...

যোৰহাটত সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Spread the love

যোৰহাটত সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

নিউজ ব্যুৰʼ,নগাঁও,২৮ আগষ্ট:– অসমৰ ব্ৰাহ্মণ সমাজক একত্ৰিত কৰি সংগঠিত দিশৰ পৰা আগুৱাই নিয়াৰ মানসেৰে ২০১২ চনত গঠন হোৱা সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদে যোৰহাটত প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। অনুষ্ঠানটি কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু যোৰহাট জিলা সমিতিৰ সহযোগত আয়োজন কৰা হয়। অনুষ্ঠানৰ কাৰ্য্যসূচী আৰম্ভ হয় ঐতিহাসিক বালিগাঁৱৰ গৰখীয়া দলত জিলা সভাপতি ৰাজীৱ বৰবৰাই বন্তি প্ৰজ্বলনৰে । ইয়াৰ পাছতে যোৰহাটৰ “দগাঁও নিৰাশ্ৰয় শিশু ভৱন”ত কেন্দ্ৰীয় সভাপতি দেবাশীষ ভৰদ্বাজে পতাকা উত্তোলন কৰে আৰু আগন্তুক পৰিকল্পনা সন্দৰ্ভত কেন্দ্ৰীয় সম্পাদক নয়ন মণি শৰ্মাই বিস্তৃত তথ্য আগবঢ়ায়।‌ প্ৰতিষ্ঠা দিৱস উপলক্ষে পৰিষদৰ জ্যেষ্ঠ সদস্য অংশুমান বৰঠাকুৰ,বিৰাজ বৰকটকী,সঞ্জয় গোস্বামী আৰু সত্যজিৎ শৰ্মাই গছপুলি ৰোপণ কৰে। শিশুসকলৰ সৈতে অনুষ্ঠিত মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে মানস জ্যোতি শৰ্মা আৰু মনোজ প্ৰতীম বৰুৱাই। লগতে বক্তব্য আগবঢ়ায় ৰিম্পুল খাউণ্ড আৰু সঞ্জু বৰুৱাই ।‌ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আকৰ্ষণ আছিল সমাজসেৱী সাহিত্যিক তথা বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা কৃতী ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ তথা সু সংগঠক নিত্যৰঞ্জন বৰঠাকুৰ, পৰিসংখ্যা বিভাগৰ অৱসপ্ৰাপ্ত পৰিদৰ্শক সুশীল শৰ্মা আৰু বিশিষ্ট সমাজসেৱিকা তথা সুলেখিকা শান্তা শৰ্মাক তেওঁলোকৰ বাসগৃহত গৈ পৰিষদে সম্বৰ্ধনা জ্ঞাপন। অনুষ্ঠানতে অংশগ্ৰহণকাৰীসকলে সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদে সমাজৰ বাবে আগন্তুক সময়ত অধিক সু- সংগঠিতভাৱে কাম কৰাৰ প্ৰয়োজনীয়তা আৰু লক্ষ্য উদ্দেশ্যক লৈ আশা ব্যক্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *