...

আলফা(স্বা:)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুকলি চিঠি যুদ্ধ বিৰতিৰ নেতা জিতেন দত্তৰ

Spread the love

 

আলফা(স্বা:)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুকলি চিঠি যুদ্ধ বিৰতিৰ নেতা জিতেন দত্তৰ

 

চাইন অন ডেস্ক:

মাননীয় পৰেশ বৰুৱা মহাশয়—
সংগ্ৰামী অভিনন্দন গ্ৰহন কৰিব। আপোনাৰ কুশল কামনা কৰিলোঁ। কালি অৰুনোদয় অসমে আত্মসৰ্মপন কৰিলে । আপোনী চাগে আচৰিত হৈছে। মই আচৰিত হোৱা নাই । মই নিশ্চিত আছিলো যে সময় আৰু সুবিধা চাই এদিন ই উলাই আহিব। 2022 চনতে গোটেই লৰা বোৰ লৈ ই উলাই আহিবলৈ পৰিকল্পনা কৰিছিল। যোগাযোগ কৰিছিল আপোনাৰ বিশ্বাসী মাকুমৰ এজন প্ৰাক্তন আলফাই। মোৰ সহায় বিচাৰিছিল। মই বিশেষ উদ্যোগ লব নিবিচাৰিলোঁ। প্ৰাক্তন আলফা জনৰ অনুৰোধ মৰ্মে তেতিয়াৰ DGP ভাস্কৰ জ্যোতি মহন্ত দেৱক এই প্ৰাক্তন আলফা জনক লগ লগাই দিছিলোঁ। পিচত কি কথা হল মই নাজানোঁ। DGP ক লগ কৰি এই প্ৰাক্তন আলফা জন ডিমাপুৰৰ মিলিটেলী ইণ্টেলিজেণ্টক লগ কৰি তাত কিছু দিন থাকি নাগালেণ্ডৰ মনলৈ গৈ আলফা শিবিৰত অৱস্থান কৰে। এই বোৰ আপোনাৰ অগোচৰে হৈ আছিল। কিন্তু আপোনী এই অৰুনোদয়ৰ কথা মতে আমাক “ৰ” এজেণ্ট বনাই দিলে। আমি হেনু “ৰ” এজেণ্ট হৈ দলত কাম কৰি আছিলোঁ। কি আচৰিত ?
মহাশয় আমি 1988 চনত তেতিয়াৰ কেপ্টেন কৰদৈগুৰীৰ দীনেশ বৰুৱা চাৰৰ যোগেদি আলফাত যোগদান কৰিছিলোঁ।
পঞ্চম শ্ৰেণীত পৰি থাকোতে অসম আন্দোলনত জড়িত হৈছিলোঁ। তাৰ পৰাই আছুৰ মজিয়ালৈ আহিছিলোঁ। 1987 চনত আছুৰ পৰা উলাই আলফাৰ আৰ্দশৰ প্ৰতি আৰ্কষিত হৈ আলফাত অংশ গ্ৰহন কৰো। আৰু তেতিয়াৰ পৰাই নিস্বাৰ্থ ভাবে সশস্ৰ সংগ্ৰাম খনত নিজৰ দায়িত্ব পালন কৰি গৈছিলোঁ। 1994 ত অমৃত মিচনত গৈ বাংলাদেশ সীমান্ত ধৰা পৰি এক মাহ কোচ বিহাৰ জেলত থাকি 13 মাহ ডিব্ৰগড় কাৰাগাৰত কাৰাবাস খাতি পুনৰ আলফালৈ ঘুৰি যাও। 28 বেটেলিয়ানৰ C কোম্পানী কামাণ্ডাৰ হৈ বেটোলিয়াত টোক শক্তিশালী পৰ্যায়লৈ লৈ যোৱাৰ লগতে জাতীয় মুক্তি সংগ্ৰাম খনক এটা গতি দিবলৈ চেষ্টা কৰিছিলোঁ।
পৰৰ্বতী পৰ্যায়ত বেটেলিয়ান কামাণ্ডাৰ মৃনাল হাজৰীকাৰ গ্ৰেপ্টাৰ, প্ৰৱাল নেউগৰ গ্ৰেপ্টাৰ , ডিব্ৰু ছৈখোৱাৰ ভয়াবহ অপাৰেচন, প্ৰতি দিনে আমাৰ লৰা সংঘৰ্ষত মৃত্যু ইত্যাদিৰ ফলত এক কৌশল গত কাৰণত জেলত থকা মৃনাল হাজৰীকা আৰু প্ৰবাল নেওগৰ নিৰ্দেশ মৰ্মে আমি লৰা খিনিৰ লগত যুদ্ধ বিৰতিৰ পৰিকল্পনা কৰিছিলো। ই মোৰ নিজা সিদ্ধান্ত নাছিল। মৃনাল হাজৰিকা আৰু প্ৰবাল নেওগৰ নিৰ্দশ অনুসৰি আগবাহিছিলো। কিন্তু আপোনী সমস্ত দোষ মোৰ ওপৰত জাপি দিলে। 2 টা কোম্পানীৰ 70 ,টা লৰাৰ লগত আমি আলোচনা কৰিছিলোঁ, জাতীয় সংগঠনৰ লগত আলোচনা কৰিহে ওলাই আহিছিলোঁ। আত্মসমৰ্পন নহয় যুদ্ধ বিৰতি কৰিছিলোঁ। যাৰ বাবে অধিকাংশ অস্ত্ৰ আমি আমাৰ হাতত মজুত ৰাখিছিলোঁ। কিন্তু আপোনী আমাক বহিস্কাৰ কৰি দিলে। সংগঠনটোক কিছু শক্তিশালী কৰি আমি পুনৰ ঘুৰি যোৱাৰ পৰিকল্পনা আছিল।
যুদ্ধ বিৰতি কৰোতে মই 10 টকাও দলৰ পৰা আত্মসাত কৰি অনা নাই। অৱশ্যা 4/5 লাখ টকা হাতত আছিল। এই টকা তেতিয়া যুদ্ববিৰতিৰ প্ৰাৰম্ভিক কাম কাজত ব্যয় হৈছিল। টকা সংগ্ৰহ মই নকৰো। বিত্ত গোটে কৰে, কিমান টকা সংগ্ৰহ হৈছিল তেতিয়া মোৰ লগত থকা লৰা খিনিয়ে ভালকৈ জানে।
আত্মসাত কৰা টকাৰে ৰিৰ্জট বনোৱা নাই । 2 কোটি 50 লাখ টকা লোন লৈ ৰিৰ্জট বনাইছিলোঁ। যিটো লোন আজিও মাৰিব পৰা নোই। PWD ত এখন ফাৰ্ম পঞ্জীয়ন কৰি ৰাষ্টাৰ কাম কৰি টকা ঘটিছোঁ। এইবোৰ আলফাৰ টকা নহয়। আজিও বেংক বেলেঞ্চ 3লাখ টকাৰ ওপৰত নাই। লোন বোৰ মাৰিব পৰা নাই। সৎ ভাবে উপাৰ্জন কৰিছোঁ।
“ৰ” এজেণ্ট মই নহয়। আপোনাৰ আশে পাশে আছে। আপোনাৰ অতি বিশ্বাসী অৰুনোদয় অসমে কেতিয়াৰ পৰা কোন কোন এজেঞ্চি লগত যোগাযোগ কৰি আছিল খবৰ কৰক। কিমান টকা আত্মহাত কৰিলে খবৰ কৰক। ম্যানমাৰৰ কোন কোম্পানীত টকা invest কৰিছে খবৰ কৰক, অৰুনোদয় আৰু তাৰ পৰিবাৰে দেখোন বিলাসী গাড়ী লৈ বিপ্লৱ কৰি আছিল , আপোনী জানে নে ? কিমান জন লৰা কেৱল সন্দেহৰ ভিত্তিত আপোনাক বিপথে পৰিচালিত কৰি হত্যা কৰিলে খবৰ আছে নে ? ( আমাৰ তথ্য মতে 20 জনৰ অধিক লৰা সি সন্দেহৰ ভিত্তিত হত্যা কৰিছিল ) সি হত্যা কৰা বহু লৰাৰ পৰিয়ালে আজিও নাজানে যে সিহতৰ সন্তানটো নিৰাপদে আছে নে নাই, জীবিত নে মৃত ? তাৰ কথা মতে আপোনী মোক মৰান জনগোষ্টীৰ বহু লৰাক হত্যা কৰিলো বুলি অপপচাৰ চলাই মোক মৰান জনগোষ্টীৰ মাজত অপৰাধী সজালে। আজি কৈছো শুনক মহাশয় মই এজনো সদস্য হত্যা কৰা নাছিলোঁ। আপোনালোকে উল্লেখ কৰা সদস্য সকলৰ ঘৰত গৈ কোনে কোনে হত্যা কৰিছিল তাক তথ্য সহকাৰে দাঙি ধৰাৰ সৎ সাহস আছে।
আমি কিয় যুদ্ধ বিৰতি কৰিছিলো, সংগঠনৰ বন্দুক বোৰ কোনে চক্ৰান্ত কৰি ৰাষ্ট্ৰক জমা দিলে, যুদ্ধ বিৰতিৰ উদ্যোগ কোনে কোনে লৈছিল, আমাৰ সময়ত অৰ্থ কিমান সংগ্ৰহ হৈছিল, কোনে আত্মহাত কৰিলে, আপোনী “ৰ” এজেণ্ট বোলি কোৱা জেৰাই গাৱঁৰ দিনেশ বৰুৱাক কিয় হত্যা নকৰি আপোনাল নিৰ্দেশ কিয় অমান্য কৰিলোঁ, বাংলাদেশী বিষয়টোত আলফা নিমাত কিয় সকলো উল্লখে কৰিম পৰ্যায় ক্ৰমে।

(ফেচবুকৰ পৰা সংগৃহীত)

Leave a Reply

Your email address will not be published. Required fields are marked *