...

কিমাৰ্শ্বযম ! অদ্ভুত ! অভূতপূৰ্ব ! অবিস্বাশ্য ?

Spread the love

কিমাৰ্শ্বযম ! অদ্ভুত ! অভূতপূৰ্ব !
অবিস্বাশ্য ?

সহায়ৰ হাত আগবঢ়াই বিপদত!

প্ৰশাসনৰ ৰোষত পৰিল জীৱন চুতীয়া!

 

চাইন অন ডেস্ক:

কিমাৰ্শ্বযম ! অদ্ভুত ! অভূতপূৰ্ব !
অবিস্বাশ্য ? এয়াও সংঘটিত হৈছে এই অসম মুলুকত। সহায় কৰিবলৈ গৈ এইবাৰ প্ৰশাসনৰ ৰোষত পৰিল খোদ শাসিত দলৰেই সদস্য! এতিয়া যেন সহায়ৰ হাত আগবঢ়াই নিয়াৰ পূৰ্বেই লব লাগিব প্ৰশাসনৰ অনুমতি।অন্যথাই আপুনিও বিপদত পৰিব লাগিব।বানপানী বা আন দুৰ্যোগপীড়িত লোকক সহায় কৰিবলৈ যাবলৈ আপুনি দহবাৰ ভাবিব লাগিব। কাৰণ এইখন অসমতে এজন বিজেপি নেতাক আশ্ৰয় শিবিৰত থকা বানপীড়িতক সাহাৰ্য প্ৰদান কৰাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। বানপীড়িতলৈ সহায়ৰ হাত আগবঢ়াই বিপদত পৰিছে বিজেপিৰ এজন নেতা ।
এই ঘটনা ঘটিছে গোলাঘাট জিলাৰ সৰুপথাৰত। বান বিধ্বস্ত ৰাইজক সাহাৰ্য সামগ্ৰী বিতৰণ কৰি প্ৰশাসনৰ ৰোষত পৰিল জীৱন চুতীয়া নামৰ এজন ব্যক্তি।জানিব পৰা অনুসৰি জীৱন চুতীয়া বিজেপিৰ এজন কাৰ্যকৰ্তাও। ধনশিৰি নদীৰ বানত সৰুপথাৰৰ বিভিন্ন অঞ্চল বুৰ গৈছে। তাৰ মাজতে আশ্ৰয় শিবিৰত নিজা প্ৰচেষ্টাত সাহাৰ্য সামগ্ৰী বিতৰণ কৰিছিল স্থানীয় ব্যৱসায়ী তথা বিজেপিৰ নেতা জীৱন চুতীয়াই৷তেওঁ কিয় সহায় কৰিছে তাৰ উত্তৰ বিচাৰি কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে সৰুপথাৰৰ ৰাজহ চক্ৰ বিষয়াই ।
প্ৰশাসনৰ এনে কাৰ্যক গৰিহণা দি বিধায়ক মৃণাল শইকীয়াই ইয়াৰ আঁৰত কোনো দুৰ্বল ৰাজনৈতিক ব্যক্তি থকাৰ ইংগিত প্ৰদান কৰি কৈছে, “এনে কাম কি বেআইনী নেকি ? ইয়াৰ আঁৰত কোন ? সর্বস্বান্ত মানুহক সহায় কৰাটো কেনেকৈ প্ৰশাসনৰ বিৰুদ্ধাচৰণ হব পাৰে ? কোন দুৰ্বল মানুহে ভাবিব পাৰে এনে কথা ? ধিক এই মানসিকতা ৷” বিধায়ক শইকীয়াৰ এই মন্তব্যৰ পিছত ৰাজ্যৰ সামাজিক মাধ্যমত বিয়পি পৰে প্ৰশাসনৰ এই অদ্ভূত কাণ্ড ৷
সৰুপথাৰৰ ৬ নম্বৰ ৱাৰ্ডৰ বাসিন্দা জীৱন চুতীয়াক ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে দিয়া জাননীত কোৱা হৈছে যে যোৱা ৬ জুনত চুতীয়াই শিমলু চাপৰি প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা বান সাহাৰ্য শিবিৰত আগতীয়া অনুমতি নোহোৱাকৈ সাহাৰ্য বিতৰণ কৰিছিল ৷ আগতীয়া অনুমতি নোহোৱাকৈ কিয় বান সাহাৰ্য বিতৰণ কৰিছিল তাৰ তিনিদিনৰ ভিতৰত কাৰণ দৰ্শাব লাগে ব্যৱসায়ী জীৱন চুতীয়াই ।

Leave a Reply

Your email address will not be published. Required fields are marked *