...

ৰাষ্ট্ৰীয় যোগাসনত জগদীশ ভৰালীৰ স্বৰ্ণ

Spread the love

ৰাষ্ট্ৰীয় যোগাসনত জগদীশ ভৰালীৰ স্বৰ্ণ

এছিয়া আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ৯ খন খেলৰ ৮ খনতে পদক পাবলৈ সক্ষম

চাইন অন ডেস্ক:

মহাৰাষ্ট্ৰৰ পিমপ্রি চিনদ্রাদ ষ্টেডিয়ামত অনুষ্ঠিত অষ্টম ৰাষ্ট্ৰীয় যোগাসন প্রতিযোগিতাত স্বর্ণ পদক অর্জন কৰিছে ডিব্ৰুগড়ৰ জগদীশ ভৰালীয়ে। উল্লেখ্য যে যোৱা বছৰ ডিচেম্বৰ মাহত নগাঁৱত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ প্রতিযোগিতাতো দুটাকৈ সোণৰ পদক অৰ্জন কৰি পোনপটীয়াকৈ এই ৰাষ্ট্ৰীয় খেললৈ নির্বাচিত হৈছিল জগদীশ। একেদৰে ডিচেম্বৰত প্ৰথম ইউনাইটেড। মাষ্টাৰতো স্বর্ণ দখল কৰা জগদীশে নাচিকতো খেলিবলৈ সুযোগ লাভ কৰিছিল। বর্তমান অসম আদিত্য কাকতৰ ফটো সাংবাদিক জগদীশ ভৰালীয়ে জিলা পৰ্যায়ত সাতটা, ৰাজ্যিক পৰ্যায়ত সাতটাকৈ স্বৰ্ণ অৰ্জন কৰাৰ উপৰি উত্তক পূব ভিত্তিক এখন খেলতো স্বর্ণ আঁজুৰি আনিছে। ভৰালীয়ে এতিয়ালৈকে এছিয়া আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ৯ খন খেলত অংশ লৈ ৮ খনতে পদক পাবলৈ সক্ষম হৈছে। যোৱা বছৰ হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত স্নাইপাৰ মাষ্টাৰ গেমচটো সোণৰ পদক লাভ কৰিছিল। এইগৰাকী প্রতিভাবান খেলুৱৈয়ে এতিয়া জাপানত অনুষ্ঠিত হ’বলগীয়া ইণ্টাৰনেশ্যনেল মাষ্টাৰ গেমৰ লগতে মে’ মাহত মালয়েছিয়াত পঞ্চম এছিয়া যোগা স্পর্ছ চেম্পিয়নশ্বিপতো অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *