা জ্যোতিস্মানে ফেচবুক ইনষ্টাগ্ৰামত বিজ্ঞাপন পাই নিজাববীয়াকৈ ৰেজিষ্টাৰ কৰি যোৱা ৮ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুস্থিত বাছনি পৰীক্ষাত উতীৰ্ণ হৈ অহা এপ্ৰিল মাহত গুৱাহাটীত অনুস্থিত হব লগা ১৪ বছৰ অনুৰ্ধৰ সৰ্বভাৰতীয় ক্ৰিকেট টুৰ্নামেণ্ট খেলিবলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷
ঢকুৱাখনা শিক্ষাখণ্ডৰ অন্তৰ্গত ন আলি হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ জ্যোতিস্মান সন্দিকৈ এই সফলতাই বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ লগতে পৰিয়াল আত্মীয় স্বজনৰ লগতে সমগ্ৰ ঢকুৱাখনাৰ ক্ৰিড়ানুৰাগী লোক আৰু সচেতন মহলৰ গৌৰাম্বিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *