সেই অভিশপ্ত সময় ! এমাহ ধৰি গৃহবন্দী দধীয়া-লাইকাৰ জনতা !
তেজোদীপ্ত,প্ৰানোচঞ্চল যুৱক জ্যোতিষে আৰ্থিক দৈন্যতাৰ মাজতো সপোন ৰচিছিল
খৰি বিক্ৰী কৰি পোৱা ৩০০-৪০০ টকাৰে সপ্তাহত ঘৰ চলাবলগীয়া পৰিস্থিতি
যুৱ লেখক জ্যোতিষ কুমাৰ পাতিৰলৈ সন্মান
*বিভাস দুৱৰা*
জীৱনত নতুন স্বৃষ্টি কৰ্মৰাজিৰ বাবে অশেষ কষ্ট,ত্যাগ,অধ্যৱসায়ে যথেষ্ট নহয়।ইয়াৰ বাবে অপৰিসীম ধৈৰ্য,সাধনা, মনৰ দৃঢ়তা আৰু প্ৰচুৰ ইচ্ছা শক্তিৰো প্ৰয়োজন।তেনে এক দৃঢ়মনা,তেজোদীপ্ত,প্ৰানোচঞ্চল যুৱকে আৰ্থিক দৈন্যতাৰ মাজতো সপোন ৰচিছিল।সপোন দেখিছিল নিজৰ সমাজ খনক পোহৰাই তোলা,সামাজিক ব্যৱস্থাৰ উন্নয়ন সাধন কৰা।
জীৱন বোধ,সামাজিক ব্যৱস্থা,বিজ্ঞানৰ পোহৰ নেদেখা নিজে বসবাস কৰা অঞ্চলটোক বিশ্বৰ বুকুত দাঙি ধৰাৰ পণ কৰিছিল।সেয়া হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত থকা চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহৎ চৰ-চাপৰি ‘দধীয়া’।বছৰৰ অধিকাংশ সময় পানীৰ সতে সহবাস, জনতাৰ।বাৰিষা নদীৰ পানী বাঢ়িলে হৈ পৰে আৰু ভয়াৱহ পৰিস্থিতি আৰু জীৱন যাপন হৈ পৰে দূৰ্বিষহ।নাই বিশুদ্ধ খোৱাপানী-বিজুলীৰ ব্যৱস্থা।প্ৰাথমিক শিক্ষাৰ বাবেও যি শিক্ষানুষ্ঠান আছে সেয়াও তথৈৱচ।ভৰ বাৰিষা পলসে পুতি পেলায় জ্ঞানৰ পোহৰ বিলোৱা উদ্বিপ্ত কিৰণৰ

ডিব্ৰু-ছৈখোৱাৰ কাষৰ অৰণ্যৰ পৰা শুকান খৰি আনি দিনজান বজাৰত বিক্ৰী কৰি দধীয়াৰ প্ৰায় পৰিয়ালে ঘৰ চলাইছিল। শুকান খৰি বিক্ৰী কৰি পোৱা ৩০০-৪০০ টকাৰে সপ্তাহত ঘৰ চলাবলগীয়া পৰিস্থিতি হৈছিল বুলি শোকাহত হৈ স্মৃতি ৰোমন্থন কৰে লেখক পাতিৰে।
যোৱা ২৪ ডিচেম্বৰত খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্মান প্ৰদান কৰে যুৱ লেখক জ্যোতিষ কুমাৰ পাতিৰক। চাইন অনৰ সৈতে হোৱা এক বাৰ্তালাপত যুৱ লেখক পাতিৰে কয় —- অসম চৰকাৰে প্ৰথমবাৰলৈ প্ৰৱৰ্তন কৰা যুৱ লেখক সন্মান অতি প্ৰশংসনীয়। ইয়াৰ জৰিয়তে নতুন লেখক-লেখিকাসকল সাহিত্য চৰ্চাত অধিক উৎসাহিত হ’ব। মই এই সন্মানৰ বাবে নিৰ্বাচিত হোৱাত অতি আনন্দিত হৈছোঁ। মোৰ বাবে এইয়া বিৰল স্বীকৃতি।উল্লেখ্য যে ২০০৯ চনত সাংবাদিকতাৰ ক্ষেত্ৰখনত জড়িত হৈ পৰিছিল পাতিৰ।তাৰ মাজতে বিভিন্ন কাকত-আলোচনীত লিখা-মেলা কৰিবলৈ আৰম্ভ কৰে।বিশেষকৈ তেওঁ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ অভ্যন্তৰত দশক – দশক ধৰি বাস কৰি থকা দধীয়া-লাইকাৰ জীৱন সংগ্ৰামৰ বিষয়ে ধাৰাবাহিকভাৱে লিখা-মেলা কৰিবলৈ আৰম্ভ কৰে আৰু তাৰেই ফচল আছিল ২০১৭ চনত প্ৰকাশিত ‘ডিব্ৰু-ছৈখোৱাৰ বুকুত দধীয়া-লাইকাৰ ৰোদন আৰু বিপন্ন অৰণ্য’ নামৰ গ্ৰন্থখন।শেহতীয়া আন এখন গ্ৰন্থৰ কামো আৰম্ভ হৈছে পাতিৰৰ। ‘সমাজ, সাংবাদিকতা আৰু অন্যান্য’ নামৰ গ্ৰন্থখন বিগত দুটা বছৰ ধৰি চলাই থকা প্ৰস্তুতিৰ কাম ২০২৬ চনত সম্পূৰ্ণ হ’ব বুলি আশা কৰিছে লেখক গৰাকীয়ে।তেওঁৰ জীৱন সংগ্ৰামৰ বিষয়ে আলোকপাত কৰিলে ‘দধীয়া’ৰ দৰে অতি পিছপৰা আৰু দূৰ্গম অঞ্চলৰ পৰা আহি ডিব্ৰুগড়ৰ দৰে মহানগৰত সাংবাদিকতাৰ সেৱা আগবঢ়াই আহিছে।ডিব্ৰুগড় সাহিত্য সভাৰ লগতে অনেক অনুষ্ঠান-প্ৰতিষ্ঠানে, লেখক গৰাকীক ডিব্ৰুগড়ত উস্ম আদৰণি জনাই।
আজি এই শুভ ক্ষণত যুৱ লেখক গৰাকীলৈ আমাৰ ফালৰ পৰাও আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।